শেহতীয়া খবৰ
Home / আঞ্চলিক / বাতিলৰ দাবীত উকীল সন্থাৰ অৱস্থান ধৰ্মঘট

বাতিলৰ দাবীত উকীল সন্থাৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম উকীল সন্থাই। গুৱাহাটী চিজিএম কোৰ্টৰ চৌহদত বিধেয়ক বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কৰে অধিবক্তাসকল। অতি শীঘ্ৰে জাতিধ্বংসী বিধেয়ক বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদী অধিবক্তাসকলে৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰে৷