শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আই আই টি বোম্বেৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আই আই টি বোম্বেৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ

ডিজিটেল সংবাদঃ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন স্থানত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে শুক্ৰবাৰে আই আই টি বোম্বেৰ শিক্ষাৰ্থীসকলেও প্ৰতিবাদ সাব্যস্ত কৰে। দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানখনত অধ্যয়নৰত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ অন্য প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে প্লেকাৰ্ড লৈ বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে মৌন সমদল উলিয়ায়৷ লগতে, আইআইটি বোম্বেৰ শিক্ষকসমাজ, ছাত্ৰসমাজক বিধেয়কখনৰ ভয়াবহতা সম্পৰ্কে সচেতন কৰিবলৈ ‘নৰ্থ ইষ্ট কালেক্টিভ’ নামৰ এটা ছাত্ৰ গোটৰ উদ্যোগত আই আই টি চৌহদত প্ৰচাৰ পত্ৰও বিতৰণ কৰা হয়৷