শেহতীয়া খবৰ
Home / আঞ্চলিক / বিগত বৰ্ষক অসমক উজ্বলোৱা কুশল চাংমাই ব্যস্ত শৰীৰ চৰ্চাতঃ লক্ষ্য মি: আৰ্ণল্ড ক্লাচিক

বিগত বৰ্ষক অসমক উজ্বলোৱা কুশল চাংমাই ব্যস্ত শৰীৰ চৰ্চাতঃ লক্ষ্য মি: আৰ্ণল্ড ক্লাচিক

শুভাশীষ শৰ্মা, যোৰহাটঃ বিদায়ী বৰ্ষটোত অসমবাসীক গৌৰম্বান্বিত কৰি বিশ্বদৰবাৰত অসমক উজ্বলাই তোলা অসম সন্তান কুশল চাঙমাই সম্প্ৰতি ব্যস্ত শৰীৰ চৰ্চাত। আন বিভিন্ন ক্ৰীড়াবিদে অসমক উজ্বলাই তোলাৰ সমান্তৰাল ভাৱে শৰীৰ চৰ্চাবিদ কুশল চাঙমায়ে বিশ্বৰ বিভিন্ন দেশত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্বলি উঠে। ৰাজ্যবাসীক গৌৰম্বান্বিত কৰি তোলা কুশল আজিও অৱহেলিত হৈ ৰল চৰকাৰৰ ঘৰত। শেহতীয়াকৈ থাইলেণ্ডৰ ৰাজধানী বেংককত অনুষ্ঠিত ১৯ সংখ্যক মি: ইউনিভাৰ্চ প্ৰতিযোগিতাত অসমৰ হৈ ভাৰতৰ দলক প্ৰতিনিধিত্ব কৰা যোৰহাটৰ কুশল চাঙমায়ে দুটা চেম্পিয়ন হৈ ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। তেওঁ প্ৰতিযোগিতা খনত অংশ গ্ৰহন কৰি চিনিয়ৰ বডী বিল্ডিং চেম্পিয়নস্বিপত অংশ লৈ অভাৰ অল চেম্পিয়ন হৈ মিষ্টাৰ ইউনিভাৰ্চ সন্মান লাভ কৰা লগতে বডী এথলেটিকচ কেটেগৰীটো অভাৰ অল চেম্পিয়ন মিষ্টাৰ ইউনিভাৰ্চ খিতাপ অৰ্জন কৰে। আনহাতে উক্ত প্ৰতিযোগিতাত গোলাপ ৰাভাৰ লগতে বিজুৰাম বসুমতাৰীয়ে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। প্ৰতিযোগিতা খনত অষ্ট্ৰেলিয়া, ইৰাণ, ইৰাক, আফ্ৰিকা, শ্ৰীলংকা, থাইলেণ্ডকে ধৰি বিশ্বৰ বিশ খন দেশৰ প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰিছিল।

বৰ্তমান গোলাঘাটৰ গোবিন্দপুৰ চাহ বাগিছাৰ পৰিচালক কুশল চাংমায়ে আছুতীয়া সাক্ষাৎকাৰত কয় যে বৰ্তমান সময়ত শৰীৰ চৰ্চা ক্ষেত্ৰ খনত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্ট ধনৰ প্ৰয়োজন। তদুপৰি আৰ্ণল্ড ক্লাচিক প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত এবছৰৰ প্ৰশিক্ষণৰ প্ৰয়োজন। এই ক্ষেত্ৰত বহু ধনৰ প্ৰয়োজন হয়। সেইবাবে অন্য খেলৰ লগতে শৰীৰ চৰ্চা খেলৰ ক্ষেত্ৰতো চৰকাৰে অৰ্থ সাহাৰ্য যোগান ধৰাৰ প্ৰয়োজনীয়তা আছে। উল্লেখযোগ্য যে শৰীৰ চৰ্চা অলিম্পিকৰ অন্তৰ্ভুক্ত নহলেও অনাগত দিনত চৰকাৰে এনেদৰে অনীহা প্ৰকাশ কৰিলে অসমৰ পৰা শৰীৰ চৰ্চা প্ৰতিযোগিতাত অংশগ্রহণৰ প্ৰতি আগ্ৰহ কমি যাব। কিয়নো শৰীৰ চৰ্চা প্ৰতিযোগিতা অত্যন্ত ব্যয়বহুল প্ৰতিযোগিতা। এই ক্ষেত্ৰত চৰকাৰৰ সদইচ্ছাৰ প্ৰয়োজনীয়তা আছে। আনহাতে শৰীৰ চৰ্চাবিদ জনে ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে কয় যে বৰ্তমান সময়ত চাহ বাগিচাৰ কামত ব্যস্ত থকাৰ বাবে প্ৰায় ছমাহ জিৰনি লব যদিও অহা চিজনত শৰীৰ চৰ্চা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিব। অসমৰ বাবে গৌৰৱ কঢ়িয়াই অনা শৰীৰ চৰ্চা বিদ জনে ঈৰ্ষনীয় সাফল্য লাভ কৰা পিছতো সংবাদ মাধ্যমত বিশেষ গুৰুত্ব নোপোৱাত হতাশ হৈ পৰিছে। অৱশ্যে ইয়াৰ বাবে তেওঁ শৰীৰ চৰ্চাৰ ক্ষেত্ৰত থমকি নৰয় বুলিও কয়। উল্লেখযোগ্য যে কুশল চাংমায়ে ইতিমধ্যে যোৰহাটৰ নতুন প্ৰজন্মক শৰীৰ চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে নিজাববীয়াকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।