শেহতীয়া খবৰ
Home / ৰাজনীতি / আসন বুজাবুজি চূড়ান্ত হ’ল অখিলেশ-মায়াৱতীৰ, কংগ্ৰেছৰ বাবে এৰিলে ৰাইবৰেলী আৰু আমেথি

আসন বুজাবুজি চূড়ান্ত হ’ল অখিলেশ-মায়াৱতীৰ, কংগ্ৰেছৰ বাবে এৰিলে ৰাইবৰেলী আৰু আমেথি

ডিজিটেল সংবাদঃ লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁট গঠন চূড়ান্ত কৰিলে বহুজন সমাজ পাৰ্টী আৰু সমাজবাদী পাৰ্টীয়ে৷ আসন বুজাবুজি সন্দৰ্ভত আজি লক্ষ্ণৌত যৌথ সংবাদমেল অনুষ্ঠিত কৰে মায়াৱতী আৰু অখিলেশ সিং যাদৱে৷ উত্তৰ প্ৰদেশৰ মুঠ ৮০ খন লোকসভা আসনৰ ভিতৰত বহুজন সমাজ পাৰ্টীয়ে ৩৮ খন আসনত প্ৰতিদ্বন্দিতা কৰিব আৰু ৩৮ খন আসনত মিত্ৰজোঁটৰ সৈতে অৱতীৰ্ণ হ’ব। অৱশ্যে আমেথি আৰু ৰায়বৰেলীত এই মিত্ৰজোঁটে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে। উত্তৰ প্ৰদেশৰ দুটা প্ৰধান ৰাজনৈতিক দলৰ নিৰ্বাচনী মিত্ৰতা ৰাজ্যখনত বিজেপিৰ বাবে সংকটৰ কাৰণ হিচাপে চিহ্নিত হৈছে৷

ইফালে এই মিত্ৰতা সন্দৰ্ভত অখিলেশ যাদৱে কয়, “এই মিত্ৰতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা বাবে মায়াৱতী জীক অশেষ ধন্যবাদ। বিজেপি মুক্ত উত্তৰ প্ৰদেশৰ বাবেই আমাৰ এই মিত্ৰতা, তাত কোনো সন্দেহ নাই। সাম্প্ৰদায়িকতাৰ বিষবাস্পৰ বিৰুদ্ধে অৰ্থাৎ বিজেপিৰ বিৰুদ্ধেই এই মিত্ৰতাই যুঁজ আগবঢ়াব।”