শেহতীয়া খবৰ
Home / আঞ্চলিক / আইনী মেৰপেচত বন্দী ভাৰতীয় নাগৰিক! সমূহীয়া আত্মজাহৰ ভাবুকি

আইনী মেৰপেচত বন্দী ভাৰতীয় নাগৰিক! সমূহীয়া আত্মজাহৰ ভাবুকি

গোৱালপাৰা ডিটেনশ্বন কেম্পত অভাৱনীয় পৰিস্থিতি, ২শতাধিক কয়দীৰ আমৰণ অনশন আৰম্ভ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ দেশৰ ৭০তম গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ ৫দিন বাকী থকা অৱস্থাতে আজি গোৱালপাৰা কাৰাগাৰত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ কাৰাগাৰখনত স্থাপন কৰা ডিটেনশ্বন কেম্পৰ ২শতাধিক কয়দীয়ে আজিৰে পৰা আমৰণ অনশন আৰম্ভ কৰিছে৷ কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবীত অণ্ণ বৰ্জন কৰিছে৷ এই খবৰ পোৱা মাত্ৰকেই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ঘটনাস্থলীত উপস্থিতহৈ আন্দোলনকাৰীৰে আলোচনাত মিলিত হয়৷ দীৰ্ঘ সময়জুৰি আলোচনা চলে যদিও আলোচনা ব্যৰ্থ হয়৷ উল্লেখ্য যে গোৱালপাৰা কাৰাগাৰৰ ডিটেনশ্বন কেম্পত বিভিন্ন জিলাৰ প্ৰায় ২৭৭গৰাকী কয়দী থকা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ ইয়াৰ মাজত একাংশ ভাৰতীয় নাগৰিক থকা বুলিও বিভিন্ন সময়ত দাবী উত্থাপিত হৈ আহিছে৷ আইনী মেৰপেচত আবদ্ধহৈ কাৰাগাৰৰ বন্ধ কুঠৰীত বন্দীত্বৰ জীৱন কটাবলৈ বাধ্য হৈছে৷ বছৰৰ পিছত বছৰ ধৰি ডিটেনশ্বন কেম্পত আবদ্ধ হৈ থকাৰ ফলত কাৰামুক্তিৰ দাবীত সময়ে সময়ে কাৰাগাৰৰ ভিতৰতেই আন্দোলনৰ কাৰ্যসূচী পালন কৰি আহিছে৷ প্ৰশাসনে বিভিন্ন প্ৰতিশ্ৰুতি দি আহিছে যদিও কোনো ফল দিয়া নাই৷যাৰ ফলত দেশৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ডিটেনশ্বন কেম্পখনৰ কয়দী সকলে পুনৰ আন্দোলনত নামি পৰিছে৷

এইবাৰ তেওঁলোকে আমৰণ অনশন আৰম্ভ কৰি তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্যন্ত অণ্ণ গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সূত্ৰটোৱে জনাইছে৷ সূত্ৰটোৱে জনোৱা মতে আইনী মেৰপেচত পৰি কাৰাৰুদ্ধ হোৱা কয়দীসকলক জামিনত মোকলাই দি নাগৰিকত্ব প্ৰমাণৰ সুযোগ দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে৷ আজি পুৱাৰে পৰাই কয়দী সকলে আমৰণ অনশন আৰম্ভ কৰাৰ খবৰ লাভ কৰাৰ পিছতেই জিলা উপায়ুক্ত বৰ্ণালী ডেকা আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহা কাৰাগাৰত উপস্থিত হয়৷ তেওঁলোকে আমৰণ অনশনৰত কয়দী সকলৰ লগত আলোচনাত মিলিত হয়৷ অনশনৰত কয়দী সকলে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সন্মুখত তীব্ৰ ক্ষোভ উজাৰে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে৷ আনকি এইবাৰ তেওঁলোকৰ দাবী পূৰণ নকৰিলে সমূহীয়াভাৱে আত্মজাহ দিব বুলি প্ৰশাসনৰ শীৰ্ষ দলটোৰ আগত অনশনকাৰীসকলে মুকলিকৈ ভাবুকি প্ৰদান কৰা বুলিও সূত্ৰটোত প্ৰকাশ৷ সূত্ৰটোৱে জানিবলৈ দিয়া মতে জিলা উপায়ুক্তই অনশন ভংগ কৰাৰ বাবে বিভিন্ন ধৰণে বুজনি দিয়ে৷ তেওঁলোকৰ দাবী সমূহ চৰকাৰক জনোৱা হ’ব বুলিও জিলা উপায়ুক্তই প্ৰতিশ্ৰুতি দিয়ে যদিও আন্দোলনকাৰী সকলে তেওঁলোকৰ দাবীত নাচোৰবান্দা হৈ থাকে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে৷ প্ৰায় দুঘণ্টাজুৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে অনশনৰত কয়দী সকলোৰে আলোচনা-বিলোচনা চলাই যদিও কোনো ফল নিদিয়ে৷ বাতৰি লিখা পৰলৈ আমৰণ অনশনৰ সিদ্ধান্তত অটল থকা কয়দী সকলে কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰা নাই বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ ফলত কাৰাগাৰখনৰ পৰিস্থিতি অনাগত সময়ত অধিক শোচনীয় হৈ পৰাৰ সম্ভৱনাই বিৰাদ কৰিছে৷ এনে অৱস্থাত চৰকাৰ তথ প্ৰশাসনে এই সংক্ৰান্তত কি ব্যৱস্থ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