শেহতীয়া খবৰ
Home / ক্ৰীড়া / বিজনীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ টি- ২০ ক্ৰিকেট প্ৰতিযোগীতা

বিজনীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ টি- ২০ ক্ৰিকেট প্ৰতিযোগীতা

বাৰাণসীক হৰুৱাই চেম্পিয়ন কোকৰাঝাৰৰ দেশবন্ধু ক্ৰিকেট ক্লাবঃ বিশাল সাহালৈ মেন অব দ্য ছিৰিজৰ সন্মান

সঞ্জয়  সৰকাৰ , কাজলগাঁওঃ কোকৰাঝাৰৰ দেশবন্ধু ক্ৰিকেট ক্লাবে  চিৰাং জিলাৰ বিজনী যুৱক সংঘৰ উদ্যোগত আৰু চিৰাং জিলা আৰক্ষীৰ সহযোগত চলা টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত  চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত চূড়ান্ত খেলখনত কোকৰাঝাৰে উত্তৰ প্ৰদেশৰ বাৰাণসী জে পি চি  এক  ৩০ ৰানত পৰাজিত কৰে। প্ৰথমে  বেট ধৰি কোকৰাঝাৰে নিৰ্ধাৰিত ২০ অভাৰত বিকিৰণ দাসৰ বিস্ফোৰক বেটিঙৰ  (১৯ বলত ৪১)  সহায়ত ৬ উইকেটৰ বিনিময়ত ১৯৪ ৰান কৰে। প্ৰত্যুত্তৰত বাৰাণসীয়ে ৯ উইকেটত ১৬৪ ৰানত ইনিংছ সামৰে। কোকৰাঝাৰৰ  বিকিৰণ দাস আজিৰ খেলত মেন অব দ্য মেচৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বলাৰ বিবেচিত হয়। কোকৰাঝাৰৰে বিশাল সাহা মেন অব দ্য ছিৰিজ, গোৱালপাৰাৰ সম্বভ জৈন শ্ৰেষ্ঠ বেটচ মেন, বাৰাণসীৰ বিশ্বাস শ্ৰেষ্ঠ  উইকেট কীপাৰ, আলিপুৰৰ ঋতু কিচান শ্ৰেষ্ঠ ফিল্ডাৰ আৰু বিজনী যুৱক সংঘই ফেয়াৰ প্লে ট্ৰফীৰ সন্মান লাভ কৰে। চেম্পিয়ন দলক ট্ৰফিসহ ২৫ হাজাৰ আৰু ৰাণাৰ্ছ আপ দলক ট্ৰফিসহ ১৫ হাজাৰ টকা প্ৰদান কৰা হয়। উল্লেখ্য যে, পশ্চিমবংগ, উত্তৰপ্ৰদেশ, ভূটান আদিকে ধৰি যোৱা ২৩ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এইবেলিৰ প্ৰতিযোগীতাটোত মুঠ ২২ টা দলে যোগদান কৰিছিল।