শেহতীয়া খবৰ
Home / আঞ্চলিক / জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে তিনিচুকীয়াত উলংগ প্ৰতিবাদ

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে তিনিচুকীয়াত উলংগ প্ৰতিবাদ

সন্তোষ ফুকন, তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত বিগত কেইবামাহো ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ পিছতো কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজিও প্ৰতিবাদত কপি  উঠিছে ৰাজ্য। সোমবাৰে তিনিচুকীয়াৰ মাজমজিয়াত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই উলাই  আহি জংগী ৰূপত প্ৰতিবাদ কৰে। সমগ্ৰ তিনিচুকীয়া চহৰতে ক’লা পতাকা উত্তোলন কৰাৰ লগতে দেখা  পোৱা গ’ল ৰাজ্যত কোনোদিনে নেদেখা এক বিৰল প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ সদস্য জয়ন্ত চেতিয়াই উলংগ ৰূপত চহৰখনৰ মাজমজিয়ত সাব্যস্ত কৰে প্ৰতিবাদ।
তিনিচুকীয়াৰ থানা চাৰিআলিৰ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীয়ে আজিলৈকে কোনোদিনেই নেদেখা এই  উলংগ প্ৰতিবাদৰ জৰিয়তে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক ধিক্কাৰ জনাই । লগতে দেখা পোৱা গ’ল সদৌ অসম ছাত্ৰ সন্থাই  নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ প্ৰতিলিপি দাহ কৰে। ইফালে বাওঁ‌ গনতান্ত্ৰিক মঞ্চ, অসমৰ আহ্বানত চি পি আই এম দলে প্ৰতিবাদী অৱস্থান কাৰ্যসূচীৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  অসমৰ মুখ্যমন্ত্ৰী সৰ্বাবন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। হিমন্ত বিশ্ব শৰ্মা, সৰ্বাদন্দ সোনোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বাবন্দ সোনোৱাল মুখাপিন্ধা জাতীয় নায়ক, ৰাজ্য চৰকাৰৰ চাবি দিয়া পুতলা আদি শ্লগানেৰে আজি উত্তাল কৰি তোলে তিনিচুকীয়া চহৰ।