শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / নাৰী শিক্ষা আৰু সামাজিক দায়বদ্ধতা

নাৰী শিক্ষা আৰু সামাজিক দায়বদ্ধতা

✍ হামিদা ইয়াচমিন

মানৱ সমাজ গঠনকাৰী, সৃষ্টিৰ পৰ্যায় এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কঢ়িয়াই নিয়া দুটি নাম হ’ল পুৰুষ আৰু নাৰী। নাৰী আৰু পুৰুষ দুটা ভিন্ন শব্দ যদিও দুয়োটা একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। এটাৰ অবিহনে আনটো অসম্পূৰ্ণ। নাৰী পুৰুষৰ প্ৰতিদ্বন্দ্বী নহয়, পৰিপূৰকহে। নাৰী আৰু পুৰুষ উভয়ৰ অৱদানতহে সমাজ এখনৰ উন্নয়ন নিৰ্ভৰ কৰে। এজন পুৰুষে এখন সমাজত যি ভূমিকা পালন কৰে কাৰ্যক্ষেত্ৰত নাৰীৰ ভূমিকাও কেনোগুণে কম নহয়। সৃষ্টিৰ আদিম পৰ্যায়ৰ পৰাই নাৰী আৰু পুৰুষে সমাজৰ স্থিতিশীলতাক গতিশীলতা প্ৰদান কৰি আহিছে, কৰি আছে আৰু কৰি থাকিব। কিন্তু পৰিতাপৰ বিষয় এয়ে যে আমাৰ সমাজত এতিয়াও অৰ্ধশতাধিক নাৰী অন্ধকাৰত ডুব গৈ আছে। নিতৌ হাজাৰ হাজাৰ মহিলা কুসংস্কাৰ, অন্ধবিশ্বাসৰ বলি হৈছে, কম বয়সতে মাতৃত্বৰ গধুৰ বোজা বহন কৰিছে, বোৱাৰীৰ ৰূপত, মাতৃ ৰূপত নিৰ্যাতিত হৈছে, ডাইনী সজাই নিৰ্মমভাৱে হত্যা কৰা হৈছে, যৌতুক বিচাৰি স্বামীৰ হাতত প্ৰাণ দিছে। এতিয়াও মহিলাসকলে সমাজ তথা দেশৰ উন্নয়নত সম্পূৰ্ণৰূপে আগবাঢ়ি আহিব পৰা নাই। তাৰ কাৰণ হিচাপে যদি আমি চাবলৈ যাওঁ তেতিয়াহ’লে আমি দেখা পাম, নিৰক্ষৰতা বা অনগ্ৰসৰতাই হৈছে তাৰ একমাত্ৰ কাৰণ।

কিয়নো দেশ এখনৰ উন্নয়ন নিৰ্ভৰ কৰে সেই দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। যি দেশৰ শিক্ষা ব্যৱস্থা উন্নত আৰু প্ৰায়বোৰ লোক শিক্ষিত সেই দেশৰ উন্নতিও উৰ্ধগামী হয় আৰু সফলতাৰ শীৰ্ষত আৰোহন কৰিবলৈ সক্ষম হয়। পৃথিবীৰ উন্নত দেশবোৰৰ লগত তুলনা কৰিলে দেখা পাওঁ সেই দেশবোৰৰ লোকসকল আমাৰ দেশতকৈ বহুত উন্নত ধৰণৰ জীৱন যাপন কৰে আৰু নিজকে অধিক সভ্য বুলি বিশ্ব ধৰবাৰত নিজৰ পৰিচয় দিবলৈ সক্ষম হয়। কাৰণ সেই উন্নত দেশবোৰৰ শিক্ষা ব্যৱস্থা আমাৰ দেশতকৈ  বহুত উন্নত, নাৰী পুৰুষৰ মাজত কোনো বৈষম্য ৰখা নহয় সেইবোৰ দেশত। উন্নয়নৰ প্ৰথম চৰ্তই হ’ল শিক্ষা।দেশৰ উন্নয়নৰ লগত শিক্ষাৰ ওতপ্ৰোত সম্পৰ্ক আছে। শিক্ষাই মানুহক জ্ঞানৰ পথ দেখুৱাই, পৰিচালনা কৰে, ভৱিষ্যত নিয়ন্ত্ৰণ কৰে। দেশৰ ভৱিষ্যত প্ৰজন্ম নিৰ্ভৰ কৰে মহিলাসকলৰ ওপৰত। মহিলাসকল শিক্ষিত হ’লেহে দেশৰ ভৱিষ্যত প্ৰজন্ম শিক্ষিত হ’ব। ভৱিষ্যত প্ৰজন্ম শিক্ষিত হ’লেহে দেশখন শিক্ষিত হৈ উন্নয়নত আগবাঢ়িব পাৰিব।গতিকে শিক্ষাক জাতিৰ মেৰুদণ্ড বুলিও কব পাৰি আৰু নাৰী সেই মেৰুদণ্ডৰ গুৰি।

দেশৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল- ‘এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া, এগৰাকী নাৰীক শিক্ষা দিয়া মানে দহগৰাকী ব্যক্তিক শিক্ষা দিয়া, এটা পৰিয়ালক শিক্ষিত কৰা, এখন সমাজক শিক্ষত কৰা’। যেতিয়ালৈ দেশত নাৰীসকল শিক্ষিত হৈ সু মাতৃ হ’ব নোৱাৰে তেতিয়ালৈ আমাৰ শিক্ষা ফলপ্ৰসূ হ’ব নোৱাৰে। মহিলাসকলৰ শিক্ষাৰ ওপৰতে দেশ এখনক আভ্যন্তৰিণ বিকাশ নিৰ্ভৰ কৰে। তেওঁলোকৰ মাধ্যমেৰেই এখন সমাজৰ পৰা আন এখন সমাজলৈ শিক্ষা বিস্তাৰিত হয়। সেয়ে দেশৰ ভৱিষ্যতৰ লগত নাৰী শিক্ষাৰ ওতপ্ৰোত সম্পৰ্ক আছে। আনহাতে এজন শিশুৰ প্ৰথম শিক্ষা আৰম্ভ হয় ঘৰখনৰ পৰা তথা মাতৃগৰাকীৰ পৰা। জন্মৰ পাছতে এটি শিশুৱে প্ৰথম লগ পায় মাতৃগৰাকীক। মাত ফুটাৰ পৰা আৰম্ভ কৰি জীৱনৰ আদিপাঠ  সকলোবোৰ শিকে নিজ মাতৃগৰাকীৰ পৰা। সেয়ে মাতৃগৰাকীক শিশু শিক্ষাৰ প্ৰথম শিক্ষয়িত্ৰী বুলি কোৱা হয়। শিশুক দেশৰ ভৱিষ্যৎ বুলি কোৱা হয় আৰু দেশৰ ভৱিষ্যত এই শিশুসকলক সু-শিক্ষা দিবলৈ মহিলাসকল শিক্ষিত হোৱাটো বাঞ্চনীয়। শিশুসকল শিক্ষিত হ’লেহে দেশত নিৰক্ষৰতাৰ দৰে মহাব্যাধি ৰোগটো ভৱিষ্যতে নিৰাময় হ’ব।

