শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / আমি সঁচাকৈ সুৰক্ষিতনে ?

আমি সঁচাকৈ সুৰক্ষিতনে ?

আজি কিছু দিনৰে পৰা বিশিষ্ট অভিনেতা নাছিৰুদ্দীন শ্বাহক নিয়মীয়াকৈ দেশপ্ৰেমৰ পাঠ পঢ়োৱা হৈছে৷ অক্ষয় কুমাৰৰ পৰা অনুপম খেৰ, মল্লোযোদ্ধা যোগেশ্বৰ দত্তই তেওঁক পাঠ দান কৰিছে, সচাঁ অৰ্থত কেনেকৈ দেশপ্ৰেমী হৈ উঠা যায়৷ কাৰণ কি ? কাৰণ হ’ল নাছিৰুদ্দীন শ্বাহে এক সাক্ষাৎকাৰত কোৱা কিছু কথা৷ উক্ত সাক্ষাৎকাৰত নাছিৰুদ্দীন শ্বাহে চিন্তা প্ৰকাশ কৰিছে যে ভাৰতৰ বৰ্ধিত সাম্প্ৰদায়িক পৰিস্থিতিত তেওঁৰ সন্তান-সন্ততিৰ সুৰক্ষাকলৈ তেওঁ চিন্তিত। তেওঁ ভয় কৰে যে উত্তৰ প্ৰদেশৰ বুলন্দচহৰত যদি এজন পুলিচ আৰক্ষীক দিন-দুপৰত হত্যা কৰা হয়, তেনেহ’লে দেশৰ আইন-শৃঙ্খলা ক’লৈ গৈ আছে?

এইখিনি কোৱাৰ বাবে তেওঁক সকলো ফালৰ পৰা আগুৰি ধৰি দেশদ্ৰোহী বুলি আখ্যা দিয়া হয়৷ কিছুমানে তেওঁক পাকিস্তানলৈ যাব কয়, আন কিছুমানে তেওঁৰ বাবে কৰাচীলৈ টিকটো কাটি দিয়ে৷ তাৰ পিছত আমাৰ চেলিব্ৰিটী দেশভক্তসকলৰ জ্ঞানদান আৰম্ভ হৈ যায়৷ তাৰ ভিতৰত আগশাৰীত থাকে কানাডাৰ নাগৰিক অক্ষয় কুমাৰ৷ প্ৰায় সময় প্ৰশ্ন উত্থাপন হয় কিয় পাকিস্তানৰ তাৰকা, সংগীত শিল্পী ভাৰতত কাম কৰাৰ সুযোগ পায়৷ কিন্তু অক্ষয় কুমাৰৰ দৰে কানাডাৰ নাগৰিক এজনে বছৰে বছৰে ভাৰতত ইমান টকা উপাৰ্জন কৰি কানাডাৰ চৰকাৰক কৰ দিয়াত এইসকলে কোনো সমস্যা নেদেখে৷

শাৰীৰ দ্বিতীয়তে দেশভক্তিৰ পাঠ পঢ়াবলৈ সাজু হৈ আছিল অনুপম খেৰ। তেওঁ নাছিৰুদ্দীন শ্বাহক প্ৰশ্ন কৰিলে যে শ্বাহৰ আৰু কিমান স্বাধীনতা লাগে। ভাৰতবৰ্ষত নাগৰিকসকলৰ সেনাধ্যক্ষ, বিভিন্ন মন্ত্ৰীক, ৰাজনৈতিক নেতাক সমালোচনা কৰাৰ অধিকাৰ আছে৷ তাৰ পিছতো স্বাধীনতা সংকীৰ্ণ হোৱা বা নিৰাপত্তাহীনতাৰ কথা কোৱাৰ হেনো কোনো দৰকাৰ নাই৷ এটা আশ্চৰ্যজনক কথা হ’ল যে কোনো মানুহে আইন-শৃঙ্খলা বেয়া হৈ অহা অৱস্থাৰ কথা কোৱাৰ লগে লগে তেওঁলোকক চবুৰীয়া দেশ পাকিস্তানলৈ যাব কোৱা হয়৷ ইয়াৰ আগতে আমীৰ খান, শ্বাহৰুখ খান, বহু সংখ্যক লেখক-বুদ্ধিজীৱীক একে কথা কৈ হুমকি দিয়া হৈছিল৷ প্ৰশ্ন উত্থাপিত হোৱা উচিত যে ভাৰতৰ দৰে দেশৰ বাবে পাকিস্তান-বাংলাদেশ কিয় আইন-শৃঙ্খলা, শান্তিৰ, সংখ্যালঘুৰ সুৰক্ষাৰ মাপকাঠী হ’ব ? কিয় আন কোনো পশ্চিমীয়া দেশৰ লগত আমি এইবোৰ ক্ষেত্ৰত ফেৰ মাৰিবলৈ চেষ্টা নকৰো৷

