শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / গণতন্ত্ৰ দিৱসৰ ইতিহাস আৰু ইয়াৰ সৈতে জড়িত ৰোমাঞ্চকৰ তথ্য

গণতন্ত্ৰ দিৱসৰ ইতিহাস আৰু ইয়াৰ সৈতে জড়িত ৰোমাঞ্চকৰ তথ্য

দেশত প্রতিবছৰে ২৬ জানুৱাৰীৰ দিনটো গণতন্ত্র দিৱস হিচাপে পালন কৰা হয়। ১৯৫০ চনৰ এই দিনটোতে আমাৰ দেশত সংবিধান বলবৎ হৈছিল, যি উপলক্ষে ২৬ জানুৱাৰীৰ দিনটো গণতন্ত্র দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লােৱা হয়। এখন স্বতন্ত্র গণৰাজ্য হিচাপে গঢ় ল’বলৈ ভাৰতীয় সংবিধান সভাই ২৬ নৱেম্বৰ ১৯৪৯ত সংবিধান গ্রহণ কৰিছিল যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰাহে এই সংবিধান বলবৎ কৰা হয়। ভীমৰাও আম্বেদকাৰে এই সংবিধানখনক দুবছৰ এঘাৰ মাহ আৰু ১৮ দিনত প্রস্তুত কৰি ৰাষ্ট্ৰক সমর্পিত কৰিছিল। আমাৰ সংবিধান বিশ্বৰ সবাতােকৈ বৃহৎ সংবিধান বুলি মনা যায়। উল্লেখযােগ্য যে সংবিধান প্রস্তুতকর্তা সংবিধান সভাৰ অধ্যক্ষ আছিল বি আৰ আম্বেদকাৰ, ইয়াৰ বিপৰীতে জৱাহৰলাল নেহৰু, ডাঃ ৰাজেন্দ্র প্রসাদ, চদাৰ বল্লভ ভাই পেটেল, মৌলানা আবুল কালাম আজাদ আদি এই সভাৰ প্রধান সদস্য আছিল।

গণতন্ত্র দিৱসৰ ইতিহাস যথেষ্ট ৰােমাঞ্চকৰ। এখন স্বাধীন গণৰাজ্য হিচাপে গঢ় ল’বলৈ আৰু দেশত আইনৰ শাসন স্থাপিত কৰিবৰ বাবে সংবিধান ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান সভাই গ্রহণ কৰে আৰু ১৯৫০ৰ ২৬ জানুৱাৰীত ইয়াক এখন গণতান্ত্রিক চৰকাৰ প্ৰণালীৰ সৈতে বলবৎ কৰা হয়। ১৯২৯ চনৰ ডিচেম্বৰত লাহােৰত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধিৱেশন পণ্ডিত জৱাহৰলাল নেহৰুৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল। এই অধিৱেশনত প্ৰস্তাৱ পাৰিত কৰি এই কথা ঘােষণা কৰা হয় যে যদি ইংৰাজ চৰকাৰৰ দ্বাৰা ১৯৩০ চনৰ ২৬ জানুৱাৰী পর্যন্ত ভাৰতক ডমিনিয়নৰ মৰ্যদা দিয়া নহয়, তেনেহলে ভাৰতক সম্পূৰ্ণৰূপে স্বাধীন দেশ বুলি ঘােষণা কৰা হ’ব। ১৯৩০ চনৰ ২৬ জানুৱাৰীত যেতিয়া ইংৰাজ চৰকাৰে একো নকৰিলে, তেতিয়া কংগ্ৰেছে সেইদিনা ভাৰতৰ পূর্ণ স্বাধীনতাৰ নিশ্চয়তা ঘােষণা কৰে আৰু নিজৰ সক্রিয় আন্দোলন আৰম্ভ কৰে। সেইদিনাৰ পৰা ১৯৪৭ চনত দেশ স্বাধীন হােৱা পর্যন্ত ২৬ জানুৱাৰীৰ দিনটোক গণতন্ত্র দিৱস হিচাপে পালন কৰি অহা হৈছে। ইয়াৰ পিছত স্বাধীনতা প্রাপ্তিৰ বাস্তৱিক দিন ১৫ আগষ্ট ভাৰতৰ স্বাধীনতা দিৱস হিচাপে পালন কৰিবলৈ লােৱা হয়। ভাৰত স্বাধীন হােৱাৰ পিছত সংবিধান সভাৰ ঘােষণা হয় আৰু ই নিজৰ কাম ১৯৪৭ৰ ৯ ডিচেম্বৰৰ পৰা আৰম্ভ কৰে। সংবিধান সভাৰ সদস্য ভাৰতৰ ৰাজ্যসমূহৰ সভাসমূহৰ নির্বাচিত সদস্যৰ দ্বাৰা বাছনি কৰা হৈছিল।