শেহতীয়া খবৰ
Home / আঞ্চলিক / ১৭ জানুৱাৰিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব জোনবিল মেলা

১৭ জানুৱাৰিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব জোনবিল মেলা

আনহাতে মেলাৰ দ্বিতীয় দিনা পুৱা ৫ বজাত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বিনিময় প্ৰথাৰ হাট উদ্বোধন কৰিব। পুৱা ৯ বজাত জোনবিলত অনুষ্ঠিত হ’ব সমূহীয়া মাছ মৰা পৰ্ব। একেদিনাই দুপৰীয়া অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক কাৰ্যসূচী মুকলি কৰিব জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাই। মেলা উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰাই। তৃতীয় দিনা অনুষ্ঠিত হ’ব লগীয়া পৰম্পৰাগত তিৱা ৰজাসকলৰ ৰাজদৰবাৰত উপস্থিত থাকিব মুখ্য মন্ত্ৰী সোণোৱাল। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।