অনুপম খেৰ ডাঙৰীয়াই নিয়মীয়াভাৱে এই চৰকাৰৰ বিৰুদ্ধে উত্থাপিত প্ৰত্যেকটো অভিযোগ বাতিল কৰিছে কাশ্মীৰী পণ্ডিতৰ কথা ওলোটাই উত্থাপন কৰি৷ কাশ্মীৰী পণ্ডিতক জম্মু-কাশ্মীৰৰ পৰা উগ্ৰপন্থীয়ে বিতাৰণ কৰাৰ পিছত যেন ভাৰতবৰ্ষত আন কোনো অপৰাধে সংঘটিত হোৱা নাই৷ সেইবাবে প্ৰত্যেকবাৰ কোনো এজনে দেশৰ বৰ্ধিত অসহিষ্ণুতা, সাম্প্ৰদায়িকতাৰ কথা ক’লে তেওঁলোকক প্ৰশ্ন কৰা হয় কিয় তেওঁলোক শিখ গণহত্যা, কাশ্মীৰী পণ্ডিতৰ লগত হোৱা অন্যায়ৰ সময়ত একো মাত মতা নাছিল৷ পিছে সঁচাকৈয়ে তেওঁলোকে মাত মতা নাছিল নে· এই কথা প্ৰশ্ন উত্থাপন কৰাসকলেও নাজানে৷

অনুপম খেৰক স্বনামধন্য ফিল্ম এণ্ড টেলিভিছন ইন্সটিটিউট অফ ইণ্ডিয়াৰ অধ্যক্ষ বনোৱা হৈছিল৷ কিন্তু তেওঁ এবছৰ সম্পূৰ্ণ কৰাৰ আগতে নিজৰ পদৰ পৰা ৰিজাইন দিয়ে কাৰণ তেওঁ চিনেমাৰ কামলৈ আমেৰিকালৈ যাব লগা হয়৷ এতিয়া চিন্তা কৰা যাওক এই কামটো যদি কোনো মুছলমান চলচ্চিত্ৰ তাৰকাই কৰিলে হয়, তেনেহ’লেও তেওঁক দেশদ্ৰোহীৰ শাৰীত থোৱা হ’লহেঁতেন৷

সি যি কি নহওক, নাছিৰুদ্দীন শ্বাহৰ তথাকথিত বিতৰ্কিত মন্তব্যলৈ অহা যাওক৷ তেওঁ দেশৰ আইন- শৃঙ্খলালৈ চিন্তিত৷ পিছে তেওঁৰ চিন্তাৰ কোনো যুক্তিযুক্ততা আছেনে ? বুলন্দচহৰৰ ঘটনাৰ স্মৃতি এতিয়াও আমাৰ মানসপটত পৰিষ্কাৰ৷ মৃত আৰক্ষী সুবোধ কুমাৰ সিঙৰ পত্নী, পুত্ৰ এতিয়াও দোষীৰ গ্ৰেপ্তাৰিলৈ বাট চাই আছে আৰু দোষীয়ে অনায়াসে সামাজিক গণমাধ্যমত নিজকে নিৰ্দোষী বুলি কৈ ভিডিঅ’ প্ৰচাৰ কৰি আছে৷ টিভি ষ্টুডিঅ’ৰ আলোচনাত আৰক্ষীৰ ভূমিকাকলৈ প্ৰশ্ন উত্থাপিত কৰা হৈছে – যে প্ৰথমে আৰক্ষীয়ে অভিযুক্তসকল যে বজৰং দলৰ লগত জড়িত সেই কথাটো গাপ দিয়াৰ চেষ্টা কৰিছে, আৰু দ্বিতীয়তে আৰক্ষীয়ে গো-হত্যাৰ অভিযোগত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাত যিধৰণৰ তৎপৰতা দেখুৱাইছে, সুবোধ কুমাৰ সিঙৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাত তেনে তৎপৰতা দেখুওৱা নাই৷ এই আলোচনাবোৰত শাসক দল বিজেপিৰ প্ৰবক্তাই খুব সহজে কৈছে যে সকলো জীৱৰ জীৱনৰ মূল্য সমান সেইবাবে গো-হত্যাতো সমানে গুৰুত্ব দিয়া উচিত আৰু আৰক্ষীৰ এই কীৰ্তিকো বৈধ বুলি কোৱাৰ চেষ্টা কৰিছে৷

এনডিটিভিয়ে কৰা এক প্ৰতিবেদন মতে গো-হত্যাৰ অভিযুক্তৰ তালিকাত এনে মানুহৰ নাম আছে যিসকল বহু বছৰ আগতে সেই ঠাইৰ পৰা বহু দূৰত আন ঠাইলৈ গুচি গৈছে, কণ কণ দুই ভাইৰ নাম আছে যিসকলৰ বয়স দহ বছৰতকৈ কম৷ এনে অসামঞ্জস্যই বহু প্ৰশ্ন উত্থাপন কৰিছে৷ মৃত আৰক্ষীৰ ভনীয়ে আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ ভাতৃ আখলাকৰ হত্যাৰ গোচৰৰ অনুসন্ধান কৰি আছিল আৰু সেইবাবে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে৷ এনে গুৰুতৰ অভিযোগৰ উচিত তদন্ত হোৱা উচিত৷

