শেহতীয়া খবৰ
Home / আঞ্চলিক / অৰুণাচল প্ৰদেশৰ নামটকত সেনা আৰু নগা উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী, আটক এক

অৰুণাচল প্ৰদেশৰ নামটকত সেনা আৰু নগা উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী, আটক এক

শৰৎ গগৈ, লেখাপানীঃ আজি পুৱা প্ৰায় ৬ মান বজাত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামটক থানাৰ অন্তৰ্গত কেনন বস্তিত ভাৰতীয় সেনা আৰু এন এছ চি এন (আৰ) ৰ মাজত তুমুল সংঘৰ্ষ হয়। ১৩ জনীয়া অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত নগা উগ্ৰপন্থী সদস্য আৰু সেনাৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীৰ ফলত কেনন বস্তিৰ এজন বাসিন্দা গুৰুতৰ ভাবে আহত হোৱাৰ লগতে চাংলাং জিলাৰ গটং গাৱৰ ৰণি কুংখো(২২) নামৰ এজন এন এছ চি এন (আৰ)ৰ দুৰ্ধৰ্ষ সদস্যক সেনাই আটক কৰিবলৈ সক্ষম হয়। আটকাধীন সদস্য জনৰ পৰা সেনাই এটা পইণ্ট ৩২ পিস্তল, তিনি জাঁই সজীৱ গুলী, এজোৰ জোতা, দুযোৰ চাৰ্ট-পেণ্ট, এখন চালকৰ অনুজ্ঞাপত্ৰ, এখন ভোটাৰ পৰিচয় পত্ৰ, এখন আধাৰ কাৰ্ড, নগদ ৭৭৫ টকাৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। অন্যহাতে কেডাৰজনক উত্তৰ-পূৱৰ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় চিকিৎসালয়লৈ শৰীৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি সেনাৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে৷