শেহতীয়া খবৰ
Home / আঞ্চলিক / নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত উত্তাল যোৰহাটঃ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত নগ্ন প্ৰতিবাদ

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত উত্তাল যোৰহাটঃ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত নগ্ন প্ৰতিবাদ

ৰাজপথলৈ ওলাল অধিবক্তা

শুভাশীষ শৰ্মা, যোৰহাটঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়ত যোৰহাটতো তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ। আজি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৰহাট বাৰ লাইব্ৰেৰীৰ উকীল সন্থাই যোৰহাটৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে। নিজৰ পেচা এৰি ৰাজপথলৈ ওলাই আহি অধিবক্তা সকলে প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰি বিভিন্ন প্ৰতিবাদী শ্লগানে পৰিবেশ উত্তাল কৰি তোলে। শতাধিক প্ৰতিবাদকাৰীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এজন অকমন্য তথা দিল্লীৰ আঙুলিৰ থাৱৰত নচা পুতলা মূখ্যমন্ত্ৰী বুলি মন্তব্য কৰে।

ইফালে যোৰহাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চৌহদত ৰাজ্যৰ দল সংগঠন ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক কেয়াৰ নকৰা চৰকাৰৰ কাণ্ডত উপায়হীন হৈ নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত এজন ব্যক্তিয়ে উলংগ প্ৰতিবাদ সাব্যস্ত কৰে। যোৰহাটৰ মণ্টু দত্ত নামৰ এজন ব্যক্তিয়ে হাতত বেনাৰ লৈ নগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰে। বিধেয়ক বাতিলৰ দাবীত ব্যক্তি জনে এনে চৰম প্ৰতিবাদ সাব্যস্ত কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল বৰ্তমান অসমীয়া জাতিৰ শত্ৰু বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে বিগত তিনিটা দিনত যোৰহাটত সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে। মূখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে জে পি চিৰ সদস্য যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিকী ৰূপত ফাচি দিয়ে প্ৰতিবাদকাৰী সকলে। বিধেয়ক খন বাতিল নকৰিলে যোৰহাটৰ পৰাই এক জংগী আন্দোলনৰ সুচনা হব বুলি বিগত দিন সমূহত হুংকাৰ দি আহিছে প্ৰতিবাদকাৰী সকলে।