শেহতীয়া খবৰ
Home / আঞ্চলিক / সংগীত শিল্পী, কবি, সাহিত্যিক কামিনী কুমাৰ গোহাঁইলৈ “শংকৰ আজান সমন্বয় বঁটা ২০১৯”

সংগীত শিল্পী, কবি, সাহিত্যিক কামিনী কুমাৰ গোহাঁইলৈ “শংকৰ আজান সমন্বয় বঁটা ২০১৯”

সন্তোষ ফুকন, তিনিচুকীয়াঃ সাহিত্য সমাজ সংস্কৃতিক সেৱা মঞ্চ অসমে বৰ অসমৰ নিৰ্মাতা তথা খনিকৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকিৰৰ বিশাল কৰ্মৰাজিক শ্ৰদ্ধা জনাই “শংকৰ আজান সমন্বয় বঁটা” প্ৰতি বছৰে আগবঢ়াই আহিছে৷ এই বছৰৰ ২০১৯ বৰ্ষৰ শংকৰ আজান সমন্বয় বঁটাৰ বাবে তিনিচুকীয়াৰ কামিনী কুমাৰ গোহাঁই নিৰ্বাচিত হৈছে৷ কামিনী কুমাৰ গোহাঁইৰ ইতিমধ্যে সাহিত্য জগতত নিজস্ব প্ৰতিভাৰে জননী, হৃদয়, মন আৰু সুন্দৰ, ৰাতিৰ বাঁহী, দৰাবুটলি, অকণিৰ গল্প, ওঁঠৰ পৰশ, বিহুৱা পক্ষীৰ গান গ্ৰন্থ প্ৰকাশ পাইছে৷ সংগীত শিল্পী হিচাপেও অসমত এটি স্থান আছে নিজৰ কথা, সুৰ আৰু কন্ঠত কেইবাখনো শ্ৰব্য কেছেট ইতিমধ্যে অসমবাসীক আগবঢ়াই দিছে- শ্ৰদ্ধাঞ্জলি, সুবাস, তোমাৰ ছাঁয়াতো, বৰ্হমথুৰি৷ অডিঅ চিডি- মোৰ প্ৰেয়সী, বাসনাৰ ফুল, কলাফুল আৰু নিজৰ কাহিনী পৰিচালনাৰে বসন্ত বহাগী নামৰ এখন ভিচিডিও মুক্তি পাইছে৷ তেখেতৰ বৰ্তমানলৈকে ২০ খন সংগীতালখ্য প্ৰচাৰ হয়৷ তিনিচুকীয়া শাখা সাহিত্য সভা আৰু তিনিচুকীয়া জিলা সাহিত্য সভাৰ পত্ৰিকা, স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে৷ ডিব্ৰুগড় হনুমানবস্ক সুৰজমল কানৈ মহাবিদ্যালয়ৰ স্নাতক আৰু দ্বিতীয় শ্ৰেষ্ঠ গায়ক আৰু বাৰ্ষিক আলোচনী কানৈয়ানৰো সম্পাদনা কৰিছিল৷ ১৯৯০ চনৰ পৰা সদৌ অসম কবি সন্মিলনৰ শাখা আৰু মাতৃভূমি কবি গোষ্ঠীৰ জন্মদাতা তথা প্ৰতিষ্ঠাপক সম্পাদক আৰু বৰ্তমান সভাপতি বৃহত্তৰ বৰগুৰী শাখা সাহিত্য সভাৰ কুঁহিৰ কাৰ্য্যকৰী সভাপতি৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত সেউজী চৰা, ঘৰ জেউতি আৰু যুৱবাণীত গীত পৰিৱেশন কৰিছিল৷ কামিনী কুমাৰ গোহাঁয়ে বৰ্তমান কৌশিক স্বৰগম নামৰ সংগীতালয় প্ৰতিষ্ঠা কৰি তিনিচুকীয়া জিলাৰ বহুতো ছাত্ৰ ছাত্ৰীক সংগীত শিক্ষা প্ৰদান কৰি আছে৷