তদুপৰি এগৰাকী শিক্ষিতা মহিলাৰ চিন্তাধাৰা, ভাবভংগী যিকোনো দিশতে এগৰাকী অশিক্ষিতা মহিলাতকৈ বহুগুণে ওপৰত। এগৰাকী শিক্ষিতা মহিলাৰ আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতা বহু বেছি। যিকোনো বিষয় তেওঁলোকে সমালোচনাৰ দৃষ্টিভংগীৰে ফঁহিয়াই চাই নিজে সিদ্ধান্ত ল’ব পাৰে। এগৰাকী শিক্ষিতা নাৰীয়েহে দৈনন্দিন জীৱনৰ ঠেক পৰিসৰ ভাঙি চুৰমাৰ কৰি দিব পাৰে৷ শিক্ষাই ঘৰৰ চাৰি বেৰৰ দেৱালৰ মাজত আৱদ্ধ এগৰাকী নাৰীৰ বাবেই সুন্দৰ বৰ্হিজগতত প্ৰৱেশ কৰা এক উন্মুক্ত দ্বাৰ। এগৰাকী শিক্ষিত নাৰীয়ে দেশৰ আইন কানুনবোৰ ভালদেৰ বুজিব বাৰে। নাৰী জাগৰণ তথা নাৰী সবলীকৰণো শিক্ষিতা মহিলাইহে আনিব পাৰে। দৰিদ্ৰতা দূৰীকৰণ, স্বাস্থ্য, সমতা, সুস্থিৰ অৰ্থনীতি, পুষ্টিহীনতা, মহিলা সবলীকৰণ আদি বিভিন্ন দিশত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

কিন্তু দুখৰ বিষয় এয়ে যে আমাৰ দেশত মহিলা সাক্ষৰতাৰ হাৰ পুৰুষৰ তুলনাত এতিয়াও বহুত পিছপৰি আছে। পৃথিৱীৰ উন্নত দেশৰবোৰৰ লগত যদি আমাৰ দেশখন তুলনা কৰি চাওঁ তেতিয়াহ’লে আমি নিশ্চয়কৈ দেখা পাম যে সেইবোৰ দেশৰ মহিলা সাক্ষৰতাৰ হাৰ আমাৰ দেশৰ মহিলা সাক্ষৰতাৰ হাৰতকৈ যথেষ্ট উৰ্দ্ধত আছে। ২০১১ চনৰ জৰীপ মতে অসমৰ সাক্ষৰতাৰ হাৰ ৭৩.১৮ শতাংশ আৰু ভাৰত ৭৪.০৪ শতাংশ। ইয়াৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ অসমৰ ৬৭.২৭ শতাংশ আৰু ভাৰতৰ ৬৫ শতাংশহে মাথো। এতিয়াও অসমৰ ৩৩ শতাংশ মহিলাই লিখিব পঢ়িব নাজানে। গ্ৰাম্যঞ্চলৰ অৱস্থা আৰু দুখ লগা। অসমত পুৰুষ মহিলাৰ সাক্ষৰতাৰ ব্যৱধান ১২ শতাংশ। ইয়াৰ পৰা এইটো স্পষ্ট যে অসমৰ মহিলা সাক্ষৰতাৰ হাৰ ভাৰত আন আন ৰাজ্যৰ বাদেও অসমৰ চুবুৰীয়া ৰাজ্যৰ তুলনাতো বহুত কম। মণিপুৰ(৭৩.১৭) মিজোৰাম(৮৯.৪০) নগালেণ্ড (৭৬.৬৯) ছিকিম (৭৬.৪৩) ত্ৰিপুৰা (৮৩.১৫) শতাংশ। অকল অৰুণাচলতহে (৫৯.৫৭) মহিলা সাক্ষৰতাৰ হাৰ অসমতৈক কম।

সৰ্বভাৰতীয় স্তৰত অসমৰ সাক্ষৰতাৰ স্থান হৈছে ২৬ তম। অৰ্থাৎ অসম এতিয়াও শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিচপৰা। উন্নত ৰাজ্যসমূহৰ লগত ফেৰ মাৰিবলৈ হলে অসমৰ শিক্ষাৰ মানদণ্ড উন্নত হ’বই লাগিব অন্যথা বৈচিত্ৰ্যময়  ৰাজ্যখন উন্নয়নৰ বাটত মুখ থেকেচা খাবলৈ বেছিপৰ নালাগে। মহিলাসকলৰ এনে নিৰক্ষৰতা তথা ভয়ৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে তদানিন্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে এখন সুন্দৰ সমাজ গঢ়াৰ স্বাৰ্থত আমাৰ দেশৰ সকলো মহিলা সাক্ষৰ হ’ব লাগে বুলি কৈছিল। ভৱিষ্যতে যাতে আমাৰ দেশখন শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ বাবে চৰকাৰে বিভিন্ন পন্থা হাতত লৈছে। বৰ্তমান সময়ত শিশুৰ শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে ৬-১৪ বছৰ বয়সৰ ল’ৰা-ছোৱালী শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে সাক্ষৰ ভাৰত মিচনৰ অধীনত ১৫ বছৰৰ ওপৰৰ সকলো নিৰক্ষৰ পুৰুষ মহিলাকে সাক্ষৰ কৰাৰ প্ৰয়াস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

