শেহতীয়া খবৰ
Home / ৰাজনীতি / বিধেয়কৰ বিৰুদ্ধে দিল্লীত তৎপৰ অগপঃ সাক্ষাৎ কৰিলে বিভিন্ন বিৰোধী দলৰ নেতাক

বিধেয়কৰ বিৰুদ্ধে দিল্লীত তৎপৰ অগপঃ সাক্ষাৎ কৰিলে বিভিন্ন বিৰোধী দলৰ নেতাক

ডিজিটেল সংবাদঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে দিল্লীত অগপ নেতৃত্বই আৰম্ভ কৰিছে বিশেষ তৎপৰতা। দলৰ নেতৃবৰ্গই শুকুৰবাৰৰে পৰা বিধেয়কখন বাতিলৰ বাবে সংসদত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা ৰাজ্যসভাৰ বিভিন্ন সাংসদক সাক্ষাৎ কৰে।

অগপৰ প্ৰতিনিধি দলটোৱে ৰাজ্যসভাত বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আহ্বান জনাই বিভিন্ন ৰাজনৈতিক দলৰ নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলৰ সাংসদৰ সৈতে আলোচনাত মিলিত হৈছে।

অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত প্ৰতিনিধি দলটোৱে শুকুৰবাৰে সন্ধিয়া ৰাজ্যসভাৰ বিৰোধী দলপতি গোলাম নবী আজাদক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰুদ্ধে বোটদান কৰিবলৈ আহ্বান জনায়।

কংগ্ৰেছ নেতাজনে এই সন্দৰ্ভত দলৰ সভাপতি ৰাহুল গান্ধীয়ে লোৱা সিদ্ধান্তৰ কথা প্ৰতিনিধি দলটোক জানিবলৈ দি ৰাজ্যসভাত বিধেয়কখন উত্থাপিত হ’লে কংগ্ৰেছী সাংসদসকলে বিধেয়কখনৰ বিৰুদ্ধে ভোট দিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে, অগপৰ প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি দলৰ নেতা ৰাম বিলাস পাছোৱান, আকালি দলৰ ৰাজ্যসভাৰ নেতা সুখদেৱ সিং ধিনছা, সমাজবাদী দলৰ নেতা ৰাম গোপাল যাদৱ আৰু শিৱসেনাৰ নেতা সঞ্জয় ৰাৱটকো সাক্ষাৎ কৰে৷