শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / অসমীয়া ভাষা, সাহিত্য, কিছু লোকৰ বিকৃত মানসিকতা আৰু মুছলমানসকলৰ অৱদান

অসমীয়া ভাষা, সাহিত্য, কিছু লোকৰ বিকৃত মানসিকতা আৰু মুছলমানসকলৰ অৱদান

✍ হামিদা ইয়াচমিন

বৈচিত্ৰ্যময় দেশ ভাৰতত বসবাস কৰা বংগমূলীয় অসমীয়া মুছলমানসকল এতিয়া অসমৰ এটি শক্তিশালী জনগোট। এই জনগোটে অসমৰ, ভাৰতৰ কৃষ্টি, সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত যুগ যুগ ধৰি এক বিশেষ ভূমিকা পালন কৰি আহিছে যদিও ভাৰতত, অসমত, এই জনগোষ্ঠীটোৱে বিভিন্ন সময়ত চৰকাৰ পৰা, বিভিন্ন ধৰ্মীয় গোটৰ দ্বাৰা শোষিত আৰু লাঞ্চিত হৈ আহিছে আৰু হৈ আছে।এচাম উগ্ৰ, গোড়া সাম্প্ৰদায়িক গোটে ভাৰতৰ পৰা, অসমৰ পৰা এই জনগোষ্ঠীটোক বিতাৰিত কৰাৰ এক ষড়যন্ত্ৰ ৰচি আহিছে আৰু পাকে প্ৰকাৰে এই গোষ্ঠীৰ অন্তৰ্গত লোকসলৰ ওপৰত নানা দোষ জাপি দিয়ে, দোষী , বিদেশী প্ৰমাণ কৰাৰ অপচেষ্টা কৰে।

অসমৰ জনসমাজত সততে ‘মিঞা’ নামেৰে আখ্যায়িত এই জনগোষ্ঠীটোক কোনো ধৰণৰ আগ-গুৰি নোচোৱাকৈ ‘বাংলাদেশী’ বুলি মাৰ্কা মাৰি দিয়াৰ এক প্ৰচেষ্টা নিৰন্তৰভাৱে চলি আহিছে আৰু সাম্প্ৰতিক সময়ত ই এক জলন্ত সমস্যা আৰু উদ্বেগৰ কাৰণ হৈ পৰিছে। কাৰণ স্বাধীনতাৰ বহু পূৰ্বেই ভাৰতলৈ অহা মুছলমানসকল, ১৯৭১ চনৰ বহু পূৰ্বৰ পৰা অসমত বসবাস কৰা এই লোকসকলক অতি সহজতে বাংলাদেশী বুলি দাবী কৰে কিছু দুষ্কৃতিকাৰী গোটে। দাড়ী, মোচ, লুংগী, টুপীৰ ওপৰত ভিত্তি কৰি কৈ দিয়ে এইজন বাংলাদেশী আৰু আৰম্ভ হয় এওৰ, এওঁৰ পৰিয়ালৰ ওপৰত নানা অকথ্য নিৰ্যাতন।

অসমৰ জনগাঁথনিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা এই লোকসকল আৰু আন অসমীয়াসকলৰ মাজত এক ব্যৱধান সৃষ্টি কৰি অসমৰ সামাজিক, ৰাজনৈতিক তথা জাতীয় জীৱনটোক দুৰ্বল কৰিব বিচৰা চক্ৰান্তৰ বাবেই আজি অতদিনেও আমি “বিদেশী বিতাৰিত, বাংলাদেশী দূৰীকৰণ সমস্যা“ৰ কোনো সমাধান কৰিব পৰা নাই। আমি এই চক্ৰান্তৰ স্বৰূপ চিনিব পৰা নাই।

