শেহতীয়া খবৰ
Home / আঞ্চলিক / উত্তৰ পূৱ ভাৰত মাওথাই চেম্পিয়নশ্বিপ ২০১৯ লৈ অসমৰ তিনিগৰাকী খেলুৱৈ চিকিমলৈ ৰাওনা

উত্তৰ পূৱ ভাৰত মাওথাই চেম্পিয়নশ্বিপ ২০১৯ লৈ অসমৰ তিনিগৰাকী খেলুৱৈ চিকিমলৈ ৰাওনা


শৰৎ গগৈ, লেখাপানীঃ উত্তৰ পূৰ্বাঞ্চলৰ য়ুঠ ফেষ্টিভেল ২০১৯ অহা ২১ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া উত্তৰ পূৱ ভাৰত মাওথাই চেম্পিয়নশ্বিপ ২০১৯ ৰ প্ৰতিযোগিতালৈ অসমৰ তিনিগৰাকী খেলুৱৈ নিৰ্বাচিতহৈ চিকিমলৈ ৰাওনা হয়। চিকিম চৰকাৰে অনুষ্ঠিত কৰা উত্তৰ পূৱ ভাৰত মাওথাই চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখন প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰা যাতায়তৰ সুবিধা, থকা, খোৱা ইত্যাদি সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত কৰিছে। এই প্ৰতিযোগিতাত অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। অসমৰহৈ একমাত্ৰ তিনিচুকীয়া জিলাৰ এমেচাৰ মাওথাই এছচিয়েচনৰ পৰা তিনিগৰাকী প্ৰতিযোগিয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে সুবিধা পাবলৈ সক্ষম হৈছে তাৰে ভিতৰত তিনিচুকীয়া জিলাৰ লেখাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান দিহিং ভেলী কনিষ্ঠ মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা একাদশ শ্ৰেণীৰ ছাত্ৰী ৰীতা তামাং, ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী সংগীতা ছেত্ৰী আৰু হাছাক জাতীয় বিদ্যালয়ৰ ছাত্ৰ সন্তোষ কৰ্মকাৰ।

ৰীতা তামাঙে ১৮ বছৰৰ ওপৰৰ ৪৫ কেজি ওজনৰ প্ৰতিযোগিৰ লগতে সংগীতা ছেত্ৰীয়ে ১৭ /১৮ বছৰৰ -৪৮ কেজি ওজনৰ লগত আৰু সন্তোষ কৰ্মকাৰে ১৬/১৮ বছৰৰ জুনিয়ৰ ল’ৰাৰ লগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি তিনিচুকীয়া জিলাৰ মাওথাই এছচিয়েচনৰ প্ৰশিক্ষক শুভম চৌধুৰীয়ে জানিবলৈ দিয়ে। অসমৰ এই তিনিগৰাকী খেলুৱৈক প্ৰতিনিধিত্ব কৰিছে অসম মাওথাই এছচিয়েচনৰ গ্ৰেণ্ড মাষ্টাৰ ৰাকেশ মিটাই, মাওথাই এছচিয়েচনৰ সম্পাদক প্ৰতাপ ৰাহাং আৰু সামগ্ৰিক ভাৱে এই তিনিগৰাকী খেলুৱৈক অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ পৰা খেলৰ জৰিয়তে অসমৰ ভিতৰতে প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা প্ৰদান কৰিছে মাওথাই এছচিয়েচনৰ প্ৰশিক্ষক শুভম চৌধুৰীয়ে। এই তিনিগৰাকী প্ৰতিযোগিক বিশেষকৈ টিৰাপ মৌজাৰ জাতীয় সংগঠন আৰু শিক্ষক সমাজে শুভেচ্ছা জ্ঞাপন কৰিছে।