শেহতীয়া খবৰ
Home / ক্ৰীড়া / এনইএফ আইন মহাবিদ্যালয়ৰ সহযােগত ছাই বিকাশ নর্থ ইষ্ট মিডিয়া ক্রিকেট চেম্পিয়নশ্বিপ

এনইএফ আইন মহাবিদ্যালয়ৰ সহযােগত ছাই বিকাশ নর্থ ইষ্ট মিডিয়া ক্রিকেট চেম্পিয়নশ্বিপ

দহ উইকেটত জয়ী প্রাগ নিউজ , প্রণয় বৰদলৈক মেন অৱ দ্য মেচ

ডিজিটেল সংবাদ, গুৱাহাটীঃ এনইএফ আইন মহাবিদ্যালয়ৰ সহযােগত দ্য এভাৰগ্ৰীণ গ্রুপৰ উদ্যোগত অনুষ্ঠিত হৈ থকা ছাই বিকাশ নর্থ ইষ্ট মিডিয়া ক্রিকেট চেম্পিয়নশ্বিপৰ কালি আনুষ্ঠিত গ্রুপ ডিৰ এখন খেলত প্রাগ নিউজে দূৰদৰ্শন কেন্দ্র গুৱাহাটীক দহ উইকেটৰ বিনিময়ত পৰাস্ত কৰে। গ্ৰুপ ডিৰ পৰা ইতিমধ্যে অসমীয়া প্রতিদিনে ছেমি ফাইনেললৈ যােগ্যতা অর্জন কৰাত এই খেলখনৰ গুৰুত্ব কম আছিল যদিও প্রাগ নিউজ আৰু দূৰদৰ্শন কেন্দ্র গুৱাহাটীয়ে সাৱলীল ক্রিকেটেৰে সকলােৰে মন জয়ী কৰে। প্রথমে বেট ধৰি দূৰদৰ্শন কেন্দ্র গুৱাহাটীয়ে আটাইকেইটা উইকেট হেৰুৱাই ১৯.১ অভাৰত ১৩৪ৰান সংগ্রহ কৰে। দলটোৰ হৈ মানৱ মেধীয়ে ৩৮, গৌতম শৰ্মাই ২৪, দ্বীপ কলিতাই ২১ৰান কৰাৰ বিপৰীতে বিধ্বংসী বলিঙৰে জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈয়ে তিনিটা উইকেট লাভ কৰে। প্রত্যুত্তৰত নৌসাৎ আলীৰ ৮১আৰু সঞ্জীত বাছফোৰেৰ ৪৭ৰান সহায়ত প্ৰাগে ১০.১ অভাৰত ১৩৬ ৰান কৰি বিজয় লক্ষ্যত উপনীত হয়। প্রাগ নিউজৰ পৰিচালন সম্পাদক প্রণয় বৰদলৈ মেন অৱ দ্য মেচ বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে কালিৰ খেলখনত অতিথি হিচাপে উপস্থিত আছিল দৈনিক গণ অধিকাৰ কাকতৰ পৰিচালন সঞ্চালক ছাহজাহান তালুকদাৰ। ছাই বিকাশ নর্থ ইষ্ট মিডিয়া ক্রিকেট চেম্পিয়নশ্বিপৰ অন্যতম উপদেষ্টা ছাহজাহান তালুকদাৰে অনাগত দিনত অধিক শক্তিশালীভাৱে এই প্রতিযােগিতাখন অনুষ্ঠিত কৰিবলৈ চেষ্টা চলােৱা হ’ব বুলি মন্তব্য কৰাৰ লগতে আগন্তুক বৰ্ষসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ পৰা অধিক দলে প্রতিযােগিতাখনত যােগদানৰ আশা প্রকাশ কৰি প্ৰথমবাৰৰ বাবে আয়ােজন কৰা খেলখনত অংশগ্রহণ কৰা দলসমূহত ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে আজি প্রতিযােগিতাখনত দুখনকৈ ছেমি ফাইনেল অনুষ্ঠিত হয়। প্রথমখন ছেমি ফাইনেল অসমীয়া প্রতিদিন আৰু দ্বিতীয়খন খেল নিউজ লাইভে জয়লাভ কৰি চূড়ান্ত খেলত প্ৰৱেশ কৰে৷ কাইলৈ অৰ্থাৎ ২ ফেব্ৰুৱাৰীত প্রতিযােগিতাখনৰ চুড়ান্ত খেল অনুষ্ঠিত হ’ব। উল্লেখ্য যে প্রতিযােগিতাখন অনুষ্ঠিত কৰাৰ বাবে ছাই বিকাশ শিক্ষা প্রতিষ্ঠান, এনইএফ ল’ কলেজ, দানকীন ও জেদ এ, ডালমিয়া চিমেন্ট আদিয়ে আর্থিকভাৱে সহায় আগবঢ়াইছে।