শেহতীয়া খবৰ
Home / আঞ্চলিক / ডঃ হীৰেন গোহাঁই, অখিল গগৈ, মনজিৎ মহন্তৰ জামিন মঞ্জুৰ

ডঃ হীৰেন গোহাঁই, অখিল গগৈ, মনজিৎ মহন্তৰ জামিন মঞ্জুৰ

ডঃ হীৰেন গোহাঁই আৰু অখিল গগৈৰ অন্তবৰ্তীকালীন জামিন, মনজিৎ মহন্তক পূৰ্ণাংগ জামিন মঞ্জুৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি ৭ জানুৱাৰী তাৰিখে ডঃ হীৰেন গোহাঁইয়ে গুৱাহাটীৰ এখন সভাত দিয়া ভাষণ প্ৰসংগত লতাশিল থানাত ডঃ হীৰেন গোহাঁই, অখিল গগৈ আৰু মনজিৎ মহন্তৰ বিৰুদ্ধে এক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছিল৷ সেই গোচৰৰ ভিত্তিত  আজি ডঃ হীৰেন গোহাঁই আৰু অখিল গগৈৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ২২ জানুৱাৰীলৈকে এই অন্তবৰ্তীকালীন জামিন৷ একে গোচৰত অভিযুক্ত মনজিৎ মহন্তক প্ৰদান কৰিছে পূৰ্ণাংগ জামিন৷

জামিন আবেদনত তিনিওৰে হৈ যুক্তি প্ৰদৰ্শন কৰে জেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, হাফিজ ৰছিদ আহমদ চৌধুৰী আৰু শান্তনু বৰঠাকুৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ  এইচ কে শৰ্মাৰ বিচাৰপীঠে মঞ্জুৰ কৰে জামিন আবেদন৷ ন্যায়াধীশ শৰ্মাই জামিন মঞ্জুৰ কৰাৰ লগতে ২২ জানুৱাৰীত আৰক্ষীক কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ প্ৰদান কৰে৷