শেহতীয়া খবৰ
Home / আঞ্চলিক / অৰুণাচলৰ চাংলাং জিলাত ভাৰতীয় সেনা আৰু নগা উগ্ৰপন্থীৰ মাজত তুমুল সংঘৰ্ষঃ অস্ত্ৰ শস্ত্ৰসহ আটক পাঁচ

অৰুণাচলৰ চাংলাং জিলাত ভাৰতীয় সেনা আৰু নগা উগ্ৰপন্থীৰ মাজত তুমুল সংঘৰ্ষঃ অস্ত্ৰ শস্ত্ৰসহ আটক পাঁচ

শৰৎ গগৈ, লেখাপানীঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দেওমালি মহকুমাৰ অন্তৰ্গত থালাত আৰু চহা গাঁৱত ভাৰতীয় সেনা আৰু নগা উগ্ৰন্থী এন এছ চি এনৰ মাজত প্ৰচণ্ড গুলিয়াগুলি সূত্ৰপাত হয়। ভাৰতীয় সেনাই কালি বিশেষ সূত্ৰৰ পম খেদি অৰুণাচল প্ৰদেশৰ দেওমালিৰ থালাত আৰু চহা গাঁৱৰ সমীপৰ ঘন অৰণ্যত নগা উগ্ৰপন্থীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই। অভিযানত নগা উগ্ৰপন্থীৰ অস্ত্ৰ শস্ত্ৰৰে সু সজ্জিত এটা বৃহৎ দলৰ লগত দুয়োপক্ষৰ মাজত বহু সময় ধৰি প্রচণ্ড গুলিয়াগুলি হয়। সেনাৰ গুলিত নগা উগ্ৰপন্থীৰ তিনিজনকৈ দুৰ্ধৰ্ষ সদস্য গুৰুত্ব ভাৱে আহত হোৱা বুলি সেনাই জানিবলৈ দিয়ে । আনফালে কেইজনমান নগা উগ্ৰপন্থী অস্ত্ৰ শস্ত্ৰসহ সংঘৰ্ষ হোৱা ঠাইৰ পৰা পলাবলৈ সক্ষম হয়। ভাৰতীয় সেনাই পাঁচ জনকৈ এন এছ চি এনৰ দুৰ্ধৰ্ষ সদস্য আটক কৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। আটক কৰা উগ্ৰপন্থীৰ সদস্যকেইজন ক্ৰমে লংপং গাঁৱৰ ৱাং চাং ৩৫, থালাত চহা চাৰ্কুল গাঁৱৰ উইনটোপ চাউইন ২৩, অল্ড নইংতং গাঁৱৰ পানচাম খ্যাঙ ২০, নিউ নইংতং গাঁৱৰ টেংয়াং কোংখো ৪৬, আৰু নংটংম চাংলাং গাঁৱৰ ৰণী কোংখো ২২ বুলি জানিব পৰা গৈছে। ধৃত সদস্যৰ পৰা একে ৫৬ এটা, হান্টাৰ ৰাইফল দুটা, চুৰি এখন, ৭.৬২এম এম ৯৫ আৰ ডি এছ বিস্ফোৰক সামগ্ৰী , ৭.৬২ এম এম এএমএন – ০৪, গ্রাম পাউদাৰ, ২০ গ্রাম, কমবাট পেকেটকে আদি কৰি, অস্ত্ৰ শস্ত্ৰ, বিস্ফোৰক সামগ্ৰী আৰু বহু আপত্তি জনক সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গুৰুত্ব ভাৱে আহত হোৱা ধৃত সদস্যকেইজনক উত্তৰ-পূৱ মাৰ্ঘেৰিটা কয়লাক্ষেত্ৰ কেন্দ্ৰীয় চিকিত্সালয়লৈ প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। প্ৰাথমিক চিকিৎসাৰ পাছত আটক কৰা নগা উগ্ৰপন্থী দলটোক মাৰাথান জেৰা অব্যাহত ৰাখিব বুলি সেনাৰ সূত্ৰে জানিবলৈ দিয়ে ।