শেহতীয়া খবৰ
Home / আঞ্চলিক / চৰম দৰিদ্ৰতাক নেওচি ৰাষ্ট্ৰীয় দৌৰ প্ৰতিযোগিতালৈ বাচনি কলগাছিয়াৰ ছাত্ৰঃ দল সংগঠনৰ শুভেচ্ছা

চৰম দৰিদ্ৰতাক নেওচি ৰাষ্ট্ৰীয় দৌৰ প্ৰতিযোগিতালৈ বাচনি কলগাছিয়াৰ ছাত্ৰঃ দল সংগঠনৰ শুভেচ্ছা

ৰিঞ্জুৱাৰা পাৰবিন, কলগাছিয়াঃ বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ আমগুৰী গাঁৱৰ বাহেজ উদ্দীন খানৰ পুত্ৰ তথা অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ বাবুল খান ৰাষ্ট্ৰীয় দৌৰ প্ৰতিযোগীতালৈ বাচনি হোৱাত অঞ্চলটোলৈ আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে। জানিব পৰা মতে, বাবুল খান আদিতপুৰৰ হাজী ওচমান আলী মেমোৰিয়েল হাইস্কুলৰ দশম শ্ৰেনীৰ ছাত্ৰ।উদ্যমী ছাত্ৰ গৰাকীয়ে কোনো প্ৰশিক্ষকৰ সহায় নোলোৱাকৈ বিগত দুই বছৰৰ পৰা নিয়মিতভাৱে দৌৰি আছে। ৰাষ্ট্ৰীয় দৌৰ প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে  বাচঁনিত উত্তীৰ্ণ হৈছে। বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আজি ৰাতিপুৱা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ১৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া অনুশীলন শিবিৰত অংশগ্ৰহণ কৰাৰ যাত্রা কৰে। উল্লেখ্য যে ঘৰুৱা পৰিৱেশত দৌৰিবলৈ তাৰ জোতা, কাপোৰ, খাদ্য খাবলৈ হাতত ধন নাই পিতৃ হীন ছাত্ৰ গৰাকীৰ। তথাপিও হাৰ নামানি বহু কষ্টকৰ অনুশীলন অব্যাহত ৰাখে। সেই মতে অৰ্ধ ১৯ ৰাষ্ট্রীয় দৌৰি প্ৰতিযোগিতাৰ বাবে অনুষ্ঠিত কৰা শিবিৰলৈ গৈ নিজৰ সামৰ্থৰে বাচনি হয়। ছাত্ৰ গৰাকীক আৰ্থিক সাহায্য প্ৰদান কৰিলে দুগুন উৎসাহ লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে তেওঁৰ মাতৃয়ে।

ইফালে এই উপলক্ষে আজি বিয়লি ছাত্ৰ গৰাকীয়ে অধ্যয়ন কৰা আদিতপুৰৰ হাজী ওচমানী আলী মেমৰিয়াল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মকবুল হুছাইনৰ সভাপতিত্বত এখনি সম্ভৰ্ধনা সভা অনুষ্ঠিত হয়। উক্ত সভাত আদিতপুৰ এম ই মাদ্ৰাছাৰ অৱসৰী প্ৰধান শিক্ষক সামছুল আলম, স্থানীয় যুৱক বাহাৰুল ইছলাম, শিক্ষক মতিয়াৰ ৰহমান, সাংবাদিক দোস্ত হাফিজুৰ ৰহমান, সমাজকৰ্মী আবুল কাশেম প্ৰমুখ্যে ব্যক্তি সকলে দিয়া ভাষণত ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ বাচনি হোৱা বাবুল খানক অভিনন্দন জনোৱাৰ লগতে মূল প্ৰতিযোগিতাত অংশ লৈ হিমা দাসৰ দৰে উজলি উঠিব বুলি আশা ব্যক্ত কৰে। সভাত অতিথিৰূপে অংশগ্ৰহণ কৰি শওঁপুৰ গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সভানেত্ৰী শ্বমেলা খাতুনে ছাত্ৰ গৰাকীক অনুপ্ৰেৰণা যোগাই সাহায্য কৰাৰ লগতে বিদ্যালয় খনৰ বাবে আৰ্থ ফিলিঙ কৰি দিয়াৰ আশ্বাস দিয়ে।উক্ত সভাত সৰ্বসন্মতি ক্ৰমে এখন শৰীৰ চৰ্চা ও ক্ৰীড়া একাডেমী প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লোৱা হয়। বাবুল খানেও যাতে হিমা দাসৰ দৰে অসম তথা নিজৰ গাঁও কলগাছিয়াৰ আমগুৰীৰ নাম সমগ্ৰ বিশ্বত উজলাই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ আশা প্ৰকাশ কৰি সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ কলগাছিয়া জিলা সমিতি, কলগাছিয়া প্ৰেছ ক্লাব, বেঞ্চাৰ বিদ্যালয় সন্থা, আদিতপুৰ কাৰবাৰী সন্থা, বৰপেটা জিলা এন এছ ইউ আই, বৰপেটা জিলা ইউ ডি এছ এফ প্ৰমুখ্যে দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে।