শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ছিকিমৰ মুখ্য মন্ত্ৰীৰ ‘এটা পৰিয়াল এটা চাকৰি’ আঁচনি উদ্বোধন

ছিকিমৰ মুখ্য মন্ত্ৰীৰ ‘এটা পৰিয়াল এটা চাকৰি’ আঁচনি উদ্বোধন

ডিজিটেল সংবাদঃ আজি ছিকিমৰ মুখ্য মন্ত্ৰী পৱন সিং ছামলিঙে ঘোষণা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যখনৰ বাবে ‘এটা পৰিয়াল এটা চাকৰি’ আঁচনি৷ উল্লেখ্য যে এই আঁচনিৰ অধীনত ছিকিম চৰকাৰে ৰাজ্যখনৰ চাকৰি নোহোৱা প্ৰতিটো পৰিয়ালক এটাকৈ চৰকাৰী চাকৰি প্ৰদান কৰিব৷ উল্লেখ্য যে স্বাধীন ভাৰতৰ আটাইতকৈ দীৰ্ঘ সময় মুখ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ছামলিঙে আজি ছিকিমৰ পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত “ৰোজগাৰ মেলাত” ৰাজ্যখনৰ ৩২টা সমষ্টিৰ পৰা একোটাকৈ পৰিয়ালক আনুষ্ঠানিকভাৱে অস্থায়ী চাকৰিৰ নিযুক্তি-পত্ৰ প্ৰদান কৰি এই আঁচনিৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে ছিকিমৰ ডেম’ক্ৰেটিক ফ্ৰণ্ট চৰকাৰখনে এই ৰোজগাৰ মেলাত ২০,০০০ নিবনুৱাক অস্থায়ী চাকৰিত নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে৷ ছিকিম চৰকাৰৰ এই পদক্ষেপক ৰাজ্যৰ জনসাধাৰণে আদৰণি জনাইছে।