সাধাৰণভাৱে ভোট বেংকৰ ৰাজনীতি, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, উগ্ৰ জাতীয়তাবাদী, বিচিন্নতাবাদী মনোভাৱে  অসমীয়া জাতিৰ এক বৃহৎ ক্ষতি কৰি আছে আৰু আমি ন অসমীয়াই নিজক অসমীয়া বুলি চিনাকি দিবলৈ যাওতে ধৰ্মক প্ৰাধান্য দি নিজৰ সমাজৰ লগতে সমগ্ৰ জাতিটোৰ বিপদ চপাই আনিছোঁ। মুছলমান বুলিলেই সন্ত্ৰাসবাদী নহয়, মুছলমান বুলিলেই বাংলাদেশী বুলি ভাবা গোড়া সকলক কওঁ, যদি সৎ সাহস আছে তেন্তে এবাৰ নিজৰ বিবেক খটাবলৈ চেষ্টা কৰক, আপুনি নিজে এই  বৃহত্তৰ জাতিটোৰ বাবে কি কৰিব পাৰিছে প্ৰশ্ন কৰক। কুকুৰও ভৌ ভৌ কৰে পাগল হলে নহলে ভোক লাগিলে, সি নাজানে বিবেক কি, চিন্তা কি সেয়ে ভৌ ভৌ কৰিলেই নিজৰ সমস্যা সমাধান হ’ব বুলি ভাৱে। কিন্তু আপুনি ?? আপুনিতো জীৱশ্ৰেষ্টৰ শাৰীত পৰে যিয়ে নিজৰ বিবেক, চিন্তাৰে ডাঙৰৰ পৰা ডাঙৰ সমস্যা সমাধান কৰিব পাৰে তেন্তে কিয় বাৰু বিবেকটোক কু অভিসন্ধিৰে, বেয়া অভিপ্ৰায়েৰে নিজৰ জাতিৰ বিৰুদ্ধে ব্যৱহাৰ কৰে ?

আপুনি এজন প্ৰকৃত সচেতন নাগৰিক যদি হয় তেন্তে বৃহত্তৰ অসমীয়া জাতিৰ ভেটিটো সুদৃঢ় কৰাৰ চেষ্টা কৰক, যুগ যুগ ধৰি জাতীয় ঐতিহ্য, কলা, সংস্কৃতি ৰক্ষা কৰি অহা আপোনাৰ মুছলমান ভাতৃজনক বিদেশী সজাবলৈ চেষ্টা নকৰি প্ৰকৃততে বিদেশী কোন চিনাক্ত কৰক আৰু চৰকাৰৰ হাতত গতাই দিয়ক তাত কোনো আপত্তি নাই। কিন্তু খবৰদাৰ জাতীয় জীৱনত যুগ যুগ ধৰি বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাই অহা লোকসকলৰ ওপৰত অপবাদ যাচি নিদিবচোন।বিচিন্নতাবাদী মনোভাৱ পৰিহাৰ কৰক।জাতিক দুৰ্বল কৰি ৰখাৰ গেলা ৰাজনীতিৰ,  ষড়যন্ত্ৰৰ উৎস আৰু লক্ষ্য এতিয়াও সঠিকভাৱে চিহ্নিত হোৱা নাই আৰু সেইবাবেই এই সমস্যা সদায় বাঢ়িছে।গতিকে এইবোৰ সূক্ষ্মভাৱে পৰ্যায়লোচনা কৰি সঠিক সমাধান উলিয়াই আনিবলৈ চেষ্টা কৰক।

জাতিৰ উন্নয়নৰ পথত হেঙাৰ হৈ থিয়হোৱা সমস্যা সমূহ আজি নতুন নতুন ৰূপ লৈছে, সমাধানৰ দিশে অগ্ৰসৰ হোৱা নাই।কিন্তু কিয়· মিঞাসকলক অতি সহজেই জগৰীয়া কৰিবলৈ চেলু বিচাৰি থকা জাতীয় দালালবেৰক কওঁ আজি মিঞা সকলে কোনো গুণে কম নহয়, সভ্যতাৰ পোহৰে আজি মিঞাসকলকো উদ্ভাসিত কৰিবলৈ সক্ষম হৈছে। এই জনগোষ্ঠীক আবং বুলি ভাবি থকাটো আপোনাৰ মহা ভুল হব। আজি জাতিৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিভিন্ন ক্ষেত্ৰত এই জনগোষ্ঠীটোৱে।

দেশ বিভাজনৰ পিছত কিছু লোক পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ পৰা অবৈধভাৱে  সোমাইছে যদিও ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজ নিশালৈকে অহাসকলক আমি ভাৰতীয় নাগৰিক বুলি কৈছোঁ শ্চঅসম চুক্তিমতেগ্গ। এই নিৰ্দিষ্ট সময়ৰ পিছত অহাখিনিক চিনাক্ত কৰি তাৰ যথাবিহীত ব্যৱস্থা কৰিলেই হ’ল। কিন্তু তাকে নকৰি বংগমূলীয় সকলো  অসমীয়া মুছলমানকে বাংলাদেশী বুলি মাৰ্কা মাৰি দিয়াৰ প্ৰৱণতা কোনো কাৰণতে নীতিগত আৰু গ্ৰহণযোগ্য নহয়। এই পটভূমিতে আমি বিচাৰ কৰাটো অত্যন্ত প্ৰয়োজন যে তেওঁলোকে অসমীয়া সামাজিক-সাহিত্যিক জীৱনটোক আঁকোৱালি লোৱাৰ বাবে কেনেধৰণৰ উদ্যোগ গ্ৰহণ কৰিছে। বংগমূলীয় অসমীয়া মুছলমানসকলে অসমলৈ আহি ইয়াৰ স্থানীয় লোকসকলৰ সৈতে আদান-প্ৰদান আৰম্ভ কৰিছিল বা ইয়াৰ ভাষা-সাহিত্য-সংস্কৃতি বুজি পোৱাৰ চেষ্টা কৰিছিল।

