শেহতীয়া খবৰ
Home / আঞ্চলিক / সদৌ মৰাণ ছাত্ৰ সন্থাৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ ৰূপালী জয়ন্তী সমাৰোহৰ লাইখুটা স্থাপন

সদৌ মৰাণ ছাত্ৰ সন্থাৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ ৰূপালী জয়ন্তী সমাৰোহৰ লাইখুটা স্থাপন

সন্তোষ ফুকন, তিনিচুকীয়াঃ অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ অন্যতম খিলঞ্জীয়া ভূমি সন্তান মৰাণ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থা, তিনিচুকীয়া আঞ্চলিক সমিতিয়ে গৌৰৱোজ্জ্বল ২৫ টা বৰ্ষত ভৰি দিয়াৰ হেতুকে আয়োজন কৰিবলৈ লোৱা হৈছে ৰূপালী জয়ন্তী সমাৰোহৰ লগতে দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশন। ফ্ৰেব্ৰুৱাৰী মাহৰ ১, ২ আৰু ৩ তাৰিখে বীৰ ৰাঘৱ মৰাণ সমন্বয় ক্ষেত্ৰত তিনিচুকীয়া আঞ্চলিক মাৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা ৰূপালী জয়ন্তী সমাৰোহৰ বাবে আজি মৰাণ জনগোষ্ঠীয় ধৰ্মীয় নীতি-নিয়মেৰে শ্ৰী শ্ৰী প্ৰভুদেৱৰ আৰ্শিবাদ লৈ তিনিটা নামঘৰৰ ভক্তবৃন্দই একেলগে স্থাপন কৰে লাইখুটা। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা সমাৰোহত বিভিন্ন কাৰ্যসূচীৰ লগতে শেষৰ দিনা তথা ৩ ফ্ৰেব্ৰুৱাৰী ২০১৯ তাৰিখে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ২৫ টাকৈ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশগ্ৰহনেৰে কচুজান খেলপথাৰৰ পৰা এক বৃহৎ সংস্কৃতিক শোভাযাত্ৰাৰ উলিয়াব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে।