শেহতীয়া খবৰ
Home / আঞ্চলিক / ডঃ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া নগাঁৱত 

ডঃ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া নগাঁৱত 

ডঃ গোঁহাইৰ পক্ষত ঠিয় হ’ল নগাঁৱৰ বৌদ্ধিক মহল

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১০ জানুৱাৰীঃ
ৰাজ্যখনৰ প্ৰখ্যাত বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইক দেশদ্ৰোহী সজাই আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জিলাখনত কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, লেখক, কবি-সাহিত্যিকৰ লগতে বিভিন্ন সংগঠনে চৰকাৰৰ এনে অবিবেচক কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠাৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিশিষ্ট শিক্ষাবিদ তথা সাহিত্য সমালোচক প্ৰভাত বৰাই কয়,- “ডঃ হীৰেণ গোঁহাইক সোণোৱাল চৰকাৰে গ্ৰেপ্তাৰ কৰিবলৈ যো জা কৰাটোৱেই এই চৰকাৰখন যে এক চূড়ান্ত অবিবেচকী বহুৱাৰ চৰকাৰ তাকেই প্ৰতিপন্ন কৰিছে। এই দিল্লীৰ পদলেহনকাৰী চৰকাৰখনক তথা শাসনাধিষ্ট দলটোক সাৰি পুচি অসমৰ চাৰি সীমাৰ বাহিৰত নৰ্দমাত দলিয়াই দি আমি স্বচ্ছ অসম গঢ়াৰ সময় হ’ল আৰু অসমৰ জনগণে অধিক প্ৰচণ্ড ভাৱে প্ৰতিবাদ কৰি দিল্লীৰ এই অসম আক্ৰমণ প্ৰতিহত কৰক।

” বিশিষ্ট কবি তথা অধ্যাপক জীৱন নৰহে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “স্বজাতিক প্ৰতাৰণা কৰি ৰাজপাট খোৱাতকৈ হীৰেন গোহাঁই ছাৰৰ দৰে স্বজাতিৰ হকে মাত মাতি দেশদ্ৰোহী হোৱাই হাজাৰ গুণ মঙ্গল। ডঃ হীৰেন গোহাঁইৰ বিবেক আজিলৈ কোনো ৰাজনৈতিক দলে কিনিব পৰা নাই, তেওঁ কাৰো স্তাৱক নহয়। তেওঁক পুলিচে দিয়া ‘দেশদ্ৰোহ’ৰ গোচৰ অসমীয়া মানুহৰ সততা আৰু সাহসৰ কঠিন কন্ঠস্বৰ। যি কন্ঠস্বৰে স্বজাতিৰ বিপদত বিবেকহৈ থিয়ে। ছাৰৰ প্ৰতি কৰা ষড়যন্ত্ৰ শাসক বৰ্গৰ তুলুঙা চিন্তাৰ পৰিচয়। আমি চৰকাৰক ধিক্কাৰ দিছোঁ আৰু ‘দেশ দ্ৰোহ’ত আমিয়ো ছাৰৰ লগত আছোঁ।” বিশিষ্ট লেখক-সমালোচক অৰিন্দম বৰকটকীয়ে কয়, – “ৰাজনীতি বুজা হোৱাৰে পৰা গণতন্ত্ৰতকৈ স্বৈৰতন্ত্ৰই বেছি দেখিলো। সকলোতে প্ৰতিবাদৰ মাত এটাই – হীৰেন গোহাঁই।যি এই সময়ৰ একমাত্র নিৰলোভ নেতৃত্ব। গতিকে গোহাঁই চাৰৰ বিৰুদ্ধে আৰম্ভ হোৱা চৰকাৰী ষড়যন্ত্ৰত আমি আচৰিত হোৱা নাই। ধিক্কাৰ দিছোঁ।” লেখক-অধ্যাপক ডঃ মিলন নেওগ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,” – গোহাঁই ছাৰৰ বিৰুদ্ধেে গোচৰ তৰা কথাটোয়ে চৰকাৰ যন্ত্ৰৰ চৰম স্বৈৰতন্ত্ৰকে উদঙাই দিছে৷ এটা আচলতে গণতান্ত্ৰিক সংগ্ৰামী সত্তাৰ কামিহাড় ভঙাৰ নিকৃষ্ট ষৰযন্ত্ৰ৷ আশীৰ উৰ্ধৰ গোহাঁই ছাৰৰ প্ৰতি এনে আচৰণে দেখুৱাই দিছে চৰকাৰে ছাৰলৈ ভয় কৰে, ভয় কৰে ছাৰৰ আপোচহীন ভীতিহীন গণতান্তৰিক চেতনা আৰু জনভিত্তিক৷ ৰাইজ ছাৰৰ লগত থাকিব লাগিব৷”  বিশিষ্ট বুদ্ধিজীৱি গৰাকীৰ বিৰুদ্ধে চৰকাৰে গোচৰ ৰুজু কৰাত সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, অসম প্ৰগতিশীল নাৰী সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, আমছুৰ নগাঁও জিলা সমিতিকে ধৰি বিভিন্ন সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক ধিক্কাৰ দিয়ে ।

সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়াই বিশিষ্ট বুদ্ধিজীৱি গৰাকীৰ প্ৰতি চৰকাৰে কৰা আচৰণে গনতান্ত্ৰিক ব্যৱস্থাক কুঠাৰ ঘাট কৰিছে বুলি মন্তব্য কৰে। যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সভাপতি সম্পাদক দ্বীপমণি বৰাই কয়, “চৰকাৰে গ্ৰহণ কৰা অবিবেচক কাৰ্য অকল দুৰ্ভাগ্যজনকেই নহয়, ই অতি নিন্দনীয়।” প্ৰগতিশীল নাৰী সন্থাৰ সম্পাদিকা মৃনালিনী দেৱীয়ে ডঃ গোহাঁইৰ বিৰুদ্ধে চৰকাৰে আৰক্ষী থানাত গোচৰ কৰা কাৰ্য অগণতান্ত্ৰিক আখ্যা দি চৰকাৰখনে ফেচিষ্ট চৰিত্ৰ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে। জিলাখনৰ বহু সচেতন নাগৰিক আৰু বিভিন্ন সংগঠনে ডঃ গোহাঁইৰ লগতে সাংবাদিক মনজিৎ মহন্ত, কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা কাৰ্যৰো তীব্ৰ গৰিহণা দি শীঘ্ৰেই এই গোচৰ প্ৰত্যাহাৰৰ দাবী জনাইছে।