শেহতীয়া খবৰ
Home / আঞ্চলিক / অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত কমিটী গঠন

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত কমিটী গঠন

  • অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত কমিটী গঠন৷
  • কেন্দ্ৰীয় চৰকাৰে আজি ঘোষণা কৰে এই উচ্চস্তৰীয় কমিটীখন৷
  • কমিটীখনৰ অধ্যক্ষতা কৰিব অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া এম পি বেজবৰুৱাই৷
  • ৯জনীয়া কমিটীখনৰ সদস্যত আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া আৰু ৰংবং তেৰাং৷
  • জ্যেষ্ঠ সাংবাদিক ধীৰেন বেজবৰুৱাৰ লগতে আছুৰ এগৰাকী প্ৰতিনিধি থাকিব এই কমিটীত৷
  • অধিবক্তা ৰমেশ বৰপাত্ৰ গোঁহাই, শিক্ষাবিদ ডঃ মুকুন্দ ৰাজবংশী আৰু অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ডঃ সুভাষ দাসো থাকিব এই কমিটীত৷
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব পৰ্যায়ৰ এগৰাকী বিষয়া এই কমিটীৰ সদস্য৷
  • ৬ মাহৰ ভিতৰত কমিটীখনে বিধানসভাত প্ৰতিবেদন দাখিল কৰিব লাগিব৷
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে আজি এই কথা ঘোষণা কৰে৷
  • উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উত্তৰ-পূবৰ দায়িত্বত আছে সতেন্দ্ৰ গাৰ্গ৷