শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰী কাণ্ডত জড়িত আছিল কংগ্ৰেছ কৰ্মীঃ ৰঞ্জিত দাস

নলবাৰী কাণ্ডত জড়িত আছিল কংগ্ৰেছ কৰ্মীঃ ৰঞ্জিত দাস

ডিজিটেল সংবাদ, গুৱাহাটীঃ ‘পৰিৱেশ বিনষ্ট কৰিবলৈ শিল, লাঠি মজুত কৰি ৰাখিছিল কংগ্ৰেছে। নলবাৰীত আছুকৰ্মীক আক্ৰমণৰ ঘটনাত জড়িত আছিল কংগ্ৰেছকৰ্মী।’ – এই অভিযোগ অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ। আজি গুৱাহাটীত আয়োজিত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে নলবাৰীত সংঘটিত আছুকৰ্মী নিগ্ৰহৰ ঘটনাত প্ৰত্যক্ষভাৱে কংগ্ৰেছ কৰ্মী জড়িত থকাৰ অভিযোগ উত্থাপন কৰে।

সংবাদমেলত দাসে লগতে কয়, “থানাত কৰা মাৰপিটতো ছদ্মৱেশী কংগ্ৰেছী জড়িত আছিল, উচিত তদন্ত কৰি দোষীক শাস্তি দিয়ক নলবাৰী প্ৰশাসনে, আছুৱেও বিষয়টোত গুৰুত্ব দি তদন্তৰ আহ্বান কৰক, আছুৱে লাঠি লৈ কেতিয়াও প্ৰতিবাদ নকৰে, বিধেয়কখনক লৈ জনমত গঠন কৰিব লাগে।’

সংবাদমেলত বিজেপি সভাপতিগৰাকীয়ে আছু আৰু বিজেপিৰ ভাৱমূৰ্তি জনমানসত ম্লান কৰাৰ চেষ্টাৰে কংগ্ৰেছে এনে কাম কৰিছে বুলি অভিযোগ কৰে । সভাপতি দাসে লগতে সংবাদমেলতে ফটো প্ৰমাণো দাঙি ধৰি আছুকৰ্মীৰ মাজত কংগ্ৰেছ কৰ্মী থকা বুলি উল্লেখ কৰে।