শেহতীয়া খবৰ
Home / আঞ্চলিক / নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ সংগঠনৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ সংগঠনৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

অসম বন্ধৰ হুংকাৰ 

জাতিৰ স্বাৰ্থত আমি মৃত্যুবৰণ কৰিবলৈ সাজু ঃ অখিল গগৈ

গুৱাহাটী  ঃ
যুটীয়া সংসদীয় সমিতিয়ে বিৰোধীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি একপ্ৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ ক্ষেত্ৰত ৰঙা দলিচা পাৰি দিয়াৰ পিছত শীতকালীন অধিৱেশনৰ শেষৰফালে কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন গৃহীত কৰি অসমীয়াৰ কফিনত শেষ গজাল মাৰিবলৈ সাজু হোৱাৰ সময়তে পুনৰ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদসহ ৭০টা সংগঠনে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সময়তে আজি গান্ধী বস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত কাইলৈৰ পৰা ৭০ সংগঠনৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট অনুষ্ঠিত হ’ব বুলি জানিবলৈ দি ৰে’লপথ, অৰ্থনৈতিক অৱৰোধেৰে কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰৰ বিৰোধিতা কৰি ৭০ সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।আনকি পুনৰ অসম বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দি বিজেপি চৰকাৰে ভোটৰ অংকতে জনজাতিকৰণ দিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’বলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি প্ৰয়োজন হ’লে অসম আৰু অসমীয়াৰ স্বাৰ্থত তেওঁলোক মৰিবলৈও সাজু বুলি হুংকাৰ প্ৰদান কৰে কৃষক নেতাগৰাকীয়ে।    ( দৈনিক গণ অধিকাৰ )