শেহতীয়া খবৰ
Home / আঞ্চলিক / হিমন্তক মন্ত্ৰিত্বৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰীৰ

হিমন্তক মন্ত্ৰিত্বৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰীৰ

জিন্নাৰ আদৰ্শ নলয় অসমৰ মুছলমানেঃ ছাহজাহান তালুকদাৰ

ডিজিটেল সংবাদ, মহানগৰঃ অসমৰ সাতামপুৰুষীয়া হিন্দু-মুছলমানৰ সম্প্রীতি ভাঙি থানবান কৰিবলৈ ওলােৱা মন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ খিলঞ্জীয়া মুছলমান। নাগৰিকত্ব সংশােধনী বিধেয়কৰ সমৰ্থনত নামি এটাৰ পিছত আন এটাকৈ অসমৰ মুছলমানৰাইজক আক্রমণৰ লক্ষ্য কৰি কৰা মন্তব্যৰ বিৰুদ্ধে গজি উঠিল খিলঞ্জীয়া মুছলমান। ১২ জানুৱাৰী তাৰিখে ব্রহ্মপুত্র ভেলী চিভিল ছ’চাইটীয়ে গুৱাহাটী প্ৰেছ ক্লাবত আয়ােজিত এখন সংবাদমেলত জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদে কয় যে মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ সাতামপুৰুষীয়া সম্প্রীতি বিঘ্নিত কৰাৰ চক্রান্ত ৰচিছে। নাগৰিকত্ব সংশােধনী বিধেয়কখনৰ সমৰ্থনত মন্তব্য কৰিবলৈ গৈ ৰাজ্যৰ মুছলমানসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ড°শৰ্মাই। অসমৰ সাতামপুৰুষীয়া হিন্দু-মুছলমানৰ সম্প্রীতি নষ্ট কৰিবলৈ ওলােৱা ড° শৰ্মাৰ পৰা ৰাজ্যবাসীক সাৱধান থাকিবলৈ আহবান জনায় জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। তেওঁ কয় নাগৰিকত্ব বিধেয়কখনৰ সমৰ্থনত নামি ড° শৰ্মাই অসমৰ মুছলমান সমাজক ‘জিন্না’ আৰু বদৰুদ্দিন’ৰ বংশধৰ বুলি কৈ ইতিকিং কৰিবলৈ ধৰিছে৷ ইমানতেই ক্ষান্ত নাথাকি ড°শর্মাই ৰাজহুৱাকৈ কৈছে— জিন্নাৰ পৰিয়ালক অসমৰ পৰা বিদায় দিয়াৰ বাবে উন্নীতকৰণ কৰা হৈছে এনআৰচি। ৰাজ্যৰ ১৭টা বিধানসভা সমষ্টিক উদ্ধাৰ কৰাৰ বাবে নাগৰিকত্ব সংশােধনী বিধেয়ক অনা হৈছে বুলি ক’বলৈ ধৰিছে ড° শৰ্মাই। ৰাজ্য চৰকাৰৰ এইগৰাকী মন্ত্রীয়ে সংবিধানৰ শপত লৈ হিন্দু-মুছলমানৰ সম্প্রীতি বিঘ্নিত কৰাৰ উচটনিমূলক মন্তব্য প্রদান কৰিবলৈ আৰম্ভ কৰিছে। ইমানেই নহয়, ড° হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফৰ প্রমুখ বদৰুদ্দিন আজমলে নিজা নিজা উদ্দেশ্য লৈ কাম কৰি আছে। সেইবাবে এই দুজন ব্যক্তিৰ পৰা অসমবাসী সাৱধান থাকিব লাগিব। তেওঁলােকৰ উদ্দেশ্য অসমবাসীয়ে জানিব পাৰিব বুলিও কয় জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। তেওঁ লগতে কয়- এনআৰচিৰ চূড়ান্ত খচৰাত ধুবুৰীৰ ৯০ শতাংশ মুছলমান অন্তর্ভুক্ত হােৱাৰ পিছতে ড° হিমন্ত বিশ্ব শর্মা হতভম্ব হৈ মুছলমানক লক্ষ্য কৰি তিক্ততাপূর্ণ মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে। সেইবাবে চৰকাৰে ড° শৰ্মাৰ বিৰুদ্ধে কঠোৰতা অৱলম্বন কৰি মন্ত্রী পদৰ পৰা বখাস্ত কৰাৰ দাবী জনায়।