অসমীয়া সাহিত্যটোৰ ক্ষেত্ৰতে এক পৰ্যায়লেচনা কৰোঁ আহক——-  যদিও ১৯০২ চনৰ আগলৈকে তাৰ বাবে কোনো আনুষ্ঠানিক প্ৰয়াস চলা নাছিল। ১৯০২ চনত ওচমান আলী সদাগৰে নগাঁৱৰ আলি টাঙনিত প্ৰথম অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠাৰ মাজেৰে এই প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। ১৯১৭ চনত ইয়াত হাইস্কুল প্ৰতিষ্ঠা হয় আৰু সমান্তৰালভাৱে অসমৰ চৰ-চাপৰি অঞ্চলত অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা হ’বলৈ ধৰে। ১৯২৫ চনত মন্দিয়াত প্ৰাথমিক বিদ্যালয় আৰু গোৱালপাৰাৰ চাকালাত হাইস্কুল প্ৰতিষ্ঠা হয়। বৰ্তমান অসমৰ বৃহত্তৰ চৰ-চাপৰি অঞ্চলত চুকে-কোণে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছে। আনকি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰতো জাতীয় বিদ্যালয়ৰ অসমীয়া মাধ্যমৰ বিদ্যালয়হে প্ৰতিষ্ঠা কৰিবলৈ দিয়া হৈছে। এতিয়া চৰ-চাপৰি অঞ্চলৰ এই বংগমূলীয় অসমীয়া মুছলমানসকলৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত ভিত্তি কৰি কেৱল বৰপেটা আৰু ধুবুৰী জিলাতে প্ৰায় এশখনৰো ওপৰ ব্যক্তিগত খণ্ডৰ  অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ় লৈ উঠিছে।

মাধ্যম হিচাপে অসমীয়া ভাষাটোক এনেদৰে গ্ৰহণ কৰাৰ লগে লগে তেওঁলোকে অসমীয়া জাতীয় জীৱনটোৰ লগতো ওতপ্ৰোত সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা চলাইছে। এইক্ষেত্ৰতো প্ৰথম পদক্ষেপ আগবঢ়াইছিল ওচমান আলী সদাগৰে। আতাউৰ ৰহমান, ইলিমউদ্দিন দেৱান, ইছমাইল হোছেইন (জ্যেষ্ঠ) আদি অগ্ৰণী ব্যক্তিসকলৰ উদ্যোগত বিভিন্ন পদক্ষেপ লোৱা হৈছি (অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কোনোবা এখন জৰীপ মতে—ইয়াচমিন)। ১৯৬৪ চনৰ পৰা এইসকল ব্যক্তিৰ উদ্যোগত অসমৰ চৰ-চাপৰি অঞ্চলত ব্যাপকভাৱে অসম সাহিত্য সভাৰ শাখাসমূহ গঢ় লৈ উঠে। ১৯৬৮ চনত অসম সাহিত্য সভাই আতাউৰ ৰহমান সম্পাদিত ‘ৰহিম ৰূপভানৰ সাধু’ শীৰ্ষক পুথিখন প্ৰকাশ কৰি এওঁলোকৰ এই উদ্যোগক আৰু এখোজ আগবঢ়াই দিয়ে। ১৯৬০ চনৰ ভাষা আন্দোলনতো ইলিমউদ্দিন দেৱান, ইছমাইল হোছেইন (জ্যেষ্ঠ) আদি লোকসকলে অসমীয়া ভাষাৰ সপক্ষে জনমত গঢ়ি তোলাৰ চেষ্টা কৰে। সেইদৰে ১৯৭২ চনৰ মাধ্যম আন্দোলনতো এওঁলোকে আন্তৰিকতাৰে অংশগ্ৰহণ কৰে। ভাষা আন্দোলনৰ সপক্ষে থকা এই সহযোগিতাক ডাঃ ধ্ৰুৱজ্যোতি বৰায়ো তেওঁৰ ‘অ’ মোৰ সুৰীয়া মাত’ গ্ৰন্থত উল্লেখ কৰিছে।

