শেহতীয়া খবৰ
Home / আঞ্চলিক / দিল্লীত অসম ভৱনৰ পৰা উলিয়াই দিলে অখিল গগৈক

দিল্লীত অসম ভৱনৰ পৰা উলিয়াই দিলে অখিল গগৈক

ডিজিটেল সংবাদঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসমত বিভিন্ন জাতীয় দল-সংগঠনে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে নতুন দিল্লীত বিধেয়কখন বাতিলৰ দাবী লৈ বিভিন্ন ৰাজনৈতিক দলৰ সাংসদ তথা নেতাক সাক্ষাৎ কৰি জনমত গঠন কৰাৰ উদ্দেশ্যে দিল্লী অসম ভৱনত বাহৰ পাতিছিল কৃষক নেতা অখিল গগৈ৷ আজি অখিল গগৈ লগতে ৭০ টা সংগঠনৰ নেতাই বিৰোধী দলত সাংসদ সকলক সাক্ষাৎ কৰাৰ পিছত অসম ভৱনৰ পৰিসৰৰ ভিতৰত অখিল গগৈয়ে সম্বোধন কৰিছিল সংবাদ মেল। এই সংবাদ মেল সম্বোধন কৰাৰ পিছতে অসম ভৱন ত্যাগ কৰিব লগা হ’ল অখিল গগৈয়ে৷ অসম ভৱনৰ ১১১ নং কোঠাত যোৱা দুদিন ধৰি বাহৰ পাতি আছিল কৃষক নেতাগৰাকীয়ে। সংবাদ মেলত তেওঁ প্ৰধানমন্ত্ৰী অসমলৈ গ’লে ৰাজ্যজুৰি ক’লা পতাকা প্ৰদৰ্শনৰ হুংকাৰ দিছিল। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ আয়ুক্ত সচিব তথা অসম ভৱনৰ প্ৰধান আৱাসিক আয়ুক্ত সঞ্জয় লোহিয়াৰ নিৰ্দেশত উলিয়াই দিয়া হয় তেওঁক।