শেহতীয়া খবৰ
Home / আঞ্চলিক / বলমা আলোক যুৱক সংঘ পুথিভঁৰালত ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালা সম্পন্ন

বলমা আলোক যুৱক সংঘ পুথিভঁৰালত ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালা সম্পন্ন

বিৰাজ বৰা, কাকজানঃ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত, উত্তৰ-পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতি আৰু বলমা আলোক যুৱক সংঘ পুথিভঁৰালৰ সোণালী জয়ন্তী বর্ষ উদযাপন সমিতিৰ যুটীয়া সহযোগত বলমা অঞ্চলৰ প্ৰায় এশজন ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত শীতকালত চাহ খেতিত ল’ব লগা যতন শীৰ্ষক এটি এদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায়। এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি খেতিয়কক প্ৰশিক্ষণ আগবঢ়াই টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুখ্য সমন্বয়ক ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰৰ ড° শ্যামল প্ৰসাদ বৰুৱা আৰু জ্যেষ্ঠ বিজ্ঞানী তথা পতংগত্ববিদ টোকোলাইৰ ড° মৃদুল শৰ্মাদেৱে। প্ৰশিক্ষণত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি শ্ৰী দুৰ্লভ বৰা আৰু উত্তৰ-পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ সভাপতি শ্ৰী প্ৰদীপ কুমাৰ গগৈদেৱ উপস্থিত থাকি কৰ্মশালাৰ সৌস্তৱ বৃদ্ধি কৰে। শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিবেশনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে বৰ্ণালী চাঙমাইয়ে। কৰ্মশালাৰ আঁত ধৰে সম্পাদক মণ্টু বুঢ়াগোঁহাইয়ে।