শেহতীয়া খবৰ
Home / আঞ্চলিক / ২০১৮ বৰ্ষত ৬৬৯ টা শিশু উদ্ধাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ

২০১৮ বৰ্ষত ৬৬৯ টা শিশু উদ্ধাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে ২০১৮ বৰ্ষটোতেই ৰে’লৱে পৰিসৰৰ পৰা উদ্ধাৰ কৰিছে ৬৬৯ টি শিশু। এই শিশুসকল বিপদত পৰাৰ পূৰ্বেই ৰে’ল ষ্টেশ্যন, ৰে’ল আলিৰ লগতে বিভিন্ন ৰে’ল পৰিসৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰে’লৱে সুৰক্ষা বাহিনী। ২০১৮ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈ এই বৃহৎ সংখ্যক শিশুক উদ্ধাৰ কৰিছে। এই সময়ছোৱাতে ৰে’লৱে সুৰক্ষা বাহিনীয়ে নাবালিকা সৰবৰাহৰ সৈতে জড়িত ৯ টা মানৱ সৰবৰাহকাৰীক।

উল্লেখ্য যে এনেধৰণৰে এক ঘটনা সন্দৰ্ভত বিগত ১৭ ডিচেম্বৰ তাৰিখে ডিমাপুৰৰ নিজ ঘৰৰ পৰা পলাই অহা পাচজন নাবালকক অতি তৎপৰতাৰে ৰে’লৱে সুৰক্ষা বাহিনীৰ মুখ্য কনিষ্টবল বিক্ৰম বোস আৰু কনিষ্টবল এ কে সিংৰ সহযোগত অপৰাধ নিৰোধক আৰু উদ্ধাৰ স্কোৱাডে ১৪০৫৫ নং ব্ৰহ্মপুত্ৰ মেইল আৰু উজনিমুৱা জনশতাব্দী ৰে’লৰ পৰা সুকলমে উদ্ধাৰ কৰে।

ইয়াৰ উপৰিও বিগত ১ জানুৱাৰী তাৰিখেও এনেদৰে হেৰাই যোৱা শিশুক উদ্ধাৰ কৰে ৰে’লৱে সুৰক্ষা বাহিনীয়ে। উল্লেখ্য যে ৰে’লৱে সুৰক্ষা বাহিনীয়ে নিয়মীয়াকৈ মানৱ সৰবৰাহকাৰীৰ হাতৰ পৰা শিশু উদ্ধাৰ কৰাৰ লগতে বুজন পৰিমাণৰ সৰবৰাহকাৰীক আটক কৰি আহিছে।