শেহতীয়া খবৰ
Home / আঞ্চলিক / গীত-নৃত্য-কবিতাৰে মুখৰিত মাজুলীঃ পলসৰ নৱতম সংখ্যা উন্মোচন

গীত-নৃত্য-কবিতাৰে মুখৰিত মাজুলীঃ পলসৰ নৱতম সংখ্যা উন্মোচন

পৰাণ জ্যোতি বৰা, মাজুলীঃ মাজুলীৰ পৰা প্ৰকাশিত  সাংবাদিক পাপু বৰাৰ দ্বাৰা সম্পাদিত কাব্যালোচনী পলসৰ উদ্যোগত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ পবিত্ৰ সোঁৱৰণত আজি মাজুলীত গীত-নৃত্য-কবিতাৰ এক মনোজ্ঞ অনুস্থান সম্পন্ন হয়৷ মাজুলীৰ কেশৱৰাম বৰা উ:মা: বিদ্যালয়ৰ প্ৰাংগনত আজি দিনৰ ১১ বজাৰপৰা অনুস্থিত উক্ত অনুস্থানটি আনুস্থানিকভাৱে শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ অধ্যক্ষ গোলাপ দাসে৷ মাজুলীৰ বিশিষ্ট কবি সাহিত্যিক প্ৰদীপ বৰুৱাৰ সঞ্চালনাত পলসৰ কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী সভাত আৰম্ভণিতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে| অনুস্থানত যুৱ-কবি, সাংবাদিক পাপু বৰাৰ দ্বাৰা সম্পাদিত কাব্যালোচনী পলসৰ অষ্টম বছৰৰ প্ৰথম সংখ্যা আনুস্থানিকভাৱে উন্মোচন কৰে মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি অৰুণ বৰাই।
অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ স্মৃতিত উৎসৰ্গিত পলসৰ উক্ত সংখ্যা উন্মোচন কৰি বৰাই পাপু বৰাৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ ৪০গৰাকী কবিৰ কবিতাৰে সমৃদ্ধ কাব্যালোচনী পলসৰ নৱতম সংখ্যা পাঠক সমাজৰদ্বাৰা যথেষ্ট সমাদৃত হ’ব বুলি মন্তব্য কৰে| কবি সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ কবি ডিম্বেশ্বৰ ভূঞা, ডা: বিমান সাগৰ নাথ, জীৱন বৰা, বৰ্ণালী বৰা ভূঞা, পাপু কুমাৰ বৰা, শ্যামন্ত পায়েং, শংকুসিদ্ধ নাথ, লক্ষীপ্ৰসাদ ৰেগন, পলাশ বৰা, সংগীতা বৰা, কিশোৰী মোহন পাল, ভূপেন দত্ত, পাপু বৰা, বৃষ্টি বৰাকে আদিকৰি দুকুৰিৰোঁ অধিক ন-পুৰণি কবিয়ে কবিতা পাঠ কৰে| অনুস্থানত মাজুলী বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ বাসুদেৱ উপাধ্যায়, শিক্ষক অজয় বৰুৱা প্ৰমুখ্যে কেইবাজনো ব্যক্তি বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে| অনুস্থানত বিদ্যালয়ৰ ছাত্র-ছাত্রীৰদ্বাৰা পৰিৱেশিত গীত আৰু নৃত্যই অনুস্থানক অনন্যমাত্রা প্ৰদান কৰে| কুইজখুড়া অমৰেন্দ্ৰ বৰুৱাৰ সোঁৱৰণত অনুস্থিত উক্ত কাৰ্য্যসূচীত তেখেতৰ পত্নী তথা খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী অনুপ্ৰভা দেৱী আৰু জ্যেষ্ঠপুত্র শংকুসিদ্ধ নাথে প্ৰয়াত অমৰেন্দ্ৰ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে| পলসৰ সহ:সম্পাদক সংগীতা বৰাই আঁতধৰা অনুস্থানটিৰ শলাগ জ্ঞাপন কৰে পলসৰ মুখ্য সম্পাদক পাপু বৰাই |