আন্দোলনৰ সময়ত আন্দোলনটোৰ সুবিধা গ্ৰহণ কৰি এচাম ৰাষ্ট্ৰীয় স্তৰৰ ৰাজনৈতিক নেতাই অসমীয়া জাতিৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ ৰচনা কৰাত উঠি-পৰি লাগিছিল,  অসমৰ চৰ-চাপৰিৰ বংগমূলীয় মুছলমানসকলক ৰক্ষা কৰাৰ নামত বৰাক উপত্যকাৰ বাংলাভাষী নেতাসকলৰ আগমন ঘটিল। যদিও স্বাভাৱিক কাৰণতে আত্মৰক্ষা বা আত্ম অধিকাৰৰ বাবে ইউ এম এফৰ দৰে সংগঠনৰ জন্ম হ’ল, তাৰ পিছফালে কিন্তু গণিখান চৌধুৰী, প্ৰণৱ মুখাৰ্জী আদি ব্যক্তিসকলে উগ্ৰ বাংলা ভাবধাৰা বিয়পাই দিয়াৰ ষড়যন্ত্ৰ চলাইছিল। গোলাম ওচমানিৰ দৰে নেতাই আনকি পোনপটীয়াভাৱে তেওঁলোকক অসমীয়া ভাষিক বৃত্তৰ পৰা ওলাই আহিবলৈ আহ্বান জনাইছিল।

এনেবোৰ ষড়যন্ত্ৰৰ বাবেই ১৯৯১ চনৰ পিয়লত এই লোকসকলে মাতৃভাষা ‘বাংলা’ লিখিব পাৰে বুলি এক আশংকাৰ উদ্ভৱ হৈছিল। এই আশংকাৰ অৱসান ঘটাই অসমীয়া ভাষাকে মোৰ বুলি ল’বলৈ ইলিমউদ্দিন দেৱান, ইছমাইল হোছেইন (জ্যেষ্ঠ) আদি লোকসকলে সকলোকে সচেতন কৰিছিল। ২০০১ চনত পুনৰ উদ্ভৱ হোৱা এনে আশংকা প্ৰতিৰোধ কৰিবলৈ ১৫-০৩-২০০১ তাৰিখে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত বিভিন্ন জিলাৰ পৰা প্ৰায় দুশ প্ৰতিনিধি সমৱেত কৰি এই অগ্ৰণী ব্যক্তিসকলে অসমীয়া ভাষাকে মাতৃভাষা হিচাপে লিখিবলৈ আহ্বান জনাইছিল। পুনৰ ২০১১ চনত বাংলাভাষীসকলৰ ষড়যন্ত্ৰই মূৰ দাঙি উঠিছিল আৰু তাৰ বিপক্ষে জনসভা কৰিবলৈ গৈ চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদ শাৰীৰিকভাৱে নিগৃহীত হৈছিল।

বংগমূলীয় অসমীয়া মুছলমান সকলৰ অসমীয়া ভাষাৰ প্ৰতি থকা এই আগ্ৰহ আৰু আন্তৰিকতাৰ বাবেই অসমৰ ব্যাপক চৰ-চাপৰি অঞ্চলত অসমীয়া ভাষাই এতিয়াও মাতৃভাষা আৰু মাধ্যমৰ মৰ্যাদা লাভ কৰি আছে। সাহিত্য ৰচনাৰ বাবে বা ভাষাটোক আপোন কৰি লোৱাৰ বাবে ভাষাটোৰ লগত একাত্মতাৰ একান্ত প্ৰয়োজন। তাৎপৰ্যপূৰ্ণ কথা আজি এই বংগমূলীয় অসমীয়া মুছলমানসকলৰ সমাজখনৰ পৰা ওলাই অহা বহুকেইগৰাকী সাহিত্যিকে বাংলা ভাষাত আঁক এটাও মাৰিব নোৱাৰে (মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ)৷ তেওঁলোকৰ সাহিত্য সাধনা সম্পূৰ্ণভাৱে অসমীয়া ভাষাকেন্দ্ৰিক।তেন্তে সন্দেহ কত ?

