শেহতীয়া খবৰ
Home / আঞ্চলিক / নগাঁৱৰ বৰভেটিত বিনামূলীয়া হোমিঅ’পেথ্যিক চিকিৎসা শিবিৰ সম্পন্ন

নগাঁৱৰ বৰভেটিত বিনামূলীয়া হোমিঅ’পেথ্যিক চিকিৎসা শিবিৰ সম্পন্ন

ডিজিটেল সংবাদ, নগাঁওঃ সদৌ অসম হোমিঅ’পেথ্যিক চিকিৎসা মহাবিদ্যালয় ছাত্ৰ সন্থাই নগাঁও জিলা স্বাস্থ্য বিভাগৰ সহযোগত এক বিনামূলীয়া হোমিঅ’পেথ্যিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। নগাঁও চহৰৰ সমীপৰ বৰভেটি আলিপাৰত অনুষ্ঠিত এদিনীয়া বিনামূলীয়া হোমিঅ’পেথিক চিকিৎসা শিবিৰটি আনুষ্ঠানিক ভাবে মুকলি কৰে জিলাখনৰ কাছমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ জিয়াউৰ ৰহমানে। স্বাস্থ্য শিবিৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্যোক্তা অনুষ্ঠানৰ সভাপতি মহিদুল ইছলামে কয়,- হোমিঅ’পেথ্যিক চিকিৎসা পদ্ধতিৰ ওপৰত ৰাইজৰ আস্থা আৰু বিশ্বাস ৰখা উচিত। ইয়াৰ বাবে চৰকাৰে এই বিভাগটোক উন্নীতকৰণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উল্লেখ্য যে এই স্বাস্থ্য শিবিৰটোত দুই শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। শিবিৰত স্বাস্থ্য সেৱা আগবঢ়ায় ডাঃ মফিজুৰ ৰহমান, ডাঃ উৎপল শৰ্মা, ডাঃ পৰমজিৎ সিং, ডাঃ আব্দুৰ ৰেজাকে।