শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰপেটাৰোড অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ পূৰ্ণাংগ প্ৰতিমূর্তি উন্মোচন 

বৰপেটাৰোড অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ পূৰ্ণাংগ প্ৰতিমূর্তি উন্মোচন 

শিবু সৰকাৰ, বৰপেটাৰোডঃ আজি সমন্বয় নগৰী খ্যাত নগৰী বৰপেটাৰোডৰ অম্বিকাগিৰী চ’কত (আমতলত) অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ পূৰ্ণাংগ প্ৰতিমূর্তি  আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গিৰিধাৰী দাস আৰু সমীৰণ মজুমদাৰে আঁতধৰা উক্ত অনুষ্ঠানত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰতিমূর্তি উন্মােচন কৰি বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে কয়- অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সৃষ্টি-কৰ্মৰাজিৰে প্ৰতিটো জাতি-জনগোষ্ঠীৰ জাতীয় চেতনা উদ্বুদ্ধ কৰিছিল। তেখেতে জাতি-জনগোষ্ঠীৰ নিজস্ব স্বকীয়তা অটুট ৰখাৰ পোষকতা কৰি প্ৰকৃতাৰ্থত সমগ্ৰ দেশৰে স্বকীয়তা উজ্জীৱিত কৰাৰ বাণী প্ৰচাৰ কৰাটো সূচায়। পিছত অসম কেশৰীৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে আয়ুক্ত সচিব নগৰ উন্নয়ন দিছপুৰ তথা বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰে আৰু পুষ্পঞ্জলি অর্পণ কৰে বৰপেটা জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাই। উল্লেখ্য যে  অম্বিকাগিৰী ৰায়চৌধুৰীৰ দ্বিতীয়া কন্যা যুগব্রতা দত্তই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে।
ইয়াৰে পিছত স্মৃতি সৌধ নির্মাণ সমিতিৰ সভাপতি  অজিত কুমাৰ দাসৰ সভাপতিত্বত উন্মােচনী সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে স্থানীয় বিধায়ক তথা প্ৰাক্তন অসম বিধান সভাৰ অধ্যক্ষ ৰনজিৎ কুমাৰ দাসৰ লগতে বিশিষ্ট অতিথি হিচাপে ক্ৰমে থানেশ্বৰ মালাকাৰ, আয়ুক্ত সচিব নগৰ উন্নয়ন বিভাগ দিছপুৰ, ভায়ােলেট বৰুৱা, আৰক্ষী অধীক্ষক বৰপেটা, সবিতা দেৱনাথ, সভানেত্রী, বৰপেটাৰােড পৌৰসভা। নির্দিষ্ট বক্তা হিচাপে বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক অক্ষয় কুমাৰ মিশ্রৰ লগতে সভাত মনোজ চিকাৰীয়া অতিৰিক্ত উপায়ুক্ত, মানস শইকীয়া বৰনগৰ ৰাজহ চক্ৰ বিষয়াকে আদি কৰি প্ৰায় তিনি শতাধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ জীৱন-দৰ্শনৰ ওপৰত আলোপাত কৰে। উক্ত উন্মােচনী সভাতে প্ৰতিমূৰ্তি নিৰ্মাণ কৰা শিল্পী বিজু কুমাৰ দাসক সম্বৰ্ধনা জনোৱা হয়। আনহাতে উন্মােচনী সভা চলি থকাৰ সময়ে বৰপেটাৰোড জ্যেষ্ঠ নাগৰিক বনমালী পাঠকে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অকলে অনশনত বহে যদিও আৰক্ষীৰ অনুৰোধ মৰ্মে তেওঁ অনশন ভংগ কৰে যদিও সংবাদ মাধ্যমৰ জৰিয়তে  তেওঁ স্থানীয় বিধায়ক ৰণজিত কুমাৰ দাসক এই বিল খনৰ বিৰুদ্ধে মাত মাতিবলৈ অনুৰোধ কৰাৰ লগতে যি সকলে সপক্ষে মাত মাতিছে তেওঁলোককো জাতিধ্বংসী বিলৰ বিৰুদ্ধে মাত মাতিবলৈ অনুৰোধ জনায়।