চৰ-চাপৰিৰ লোকসকলক সাহিত্য চৰ্চাৰ বাট কাটি দিয়ে জননেতা আতাউৰ ৰহমান আৰু এম ইলিমউদ্দিন দেৱানৰ সম্পাদনাত প্ৰকাশ পোৱা ‘আজান’ নামৰ পত্ৰিকাখনিয়ে। অসম সাহিত্য সভাৰ ঊনচল্লিশতম ধুবুৰী অধিৱেশনত সভাপতি হেম বৰুৱাই চৰ-চাপৰিৰ পৰা অসমীয়া ভাষাত কবিতা চৰ্চা কৰা ল’ৰা লগ পোৱা বুলি কৈছিল। বিয়াল্লিশতম তিতাবৰ অধিৱেশনত ডঃ সত্যেন্দ্ৰনাথ শৰ্মাই এইসকল লোকৰ মাজত ভাষা-সংস্কৃতিৰ প্ৰচাৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছিল। বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰীয়ে গোলাঘাট অধিৱেশনত ‘পূৰ্ববংগৰ পৰা অহা মুছলমানসকল ভাষা-সাহিত্যৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে’ বুলি সানন্দেৰে ঘোষণা কৰিছিল। মহিম বৰাদেৱে আৰু এখোজ আগুৱাই গৈ এওঁলোকৰ মাজৰ পৰা সাহিত্যিক, কবি, সমালোচক ওলাইছে বুলি মন্তব্য কৰিছিল।  বৰ্তমান সময়ত অসমীয়া সাহিত্যৰ প্ৰায়বোৰ দিশতে এওঁলোকৰ কৃতি পল্লৱিত হৈ উঠিছে।

১৯৬৫ চনৰ পৰা এম ইলিমউদ্দিন দেৱানৰ সম্পাদনাত প্ৰকাশিত ‘আজান’ পত্ৰিকাই এই সমাজখনৰ মাজত এদল কবিৰ জন্ম দিয়ে। এইক্ষেত্ৰত ১৯৬৪ চনতে ‘পোৰামাটি’ শীৰ্ষক কবিতাৰে কাব্যচৰ্চা আৰম্ভ কৰা ইছমাইল হোছেইনৰ নাম আমি উল্লেখ কৰিব লাগিব। তেখেতৰ নিজা কাব্য সংকলন নাই যদিও ফণী দাসৰ লগত যুটীয়াভাৱে সম্পাদনা কৰা ‘আকাশ’ নামৰ কাব্য সংকলখনিক ডঃ মহেশ্বৰ নেওগদেৱেও প্ৰশংসা কৰিছিল। ‘আজান’ৰ পাততে আত্মপ্ৰকাশ কৰা ছাকিনা খাতুন অসমীয়া সাহিত্যৰ এক পৰিচিত নাম। ‘শিল্পীৰ সপোন’, ‘জীৱনৰ পাত’, ‘মন নিজৰা’, ‘আত্মাৰ নিশব্দ ক্ৰন্দন’ আদি তেখেতৰ প্ৰকাশিত কাব্য গ্ৰন্থ।

‘আজান’ৰ লগত জড়িত আন লেখকসকলৰ কেইগৰাকীমান হ’ল– ছামচুল হুদা, দেৱান আব্দুল হামিদ, আব্দুল হাই, দেৱান আব্দুল কাদিৰ, এম ইব্ৰাহিম আলী, ৰিয়াজউদ্দিন আহমেদ, নবীৰ হুছেইন, আব্দুল কুদ্দুছ, আৰফান আলী, ইৰফানুল হক, আহম্মদ হুছেইন খান, জবেদ আলি আমিনুৰ ৰহমান (ছছিয়েল মিডিয়াত এক খলকনি তোলা মোৰ এজন প্ৰিয় ব্যক্তি তথা দাদা) ইত্যাদি। আতাউৰ ৰহমানে ‘আজান’ৰ পাততে ‘ন অসমীয়া’, ‘অনুপ্ৰৱেশকাৰীৰ সমস্যা’ আদি গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ উপৰি চৰ-চাপৰিৰ লোক-সাহিত্যও সংগ্ৰহ কৰিছিল। কবি হিচাপেই বিশেষভাৱে পৰিচিত হ’লেও ছাকিনা খাতুনে উপন্যাস ৰচনাতো হাত দিছিল। ‘কালজয়ী তৃষ্ণা’ তেওঁৰ অন্যতম উপন্যাস। ছাকিনা খাতুনৰ পৰৱৰ্তী সময়ৰ কেইগৰাকীমান লেখক হ’ল– চামানউদ্দিন দেৱান, ছামচুদ্দিন আহমেদ, জাহাংগীৰ পাছা, নবীৰ হুছেইন, হুমায়ুন কবীৰ, এম আকবৰ হুছেইন, আমিনুৰ ৰহমান ইত্যাদি। হুমায়ুন কবীৰে ‘ধুমকেতু’, এম আকবৰ হুছেইনৰ ‘স্পন্দন’, আবু ছায়েকে ‘সংগ্ৰাম’ আদি কবিতা সংকলনেৰে আত্মপ্ৰকাশ কৰিছে। সেইদৰে ছামানউদ্দিন দেৱানৰ প্ৰকাশিত গ্ৰন্থ হ’ল– ‘মধুৰ গল্প’। নবীৰ হুছেইনৰ প্ৰকাশিত পুথি হ’ল– ‘চৰ-চাপৰিৰ ফকৰা-যোজনা’, ‘মনৰ মুকুল’, ‘কঁহুৱা ফুল’, ‘লুইতৰ পাৰে পাৰে’, ‘ঝাউ গছৰ আঁৰে আঁৰে’ ইত্যাদি।