আনহাতে সংবাদমেলৰ পৰাই জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে অসমৰ বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গােহাঁইৰ ওপৰত জাপি দিয়া দেশদ্রোহিতাৰ গােচৰ উঠাই লােৱাৰ আহ্বান জনায়। অন্যথা তাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্রতিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ দিয়ে। আনহাতে সংবাদমেলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক আব্দুল মান্নানেও কয় যে ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ শান্তি-সম্প্রীতিৰ সাতামপুৰুষীয়া সম্পর্ক বিঘ্নিত কৰিবলৈ ওলাইছে। তেওঁ লগতে কয়— সংবিধানৰ ধৰ্মনিৰপেক্ষ দেশৰ ধাৰণা নস্যাৎ কৰি কেন্দ্ৰীয় চৰকাৰে আনিছে নাগৰিকত্ব সংশােধনী বিধেয়ক। দেশৰ ঐক্য ধ্বংস কৰি বিজেপিয়ে শাসনৰ গাদী দখল কৰিব বিচাৰিছে। তেওঁ লগতে ড°হীৰেন গােহাঁইৰ ওপৰৰ পৰা দেশদ্রোহিতাৰ গােচৰ উঠাই লােৱাৰ দাবী কৰে চৰকাৰলৈ। সাহস আছে যদি চৰকাৰে ড° গােহাঁইক আটক কৰি দেখুৱাওক বুলিও প্রত্যাহ্বান জনায় সংবাদমেলৰ পৰা আব্দুল মান্নানে। তেওঁক আগন্তুক নির্বাচনত বিজেপি আৰু এআইইউডিএফ পৰাস্ত কৰাৰাে আহ্বান জনায়। আনহাতে অসম চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ডাঃ তৌফিকুৰ ৰহমান বৰবৰাই কয়— অসমৰ মুছলমানে সমর্থন কৰি আহিছে অসম চুক্তি ভিত্তি বৰ্ষক। ইমানৰ পিছতাে অসমৰ খিলঞ্জীয়া মুছলমানক আক্রমণৰ লক্ষ্য কৰি লােৱাটো পৰিতাপৰ কথা। ইমানেই নহয়, সংবাদমেলত এআইইউডিএফৰ প্রমুখ বদৰুদ্দিন আজমলক পাবত গজা মৌলানা বুলিও উল্লেখ কৰিছে। মুছলমানৰ লীডাৰ হােৱাৰ অধিকাৰ নাই আজমলৰ। মিছলীয়া আজমলে মুছলমানৰ প্রতিনিধিত্ব নকৰে বুলি উল্লেখ কৰি কয় যে তেওঁক বর্জন কৰিব লাগে। ধর্ম আৰু টকাৰ বাহিৰে আজমলে একো নাজানে বুলিও উল্লেখ কৰে ডাঃ বৰবৰাই।

আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক ড° আতােৱাৰ ৰহমানে কয় যে ড° হিমন্ত বিশ্ব শৰ্মাই সাতামপুৰুষীয়া সম্প্রীতি বিনষ্ট কৰা মন্তব্য প্রদানৰ পৰা বিৰতি থাকি সমাজ সংস্কাৰত আগভাগ ল’বলৈ আহবান জনায়। আনহাতে অৱসৰপ্ৰাপ্ত এপিএছ বিষয়া আব্দুল কুদুচে সংবাদমেলক কয় যে ড° হিমন্ত বিশ্ব শর্মাই হিন্দুমুছলমানৰ মাজত তিক্ততাপূর্ণ পৰিৱেশৰ সূচনা কৰি দিল্লীলৈ যাব বিচাৰিছে। আনহাতে আজিৰ সংবাদমেলত ব্রহ্মপুত্র ভেলী চিভিল ছ’চাইটীৰ কাৰ্যকৰী সভাপতি তথা অৱসৰপ্রাপ্ত অভিযন্তা আব্দুল বাতিন খন্দকাৰে কয় যে মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে অগণতান্ত্রিক আৰু অসাংবিধানিক প্রথাৰে অসমৰ মানুহৰ লগতে চৰকাৰী কৰ্মচাৰীকো প্রভাৱান্বিত কৰিব বিচাৰিছে। যাতে মন্ত্রী শৰ্মাৰ মন্তব্যত ভােল গৈ বা প্ৰভাৱান্বিত হৈ চৰকাৰী বিষয়াসকলে তেওঁৰ আদৰ্শত এনআৰচিত বৈষম্য নীতিৰে এটা সম্প্রদায়ৰ লােকক বাদ পেলােৱাৰ ইংগিত বহন কৰিব পাৰে। আনহাতে তেওঁ কয়— এইক্ষেত্ৰত সংবাদমেলৰ পৰাই তেওঁ অসমবাসীলৈ আহ্বান জনাঅ কয় যে ৰাজ্যৰ সচেতন বুদ্ধিজীৱী সমাজে এনআৰচিৰ ওপৰত দৃষ্টি ৰাখক, যাতে হিমন্তৰ প্ৰভাৱ নপৰে এনআৰচিত। আনহাতে সংবাদমেলত ব্রহ্মপুত্র ভেলী চিভিল ছ’চাইটীৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰে কয় যে জিন্নাক লৈ অসমৰ মুছলমানে উঠা-বহা নকৰে। জিন্নাৰ আদৰ্শও অসমৰ মুছলমান সমাজে কেতিয়াও গ্রহণ কৰা নাই আৰু ভৱিষ্যতেও নকৰে। কাৰণ জিন্নাই ধৰ্মৰ নামত অখণ্ড ভাৰতক ভাগ কৰি পাকিস্তান গঢ় দিছিল। ঠিক সেইদৰে সম্প্রতি মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমত ধৰ্মৰ নামত সংবিধানৰ পৰিপন্থী হিচাপে হিন্দুৰ নামত অসমক দ্বিখণ্ডিত কৰিব বিচাৰিছে। আমাৰ দৃষ্টিত এইক্ষেত্ৰত জিন্না আৰু মন্ত্রী শৰ্মাৰ ভূমিকা একেই৷ সংবাদমেলত এইকেইগৰাকীৰ উপৰি উপস্থিত আছিল সমাজকর্মী মতিউৰ ৰহমান, অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া মহম্মদ আলাউদ্দিন।