শেহতীয়া খবৰ
Home / ক্ৰীড়া / নর্থ ইষ্ট মিডিয়া ক্রিকেট চেম্পিয়নশ্বিপৰ খিতাপ দখল নিউজ লাইভৰ

নর্থ ইষ্ট মিডিয়া ক্রিকেট চেম্পিয়নশ্বিপৰ খিতাপ দখল নিউজ লাইভৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ এনইএফ আইন মহাবিদ্যালয়ৰ সহযােগত দ্য এভাৰগ্ৰীণ গ্রুপৰ উদ্যোগত অনুষ্ঠিত ছাই বিকাশ নর্থ ইষ্ট মিডিয়া ক্রিকেট চেম্পিয়নশ্বিপ ট্ৰফীৰ আজিৰ চূড়ান্ত খেল অনুষ্ঠিত হৈ যায়৷ চূড়ান্ত খেলত পাঁচ উইকেটেৰে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে নিউজ লাইভে৷ টচত জিকি প্ৰথমে বেটিং কৰিবলৈ আহি অসমীয়া প্ৰতিদিনে নিৰ্ধাৰিত ২০ অভাৰত আঠ উইকেটৰ বিনিময়ত ৯৯ অৰ্জন কৰিবলৈ সক্ষম হয় প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে৷ ১০০ ৰানৰ লক্ষ্য আগত লৈ নিউজ লাইভে প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে ১৪ অভাৰ ৪ বলত পাঁচটা উইকেটৰ বিনিময়ত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে৷ আজিৰ চূড়ান্ত খেলত সুন্দৰ প্ৰদৰ্শনেৰে মেচ অৱ দ্যা মেচ আৰু সমগ্ৰ টুৰ্ণামেন্টত উল্লেখযোগ্য প্ৰদৰ্শনেৰে মেন অৱ দ্যা চিৰিজ খিতাপ অৰ্জন কৰে নিউজ লাইভৰ খেলুৱৈ ৰঞ্জিৎ চাংমাইয়ে৷

চূড়ান্ত খেলৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেণ দত্ত, উপসভাপতি পৰিক্ষীৎ দত্ত, দৈনিক গণ অধিকাৰ কাকতৰ সঞ্চালক তথা ছাই বিকাশ নর্থ ইষ্ট মিডিয়া ক্রিকেট চেম্পিয়নশ্বিপৰ উপদেষ্টা সাহজাহান তালুকদাৰ, অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সহ সঞ্চালক মোঃ মোস্তাফা পিয়াৰ, দ্য এভাৰগ্ৰীণ গ্রুপৰ সভাপতি ইমদাদ খান, জিএমডিএৰ সম্পাদক পৰাগমণি মহন্ত, প্ৰাক্তণ ৰঞ্জী ক্ৰিকেটাৰ গৌতম হাজৰিকা, মহিলা ক্ৰিকেটাৰ মনিষা দাস, প্ৰশিক্ষক নবাব আলী প্ৰমুখ্যে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