শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / মাজুলীক লৈ বিজু সেনাপতিৰ নতুন  ছবি ‘মেগনিফিছেন্ট মাজুলী’

মাজুলীক লৈ বিজু সেনাপতিৰ নতুন  ছবি ‘মেগনিফিছেন্ট মাজুলী’

ডিজিটেল সংবাদঃ পৃথিৱীৰ ভৌগোলিক মানচিত্ৰখনত নদীদ্বীপ মাজুলীয়ে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। মাজুলীৰ অনুপম প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াৰ অফুৰন্ত ঐতিহাসিক সমল তথা সাংস্কৃতিক আৰু পৰম্পৰাগত সম্পদ সমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰে মাজুলী বিষয়ক এখন  ছবি নিৰ্মাণৰ দৃশ্যগ্ৰহণ এতিয়া পূৰ্ণগতিত। ‘অনুপমা মাজুলী’ (Magnificent Majuli) নামেৰে নিৰ্মীয়মান ছবিখনৰ আশী শতাংশ দৃশ্যগ্ৰহণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। অসমৰ এজন লেখক, কবি বিজু সেনাপতিৰ প্ৰযোজনা, পৰিচালনা আৰু পৰিকল্পনাৰে নিৰ্মাণ হ’বলগীয়া ছবিখনৰ আনুষ্ঠানিক শুভ মুহুৰত  শালমৰাত সম্পন্ন হৈছিল। সততে পৰ্যটকৰ চকুত নপৰা অথচ সমগ্ৰ বিশ্ববাসীকে বিস্ময়াভূত কৰিব পৰা মাজুলীৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক সম্পদ সমূহ দাঙি ধৰিবলৈ লক্ষ্যস্থিৰ কৰা  ছবিখন হ’ব বিশ্বৰ ছবিজগতত আগতে কেতিয়াও নিৰ্মান নোহোৱা, ছবি নিৰ্মানৰ নীতি নিয়মৰ বিপৰীতে যোৱা এক অভিনৱ প্ৰয়াস৷ বিশ্বপ্ৰসিদ্ধ নদীদ্বীপখনৰ বিভিন্ন লোকেশ্যনত শ্বুটিঙৰ দায়িত্বত আছে ৰিদীপ বৰা। মূলতঃ পৰ্যটক আৰু সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰেমী আৰু সংস্কৃতিপ্ৰেমীৰ মাজুলী বিষয়ক আগ্ৰহ, উদ্দীপনা আৰু কৌতূহল আছে আৰু এই ইচ্ছাৰ চাহিদা পূৰণৰ এক অনবদ্য সমল হিচাপে বিবেচিত হৈছে এই ছবিখন। ছবিখনত ভৰপূৰ মনোৰঞ্জনৰ লগতে থাকিব ন-পুৰণি অভিনেতা-অভিনেত্ৰী, মাজুলীৰ আকৰ্ষণীয় প্ৰাকৃতিক দৃশ্যৰাজি, মাজুলীৰ কলা-কৃষ্টি, সংস্কৃতিৰ অভূতপূৰ্ব উপস্থাপন আৰু মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনৰ সম্ভাৱনাৰ বহু অনাৱিস্কৃত দিশ। ছবিখনৰ সংগীত ব্যৱস্থাপনাত আছে মৌচুমী দলে, অৰুন্ধতি বেজবৰুৱা, যতীন বৰা, তৃষাৰাণী, স্মৃতিৰেখা কলিতা, মাধৱ কলিতাই আৰু বহুকেইজন ন-পুৰণী শিল্পী। বনগীত, বিহুগীত, নাওৰীয়াৰ গীত, গৰখীয়া গীত, লোকগীত, বৰগীত, জনজাতীয় পৰম্পৰাগত গীত আদিৰ সম্ভাৰেৰে উপস্থাপন হ’ব ছবিখন ৷

পৰিচালক বিজু সেনাপতিয়ে জানিবলৈ দিয়া মতে চুটি ছবিখনৰ নিৰ্মানশৈলী আৰু উপস্থাপন অগতানুগতিক ধাৰাৰ। সম্পূৰ্ণ ব্যতিক্ৰমি চিন্তাধাৰাৰে, অভিনৱ উপস্থাপন পদ্ধতি প্ৰয়োগ কৰা হৈছে ছবিখনত৷ ইয়াৰ চৰিত্ৰসমূহ আৰু বিষয়বস্তুৰ পাৰ্থক্য বুজিবলৈ অলপ জটিল হ’ব৷ ছবিখনৰ কাহিনীভাগ মূলত: প্ৰাপ্তবয়স্ক সকলৰ বাবে হ’লেও মাজুলীকেন্দ্ৰিক বিভিন্ন দিশৰ উপাদানেৰে সমৃদ্ধ৷ সংগীতৰ ক্ষেত্ৰতো পৰীক্ষামূলক পদ্ধতিৰ প্ৰয়োগ কৰি ন মাত্রা দিবলৈ প্ৰয়াস কৰিছে পৰিচালকে। ছবিখনত মাজুলীৰ বিৰল ঐতিহাসিক সম্পদ সমূহৰ লগতে অলেখ আপুৰুগীয়া সম্পদ দেখা পোৱা যাব। ইয়াৰ বাবে যথেষ্ট কষ্ট কৰিছে পৰিচালক আৰু ‘টীম অনুপমা মাজুলী’য়ে। দৃশ্যগ্ৰহণৰ কালত মাজুলীৰ বিভিন্ন সত্ৰ, ইতিহাস প্ৰসিদ্ধ ক্ষেত্ৰ, কুটীৰ শিল্পকেন্দ্ৰ সমূহলৈ গৈ বিভিন্ন তথ্য, আপুৰুগীয়া সামগ্ৰীৰ চিনাক্ত আৰু উদ্ধাৰৰ জৰিয়তে বিশ্ববাসীৰ আগত পৰিচয় কৰাই দিয়াৰ প্ৰচেষ্টা চলোৱা হৈছে। এককথাত ক’বলৈ গ’লে মাজুলীৰ সত্ত্বাক নকৈ আৱিষ্কাৰ কৰাৰ প্ৰচেষ্টা। মাজুলী পৰ্যটনৰ উল্লেখযোগ্য সাৰথি হিচাপে পৰিগণিত হোৱাৰ প্ৰৱল সম্ভাৱনা থকা ছবিখন এই বৰ্ষত মুক্তি দিয়া হ’ব। নিশ্চিতভাৱে ছবিখনে অসম পৰ্যটন আৰু মাজুলী পৰ্যটনক উপকৃত কৰিব৷ ছবিখনৰ নিৰ্মাণ, প্ৰচাৰ, প্ৰসাৰত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে গুৰুত্ব দিলে ‘টীম অনুপমা মাজুলী’ যথেষ্ট উৎসাহিত হ’ব। এতিয়া অসমীয়া সংস্কৃতিপ্ৰেমী ৰাইজ ছবিখন মুক্তিৰ বাবে অপেক্ষাৰত ৷