শেহতীয়া খবৰ
Home / ক্ৰীড়া / ২৪ তম সদৌ ভাৰত বন খেল সমাৰোহ ২০১৯ ত  অসমৰ ১৪ টা পদক লাভ

২৪ তম সদৌ ভাৰত বন খেল সমাৰোহ ২০১৯ ত  অসমৰ ১৪ টা পদক লাভ

পঙ্কজ নাথ, চাংসাৰিঃ চট্টিছগড়ৰ ৰায়পুৰত চলিত বৰ্ষৰ ৯ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈ অনুস্থিত হোৱা ২৪ সংখ্যক সদৌ ভাৰত বন খেল সমাৰোহ ২০১৯ ত অসম বন বিভাগে বিষয়াসহ বনকৰ্মচাৰীৰ ৩৩ জনীয়া এটি খেলুৱৈৰ দল প্ৰেৰণ কৰিছিল। সদ্য সমাপ্ত এই সমাৰোহত উক্ত দলটোৱে ৭ টি পদক জয়ী হৈ অন্য  বছৰ সমূহৰ তুলনাত এইবাৰ কিছু পৰিমাণে চমকপ্ৰদ সফলতা দেখুৱাবলৈ সক্ষম হৈছে।

এই খেল সমাৰোহত উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা বনাঞ্চলৰ আঞ্চলিক বন বিষয়া ৰবীন বৈশ্যই ভাৰত্তোলনত ১টা স্বৰ্ণ ও ১টা ব্ৰঞ্জৰ সহিতে মুঠ ২ টা পদক, বন সুৰক্ষা বাহিনীৰ নায়নমণি শইকীয়াই ভাৰত্তোলনত ১টা স্বৰ্ণ পদক, অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি. এফ. অ. তেজছ মৰিস্বামীয়ে স্কোৱাছত ১টা ৰূপৰ পদক, ঢলাৰ ফৰেষ্টাৰ বিজয় চেতিয়া পাত্ৰই চৰ্তপুতত ১টা ৰূপক ও দিস্কাছ থ্রোত ১টা ব্ৰঞ্জৰ পদক আৰু বন সুৰক্ষা বাহিনীৰ অৰ্জুন ছেত্ৰীয়ে ৪০০ মিটাৰ দৌৰত ১টা ৰূপক পদক অৰ্জনৰে অসম বন বিভাগৰ দলটোৱে মুঠ ৭ টা পদক দখল কৰে।

 

এইবাৰ এইসকল খেলুৱৈয়ে ৭টা কৈ পদক জিনি অসম বন বিভাগলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছত ইতিমধ্যে দলটো সুকলমে গুৱাহাটীত আহি উপস্থিত হৈছে। জানিব পৰা অনুসৰি সদ্য বিজয়ী এই পদকপ্ৰাপ্ত বিষয়া-কৰ্মচাৰী-খেলুৱৈকেইজনক কালি বৃহস্পতিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অসম বন বিভাগৰ মুখ্য কাৰ্যালয় অৰণ্য ভৱনত সম্বৰ্ধনা জনোৱা হব।