শেহতীয়া খবৰ
Home / আঞ্চলিক / টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত শিল্পী দিৱস উদযাপন

টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত শিল্পী দিৱস উদযাপন

 জ্যোতিপ্ৰসাদক সুঁৱৰি আছু, শাখা সাহিত্য সভা আৰু যুৱ ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি

বিৰাজ বৰা, কাকজানঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি আৰু চেতনাক সুঁৱৰি টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শাখা সাহিত্য সভা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। টীয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া, টীয়ক শাখা সাহিত্য সভাৰ সভাপতি হেমচন্দ্ৰ হাজৰিকা, প্ৰাক্তন ছাত্ৰ নেতা তথা অসম সচিবালয়ত কৰ্মৰত ড০ মণ্টু কুমাৰ বৰা আৰু টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞাই জ্যোতিপ্ৰসাদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি অনুষ্ঠানটি আৰম্ভণি কৰে। টীয়ক আছুৰ সহ: সম্পাদক ভাস্কৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত ড০ মণ্টু কুমাৰ বৰাই ভাষণ প্ৰসংগত জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শক সাৰোগত কৰি জীৱনত আগবাঢ়ি যাবলৈ ছাত্ৰীসকলক আহ্বান জনায়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, টীয়ক শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশিল কুমাৰ বৰা, টীয়ক আছুৰ সহ: সম্পাদক প্ৰাঞ্জল দত্ত, বিষয়ববীয়া দীপাংকৰ বেজবৰা, ৰক্তিম হাজৰিকা প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।