গো-হত্যাৰ নামত মানুহৰ উন্মাদ ভিৰৰ হিংসাৰ বলি হ’ল এইবাৰ এজন আৰক্ষী বিষয়া৷ ভাৰতবৰ্ষ সকলোৰে বাবে সুৰক্ষিত – এই কথাটো তেওঁৰ পৰিয়ালে মানিব নে ? এতিয়া অহা যাওক আন এক ঘটনালৈ৷ আগ্ৰাৰ ১৫ বছৰীয়া সঞ্জলীক নিজ ঘৰৰ ওচৰতে অগ্নিদগ্ধ কৰি হত্যা কৰা হয়৷ আইপিএছ হোৱাৰ সপোন দেখা সঞ্জলীৰ মৃত্যুৰ কাৰণ হেনো তাৰে সম্পৰ্কৰ ভাতৃ এজনৰ প্ৰেম নিবেদন আৰু সেই নিবেদন সঞ্জলীয়ে নাকচ কৰা৷ আমাৰ দেশত এনে কাৰণত বহু সংখ্যক ছোৱালীৰ ওপৰত এচিড আক্ৰমণ কৰা হয়৷ ৰাজহুৱা এলেকাবোৰতো যেন নাৰী সুৰক্ষিত নহয়৷ তেনে ক্ষেত্ৰত দেশৰ সুৰক্ষালৈ প্ৰশ্ন কৰা দেশদ্ৰোহ নে ?

দেশদ্ৰোহ হ’ল দেশৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ গঠনমূলক বৰঙণি আগবঢ়োওৱাৰ ঠাইত দেশত কোনো সমস্যাই নাই বুলি কৈ থোৱা আৰু দেশৰ সমস্যাবোৰ সমাধান কৰাৰ ঠাইত দেশৰ ইমেজকলৈ চিন্তা কৰা৷ যি দেশত এতিয়াও ভাত ভাত বুলি চিঞৰি শিশুৱে মৃত্যু বৰণ কৰে, কৃষক হাজাৰ হাজাৰ কিঃমঃ পদযাত্ৰা কৰি কৃষি উৎপাদনৰ ন্যূনতম সমৰ্থন মূল্যৰ দাবী কৰে – সেই একেখন দেশত হাজাৰ হাজাৰ কোটি টকাৰ মূৰ্তি বনোৱা হয়৷ এই কথা উনুকিয়াই দিয়াজন দেশদ্ৰোহী নহয়৷ নিজৰ দেশক ভাল পাবলৈ দেশৰ চৰকাৰক ভালপোৱাটো বাধ্যতামূলক নহয়৷ বৰঞ্চ দেশক ভাল পোৱাসকলে নিৰ্ভীকভাৱে চৰকাৰৰ গঠনমূলক সমালোচনা কৰিব পাৰিব লাগিব৷

সুৰক্ষা কেৱল মৃত্যুৰ ভাবুকিৰ অনুপস্থিতি নহয়৷ আজিৰ দিনত নিৰাপত্তা-সুৰক্ষাৰ পৰিসৰ বহু বহল হৈ গৈছে৷ যেতিয়ালৈকে মানুহ ন্যূনতম শাৰীৰিক সুৰক্ষাৰ লগতে খাদ্য, পৰিষ্কাৰ খোৱা পানীৰ যোগান, শিক্ষাৰ অধিকাৰ, মানসিক উন্নতিৰ পৰিৱেশ নাপাব, তেতিয়ালৈকে মানুহ নিৰাপত্তাহীনতাত ভুগিব৷ নিজৰ মত প্ৰকাশ কৰাৰ বাবে নাছিৰুদ্দীন শ্বাহক যেনেকৈ হাৰাশাস্তি কৰা হৈছে, সেই ব্যৱহাৰে আমাৰ দেশত মতামত ব্যক্ত কৰাৰ অধিকাৰ কিমানখিনি সেই কথাটো উনুকিয়াই দিছে৷ পৰিৱেশ এনে উত্তপ্ত কৰি তোলা হৈছিল যে তেওঁ আজমেৰ লিটাৰেচাৰ ফেছটিভেলত অংশগ্ৰহণ নকৰিলে৷ পিছত এটা ভিডিঅ’ মেছেজৰ জৰিয়তে তেওঁ নিজৰ কিতাপ ঔৰ ফিৰ এক দিন উন্মোচন কৰিলে৷ যি দেশত অসহিষ্ণুতাৰ কোনো সমস্যা নাই সেই দেশত ভালেসংখ্যক সাংবাদিকে নিজৰ চাকৰি বাদ দিব লগা নহয়৷ অনুপম খেৰ ডাঙৰীয়া – আমাক এইখিনি স্বাধীনতা নিশ্চয় লাগে যে নিজৰ খাদ্য, ধৰ্ম, বিশ্বাস, মতামতৰ বাবে আমাক হত্যা কৰা নহয়, আমাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা নহয়, আমাক সামাজিকভাৱে বয়কট কৰা নহয়৷

লেখিকাৰ ফোনঃ ৮০১১৯০৩৬২৩