শেহতীয়া খবৰ
Home / আঞ্চলিক / চিৰাঙৰ ছাতিপুৰত আমছুৰ বৃহৎ গণ সমাৱেশ

চিৰাঙৰ ছাতিপুৰত আমছুৰ বৃহৎ গণ সমাৱেশ

হিমন্ত বিশ্ব শৰ্মাহে জিন্নাৰ বংশধৰঃ সভাপতি আমছু

সঞ্জয় সৰকাৰ, কাজলগাঁওঃ যোৱা ২০০৩ চনত একপক্ষীয়ভাবে বি টি চি চুক্তি সম্পাদন কৰাৰ পিছৰে পৰা বি টি এ ডিত বসৱাস কৰা ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে গোষ্ঠীগত সংঘৰ্ষকে আদি কৰি সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আদিৰ দৰে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। এই ক্ষেত্ৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই (আমছু) সংখ্যালঘুসকলৰ প্ৰতিটো জলন্ত সমস্যা সমাধানাৰ্থে অসম তথা বি টি চিৰ পৰিষদীয় চৰকাৰখনক দাবী উত্থাপন কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। গতিকে চৰকাৰী পক্ষৰ এনে বৈষম্যমূলক নীতিৰ বিৰুদ্ধে সংখ্যালঘু জনসাধাৰণক একত্ৰিত কৰি এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাটো সময়ৰ আহ্বান। সেয়েহে বি টি চিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম অধিকাৰ-সম মৰ্যাদা প্ৰতিষ্ঠাৰ হকে তথা বি টি চি চুক্তি পুনৰীক্ষণ কৰাৰ লগতে সংখ্যালঘু জনগনৰ বিভিন্ন সমস্যা সমাধানাৰ্থে আজি চিৰাং জিলা সদৰ কাজলগাঁৱৰ পাৰ্শ্বৱৰ্তী মধ্য ছাতিপুৰ বিদ্যালয় খেলপথাৰত আমছুৰ চিৰাং আৰু বিজনী জিলা সমিতিৰ উদ্যোগত এখন বিশাল গণ সমাৱেশ কাৰ্যসূচী ৰূপায়ন কৰে।

উক্ত গণ সমাৱেশত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে –  “বি টি চি গঠন হোৱাৰ পিছৰ পৰাই বি টি এ ডিত বসবাসকাৰী সংখ্যালঘু জনসাধাৰণে কোনো ধৰণৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আদি প্ৰতিটো দিশত কোনো সুবিধা পোৱা নাই। মডেল বি টি চি হ’বলৈ হ’লে পৰিষদটোত বসৱাসকাৰী প্ৰতিটো জাতি জনগোষ্ঠীক সমঅধিকাৰ, সমমৰ্যাদা দিব লাগিব। কিন্তু দেখা গৈছে যে পৰিষদটোৰ শাসনাধিন বি পি এফ দলৰ নেতা পালিনেতাৰ বাদে আন কাৰো উন্নয়ন হোৱা নাই। “আমছুৰ সভাপতি সৰকাৰে লগতে সাংবাদিকৰ আগত ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে স্থিতি লোৱা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, “মন্ত্ৰী শৰ্মা নাগপুৰীয়াক সন্তষ্ট কৰিবলৈ এনেদৰে মুছলমানক গালি গালাগজত লিপ্ত হৈছে। ধৰ্মীয় সংখালঘু লোকক মন্ত্ৰী শৰ্মাই জিন্নাৰ বংশধৰ বুলি কৈছিল; আচলতে হিমন্ত বিশ্ব শৰ্মাহে জিন্নাৰ বংশধৰ। কাৰণ জিন্না ধৰ্মৰ নামত দেশ বিভাজন কৰি গুচি গৈছে।’’ ইপিনে, হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰতি ধৰ্মৰ নামত অসমখনক ভাগ ভাগ কৰি হিন্দু বাংলাদেশীক অসমলৈ আনিবলৈ বিচাৰিছে। ডক্টৰ শৰ্মাই বাংলাদেশীৰ দালালৰ ৰূপত অৱতীৰ্ণ হৈ অসমৰ মুছলমানক জিন্নাৰ লগত তুলনা কৰাটো অতিকৈ লজ্জাজনক। সংবিধানৰ শপত খাই মন্ত্ৰী শৰ্মাই কৰা এনে মন্তব্য দিৰ্ভাগ্যজনক বুলিও আমছুৰ সভাপতি গৰাকীয়ে লগতে মন্তব্য কৰে। আজিৰ এই গণ সমাৱেশত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, সাধাৰণ সম্পাদক ইমতিয়াজ হুচেইন উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