‘আজান’ আলোচনীৰ উপৰি সাপ্তাহিক ‘নীলাচল’, ‘কলাখাৰ’, ‘নাগৰিক’, ‘জনক্ৰান্তি’, ‘জনজীৱন’, ‘মুজাহিদ’ আদি কাততৰ মাজেৰে চৰ-চাপৰিৰ কেইবাগৰাকীও লেখকে আত্মপ্ৰকাশ কৰে। সত্তৰৰ পৰা আশীৰ দশকত আত্মপ্ৰকাশ কৰা এই লেখকসকলৰ ভিতৰত অন্যতম হ’ল– আবুল হাচান মোল্লা, আব্দুৰ ৰেজ্জাক, হবিবুৰ ৰহমান, আব্দুৰ ৰহমান ফিৰোজী, দিলোৱাৰ খণ্ডকাৰ, চুলতান আলী, কাছেমা খাতুন, মাৰ্ছিয়া খণ্ডকাৰ, আব্দুৰ ৰহমান মুস্তাফী, আব্দুৰ জব্বৰ মিঞা, অহিজুদ্দিন শ্বেখ, হাফিজ আহমেদ, তাজউদ্দিন আহমেদ, মৌলনা আব্দুল হামিদ, ডাঙ্ম ৰেজাউল কৰিম, ছামচুদ্দিন আহমেদ ইত্যাদি।

কেইবাগৰাকীও মিঞা লেখকে কাকত-আলোচনী সম্পাদনা কৰিও উলিয়াইছে। তদুপৰি কেইবাজনো লেখকে বৃহৎ গোষ্ঠীৰ আলোচনী-কাকতত চাকৰিও কৰিছে। এইসকলৰ ভিতৰত কেইগৰাকীমান হ’ল– আব্দুল খালেক, আনোৱাৰ হুছেইন, ৰেজাউল কৰিম, এম আকবৰ হুছেইন, ৰুহুল আমিন, আব্দুল ৰহিম মুস্তাফী, আবেদুৰ ৰহমান, তাজউদ্দিন আহমেদ, কামাল হায়দৰ, জমেশ্বৰ আলী, আৰশাদ আহমেদ, এম আব্দুল মজিদ খান, নবীৰ হুছেইন, ছফিউৰ ৰহমান ইত্যাদি।

