শেহতীয়া খবৰ
Home / ক্ৰীড়া / ১০ বছৰ পিছত নিউজীলেণ্ডৰ মাটিত এদিনীয়া শৃংখলা দখল বিৰাট বাহিনীৰ

১০ বছৰ পিছত নিউজীলেণ্ডৰ মাটিত এদিনীয়া শৃংখলা দখল বিৰাট বাহিনীৰ

ডিজিটেল সংবাদঃ নিউজীলেণ্ডত চলি থকা পাঁচখনীয়া নেটমেডছ এদিনীয়া শৃংখলাত আজি তৃতীয়খন এদিনীয়াত ভাৰতে নিউজীলেণ্ডক ৭ উইকেটত পৰাস্ত কৰি ৩-০ৰ অগ্ৰগতিৰে শৃংখলা হস্তগত কৰে৷ উল্লেখ্য যে ২০০৯ চনৰ পিছত নিউজীলেণ্ডৰ মাটিত ভাৰতৰ এয়া প্ৰথন এদিনীয়া শৃংখলা দখল৷ আজি ঘৰুৱা দলটোৱে পোনতে বেটিং কৰি ৪৯ অ’ভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত ২৪৩ ৰাণ সংগ্ৰহ কৰে৷ নিউজীলেণ্ডৰ হৈ ৰ’ছ টেইলৰে ৯৩ ৰাণ আৰু লাথানে ৫১ ৰাণৰ বৰঙণি আগবঢ়ায়৷

মহম্মদ ছামীয়ে ৪১ ৰাণৰ বিনিময়ত ৩টা উইকেট লাভ কৰে৷ আনহাতে, নিষেধাজ্ঞাৰ পিছত ভাৰতীয় দললৈ ওভতা হাৰ্দিক পাণ্ডিয়াই ৪৫ ৰাণত ২টা, ভুৱনেশ্বৰ কুমাৰে ৪৬ ৰাণত ২টা আৰু যযুবেন্দ্ৰ চহলে ৫১ ৰাণৰ বিনিময়ত ২টা উইকেট লাভ কৰে৷ ভাৰতীয় দলৰ হৈ ৰোহিত শৰ্মাই সৰ্বাধিক ৬২ ৰাণৰ বৰঙণি আগবঢ়ায়৷ এয়া আছিল এদিনীয়া ক্ৰিকেটত ৰোহিতৰ ৩৯সংখ্যক অৰ্ধ-শতক৷ আনহাতে, কেৰিয়াৰৰ ৪৯সংখ্যক অৰ্ধ-শতকেৰে অধিনায়ক বিৰাট কোহলীয়ে দললৈ ৬০ ৰাণৰ বৰঙণি আগবঢ়ায়৷

উল্লেখ্য যে দ্বিতীয় উইকেটৰ যুটীত কোহলী-ৰোহিতে ১১৩ ৰাণৰ বৰঙণি আগবঢ়াই দলৰ বিজয়ৰ ভেটি মজবুত কৰে৷ ৰাইডুৱে ৪০ আৰু দীনেশ কাৰ্তিকে ৩৮ ৰাণত অপৰাজিত হৈ থাকে৷ নিউজীলেণ্ডৰ হৈ ট্ৰেণ্ট ব’ল্টে ৪০ ৰাণত ২টা আৰু ষ্টাণ্টনাৰে ৪৯ ৰাণ খৰচ কৰি ১টা উইকেট দখল কৰে৷