শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ডেনা, বিজয়া, বৰোদা বেংক একত্ৰীকৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ

ডেনা, বিজয়া, বৰোদা বেংক একত্ৰীকৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব একত্ৰীকৰণ

ডিজিটেল সংবাদঃ বেংক কর্মচাৰীৰ প্রবল বিৰােধিতাক আওকাণ কৰি অৱশেষত বিজয়া বেংক, ডেনা বেংক, বেংক অব বৰােদাৰ সৈতে চামিল কৰিবলৈ লােৱা সিদ্ধান্তত অনুমােদন জনাইছে কেন্দ্রীয় কেবিনেটে। বুধবাৰে অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকৰ অনুমােদনৰ কথা ঘােষণা কৰে কেন্দ্রীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে। ভাৰতীয় বেংক ব্যৱস্থাৰ ইতিহাসত তিনিটাকৈ বেংকৰ একত্ৰীকৰণৰ এই প্রক্রিয়া অভিনৱ ৰূপে চিহ্নিত হৈছে। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমক জনােৱা মতে এই প্রক্রিয়াৰ দ্বাৰা বেংকত কৰ্মৰত কর্মচাৰীসকলৰ সেৱা ব্যৱস্থাত কোনাে প্রভাৱ নপৰে। ইতিমধ্যে বেংক অব বৰােদাই বেংক দুটাৰ সৈতে একত্ৰীকৰণৰ অংশ ভাগ বাটোৱাৰাৰ প্রক্রিয়াও চূড়ান্ত কৰিছে। সেই অনুসৰি বিজয়া বেংকে প্রত্যেক ১০০০টা অংশৰ বাবে বেংক অব বৰােদাৰ পৰা ৪০২ টা ইকুইটী শ্বেয়াৰ লাভ কৰিব। আনহাতে ডেনা বেংকে প্রত্যেক ১০০০ টা অংশৰ বাবদ বেংক অব বােদাৰ পৰা ১১০ টা শ্বেয়াৰ লাভ কৰিব। কেন্দ্রীয় চৰকাৰে যােৱা বছৰ ছেপ্টেম্বৰ। মাহত বিজয়া বেংক আৰু ডেনা বেংকক বৰােদা বেংকৰ সৈতে চামিল কৰাৰ কথা ঘােষণা কৰিছিল। এই একত্ৰীকৰণৰ জৰিয়তে ভাৰতীয় ষ্টেট বেংকৰ পাছতে বেংক অব বৰােদা দেশৰ দ্বিতীয় সর্ববৃহৎ বেংকৰূপে পৰিগণিত হ’ব। এই একত্রীকৰণ কার্যকৰী হ’ব অহা ১ এপ্রিলৰ পৰা। বেংক অব বৰােদাৰ অংশীদাৰিত্বৰ প্রমাণপত্র বন্ধ হ’ব ১১৯.৪০ টকাত। আনহাতে বিজয়া বেংকৰ অংশ ইতিমধ্যে ৫১.০৫ টকাত বন্ধ হৈছে। ডেনা বেংকৰ অংশীদাৰিত্বৰ প্রমাণপত্র বন্ধ হ’ব ১৭.৯৫ টকাত।