কুৰি শতিকাৰ শেষৰ দশক দুটাত আত্মপ্ৰকাশ কৰা খবিৰ আদমেদ, ইছমাইল হোছেইন (কনিষ্ঠ) আৰু হাফিজ আহমেদ অসমীয়া কাব্য-সাহিত্যত পৰিচিত নাম। ১৯৮৭ চনত প্ৰথম কাব্য সংকলন ‘যেতিয়ালৈকে জীয়াই থাকে সূৰ্য’ প্ৰকাশিত হোৱাৰ পিছতে খবিৰ আহমেদে কবি হিচাপে অসমীয়া সমাজত বিশেষ সমাদৰ লাভ কৰে। আহমেদৰ অন্যান্য সংকলসমূহ হ’ল– ‘মৃত্যুৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদ’, ‘এইফালে ৰজা যায়’, ‘তোমাৰ চহৰত তুমি নাই’, ‘নাগৰিক আৰু অন্যান্য কবিতা’ ইত্যাদি। ইছমাইল হোছেইনৰ প্ৰকাশিত কবিতাপুথি হ’ল– ‘জীৱন আৰু মানুহ বিষয়ক’, ‘বিজ্ঞাপন’ ইত্যাদি। হোছেইনে সাম্প্ৰদায়িকতা বিৰোধী কবিতা সংকলন এখনো সম্পাদনা কৰিছে। আনহাতে হাফিজ আহমেদে বিগত দুটা দশক জুৰি বিভিন্ন কাকত-আলোচনীত কবিতা লিখি আছে। তেখেতৰ পৰৱৰ্তী স্তৰৰ চৰ-চাপৰিৰ বুকুৰ পৰা উঠি অহা আৰু কেইজনমান উল্লেখনীয় কবি হ’ল– খাইৰুল আলম, আব্দুল আলিম, জমশ্বেৰ আলী, মজিবুৰ ৰহমান ইত্যাদি। ইয়াৰ উপৰি একেবাৰে নতুন চাম যুৱক-যুৱতীৰ মাজতো ভালেকেইজন যুৱক-যুৱতীৰ মুখ দেখিবলৈ পোৱা গৈছে, যিসকলৰ কাব্য প্ৰতিভাই অসমীয়া কাব্য সাহিত্য চহকী কৰিব বুলি ধাৰণা কৰিব পাৰে।তাৰে ভিতৰত মাছুমা নাচৰিন, ফৰিদা ইয়াচমিন, জাহিদা আখতাৰুল ইছলাম, . . গল্পৰ ক্ষেত্ৰতো প্ৰথমেই নাম ল’ব পাৰি– এম ইলিমউদ্দিন দেৱান, ছাকিনা খাতুন আদি লেখসকলৰ। ‘অমৰ শ্বহীদ’ আৰু ‘আমেনীৰ মনোবল’ নামৰ গল্পপুথিৰে দেৱানে চৰ-চাপৰিবাসী মানুহৰ দুখ-বেদনা, আশা-অনুভৱৰ ছবি ফুটাই তুলিছিল। ছাকিনা খাতুনৰ একমাত্ৰ গল্পপুথি হ’ল ‘কোৰান’। অহিজুদ্দিন শেখে ‘সূত্ৰধাৰ’, ‘নতুন পৃথিৱী’, ‘বৰ লুইতৰ ধাৰ’ আদি কাকত-আলোচনীত গল্প লিখি নিজকে প্ৰতিষ্ঠা কৰিছে। তেখেতৰ প্ৰকাশিত গল্প সংকলন হ’ল– ‘বালিচৰ’। আনহাতে ‘পদুমকলি’ আৰু ‘সোণালী সপোন’ দুটি সংকলনেৰে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা আব্দুৰ ৰহমান মুস্তাফীয়ে এখন বহল মানৱতাবাদী সমাজৰ স্বপ্ন সন্মুখত ৰাখি তেওঁৰ সৃষ্টি অব্যাহত ৰাখিছে। খবিৰ আহমেদ মূলতঃ কবি যদিও তেখেতৰ ‘আকাশ’ নামৰ গল্পটোৱে ‘সাপ্তাহিক নীলাচল’-এ আয়োজন কৰা গল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিল। তেওঁৰ একমাত্ৰ গল্পপুথি ‘আকাল’। হাফিজ আহমেদে দীৰ্ঘদিন ধৰি প্ৰগতিশীল ধাৰাৰ বিভিন্ন কাকত-আলোচনীত গল্প লিখি আহিছে। তেখেতৰ প্ৰকাশিত গল্প সংকলন হ’ল–‘পাৰ’ আৰু ‘বেকীত যেতিয়া আহে বান’। ‘পাৰ’ সংকলনখনে অসমীয়া সাহিত্যত এক ‘পমুৱা প্ৰতিবাদী ধাৰা’ৰ সূচনা কৰা বুলি ডঃ হীৰেন গোহাঁইদেৱে মন্তব্য কৰিছে।

সাম্প্ৰতিক সময়ত চকুত পৰা কেইখনমান উল্লেখযোগ্য গল্পপুথি হ’ল– কাছেমা খাতুনৰ ‘জন্ম-যন্ত্ৰণা-আশা’, তছিমউদ্দিন আহমেদৰ ‘বালিচৰ’, আব্দুল কুদ্দুছৰ ‘অঞ্জলি’ ইত্যাদি। চৰ-চাপৰিৰ পৰা ওলাই অহা  যায়। বিশেষ কিছুমান সীমাৱদ্ধত অতিক্ৰম কৰিব পাৰিলে ভালেকেইজন গল্পকাৰে অধিক উন্নতমানৰ গল্পৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰিব পাৰিব বুলি মোৰ বিশ্বাস।