মন কৰিবলগীয়া কথা এয়ে যে শিশুৰ অধিকাৰ আইন, সাক্ষৰ ভাৰত মিছন বা অন্য কোনো শিক্ষা বিষয়ক আঁচনিয়ে হওঁক বিভিন্ন কাৰণবশত এতিয়াও সম্পূৰ্ণৰূপে সফল হ’ব পৰা নাই। আজি শিশুৰ অধিকাৰ আইনে শিশুৰ শিক্ষা বাধ্যতামূলক কৰিছে যদিও এতিয়াও সকলো শিশুকে সামৰি ল’ব পৰা নাই। ঠিক তেনেদৰে সাক্ষৰ ভাৰত মিছনেও এতিয়াও বহুত ভিতৰুৱা ঠাইৰ মহিলাসকলক চুবগৈ পৰা নাই। তাৰ বাবে অকল চৰকাৰ বা সমাজখনক দোষাৰোপ কৰি থাকিলে সমস্যাৰ সমাধান নহয়। চৰকাৰী কাৰ্যসূচী বা আইন প্ৰণয়নৰ ওপৰত ভৰষা কৰি বহি থাকিলে নাৰী শিক্ষা সম্ভৱ নহয়। তাৰ বাবে আমি সমাজৰ প্ৰত্যেকজন নাগৰিকে সচেতন হ’ব লাগিব। সমাজৰ প্ৰতিগৰাকী লোকে স্ত্ৰী শিক্ষাৰ বিস্তাৰৰ বাবে হাতে কামে লাগিব। তেতিয়াহে নাৰীশিক্ষাৰ সুফল পোৱা যাব।

নাৰী শিক্ষাৰ বাবে অন্তৰায় হৈ পৰা সমস্যাসমূহ সমাধানৰ বাবে বিজ্ঞানসন্মত পদ্ধিত আমি হাতত ল’ব লাগিব। আমি বিভিন্ন নাৰী সংগঠনে বিভিন্ন স্থানত কৰ্মশালা, সজাগতা শিবিৰ, বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি নাৰীসকলক অনুপ্ৰাণিত কৰাব পাৰিলে নিশ্চয় মহিলাসকল আগবাঢ়ি আহিব। বিভিন্ন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ যোগেদি নাৰীসকলক বৃত্তিমূলক প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীল কৰাব পাৰিলে কিছু সুফল পোৱা যাব। নহ’লে অদূৰ ভৱিষ্যতে এই নিৰক্ষৰ লোকসকল সমাজৰ বোজা হৈ পৰিব। গতিকে ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হৈ পৰে যে সমাজ গঠনত, দেশৰ  উন্নয়নত নাৰী শিক্ষাও পুৰুষ শিক্ষাৰ নিচিনা সমানে প্ৰয়োজনীয়।অন্যথা নাৰী  নিৰক্ষৰতা দেশৰ প্ৰগতিত হেঙাৰ হৈ পৰিব। “নাৰী জাতি শিক্ষিত হ’লেহে দেশৰ উন্নয়নত ধনাত্মক প্ৰভাৱ পৰিব অন্যথা দেশৰ, সমাজৰ ভৱিষ্যৎ অন্ধকাৰ”।