এই লেখকসকলৰ মাজৰ পৰা উপন্যাস সাহিত্যত হাত দিয়া লোকৰ সংখ্যা প্ৰথম অৱস্থাত কম আছিল যদিও সম্প্ৰতি বাঢ়িছে। এইক্ষেত্ৰত বিশেষভাৱে সফলতা অৰ্জন কৰিছে– ছামচুল হুদা আৰু ছাকিনা খাতুনে। হুদাৰ ‘হেৰোৱা দিন’, ‘ৰাজদ্ৰোহী’, ‘কস্তুৰী এজনী নেপালী ছোৱালী’ আদি উপন্যাসে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। একেদৰে ছাকিনা খাতুনৰ ‘কালজয়ী তৃষ্ঞা’ উপন্যাসো যথেষ্ট জনপ্ৰিয় হৈছিল। বিগত সময়ছোৱাৰ ভিতৰত চকুত পৰা উপন্যাসসমূহ হ’ল– চিৰাজউদ্দিন শিকদাৰৰ ‘নদীৰ’ নাম শিয়ালদ’, তাজুদ্দিন আহমেদৰ ‘আহত কপৌ’, আব্দুল কুদ্দুছৰ ‘মন কৰবী’, আব্দুল আওৱালৰ ‘সাধনা’, মমতাজ আলীৰ ‘দুঃসময়ৰ মালিতা’, ইছমাইল হোছেইনৰ ‘চাপৰিৰ সূৰ্য’, জমেশ্বৰ আলীৰ ‘জুয়ে পোৰা বসন্ত’, ‘ইউনিছ মুন্সীৰ মেকুৰী’, আব্দুছ ছামাদৰ ‘ধীৰে বৈ যায় চম্পাৱতী’ ইত্যাদি। তদুপৰি ৰমিচা বেগম, শ্বহিদুল ইছলাম আদি নতুন প্ৰজন্মৰ লেখকে নিজৰ সাধনা অব্যাহত ৰাখিছে।  ইয়াৰে কেইবাগৰাকীও লেখক যথেষ্ট সম্ভাৱনাপূৰ্ণ।

চিন্তামূলক প্ৰবন্ধৰ ক্ষেত্ৰতো চৰ-চাপৰিবাসীৰ কেইবাগৰাকীও লোকে বলিষ্ঠ ভূমিকা পালন কৰিছে। এইক্ষেত্ৰত আতাউৰ ৰহমান, এম ইলিমউদ্দিন দেৱান, ছাকিনা খাতুন, ইছমাইল হোছেইন আদি লোকসকলেই প্ৰথম গুৰি ধৰিছিল যদিও বৰ্তমান সময়ত ভালেকেইগৰাকী প্ৰবন্ধকাৰে বহু উচ্চমানৰ প্ৰবন্ধ উপহাৰ দিছে। এইসকলৰ ভিতৰত সকলোৰে নাম লোৱা সম্ভৱ নহয় যদিও ইছমাইল হোছেইন (কনিষ্ঠ), ডাঃ ৰেজাউল কৰিম, খবিৰ আহমেদ, আনোৱাৰ হুছেইন, ডঃ হাফিজ আহমেদ, ডঃ অহিজুদ্দিন শ্বেখ, ফজল আলী আহমেদ, ছোহৰাব আহমেদ, মোখলেছুৰ ৰহমান, ফয়েজুৰ ৰহমান, জমশ্বেৰ আলী, আব্দুল খালেক, আশ্ৰাফুল হুছেইন ইত্যাদি। অসমৰ দৈনিক আৰু সাপ্তাহিক সংবাদ পত্ৰসমূহত প্ৰতিবেদক হিচাপে ওলাই অহা বহুসংখ্যক যুৱক-যুৱতীয়েও অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙনি আগবঢ়াইছে। অসমৰ চৰ-চাপৰি অঞ্চলৰ এই বংগমূলীয় অসমীয়া মুছলমানসকলৰ যুৱ প্ৰজন্মটো বৰ্তমানৰ ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। বহুসময়ত ছ’চিয়েল মিডিয়াত ভালেমান অদৰকাৰী কথাৰো চৰ্চা হয় যদিও তাৰ মাজতো কেইবাজনো যুৱক-যুৱতীয়ে বেছ ভাল কবিতা বা টুকুৰা গল্প লিখে। সামাজিক সমস্যা সম্পৰ্কেও ভালেমান উল্লেখনীয় পোষ্ট দিয়ে। এই যুৱ প্ৰজন্মৰ মাজতো কিছু সম্ভাৱনাপূৰ্ণ উপস্থিতি দেখা যায়। “সামগ্ৰিকভাৱে পূৰ্ববংগীয় মুছলমানসকলৰ অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ লগত গঢ় লৈ উঠা আত্মীয়তাই এক নতুন দিশ মুকলি কৰি দিছে আৰু নতুন চাম-যুৱক-যুৱতীয়ে এই ভাষা-সাহিত্যিকে তেওঁলোকৰ ভাব প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছে। এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত হ’লে অসমীয়া জাতি গঠনৰ দিশটো অধিক সমৃদ্ধ আৰু শক্তিশালী হৈ উঠিব এইটো নিশ্চিত।জাতিৰ ভেটি মজবুত কৰাৰ ক্ষেত্ৰত এওলোকৰ অৱদান আছে আৰু আগলৈয়ো থাকিব। গেলা ৰাজনীতিৰে এওঁলোকক দমন কৰাৰ ভেহুদা প্ৰচেষ্টা নকৰাই জাতিৰ কাৰণে মংগল হব”৷