শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ১৬ বছৰীয়া হ’ল ফেচবুকঃ জানি লওঁক কিছু তথ্য

১৬ বছৰীয়া হ’ল ফেচবুকঃ জানি লওঁক কিছু তথ্য

✍️মোঃ আমিনুৰ ৰহমান, গুৱাহাটী

৪ ফেব্ৰুৱাৰী, ২০০৪ চনত মাৰ্ক জুকাৰবাৰ্গ, এডুৱাৰ্ড’ চাভেৰিন, ডাষ্টিন মস্কভাইট, ক্ৰিছ হিউজেছ নামৰ ব্যক্তি চাৰিজনৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰিছিল বিশ্বৰ আটাইতকৈ জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকে। আমেৰিকাৰ কিছুমান বিশ্ববিদ্যালয়ত নবাগত সকলে ইজনে সিজনক চিনি পোৱাত সহায় হ’বলৈ ‘ফেইচবুক’ বুলি এটা নিজা ইণ্টাৰনেট “ডাইৰেক্টৰী চাৰ্ভিছ” (ৱেবচাইট) ব্যৱহাৰ কৰি তেওঁলোকৰ বিতং তথ্য প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে। ইয়াৰ পৰাই ফেইচবুক নামটো লোৱা হৈছিল। প্ৰথমাৱস্থাত ফেচবুকটো কেৱল আমেৰিকাৰ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সীমাবদ্ধ আছিল। কিন্তু দিনক দিনে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা। ২০১৩ চনত গোটেই বিশ্বত ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা আছিল ১.১৩ বিলিয়ন কিন্তু বৰ্তমানলৈ এই সংখ্যা বৃদ্ধি হৈ ১.৭৪ বিলিয়ন হৈছে ।

এটা বিশেষ সূত্ৰৰ তথ্য অনুসৰি আপুনি জানিলে আচৰিত হব যে ২০১৮ চনৰ ১৩ জুলাই তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই ভাৰত বিশ্বৰ ভিতৰত আটাইতকৈ বেছি ফেচবুক ব্যৱহাৰকাৰী দেশ হিচাপে পৰিগণিত হয়। ফেচবুক ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত বৰ্তমান বিশ্বৰ শীৰ্ষস্থানত থকা দেশ ভাৰতত মুঠ ২৪১ মিলিয়ন লোকে ফেচবুক ব্যৱহাৰ কৰাৰ বিপৰীতে ফেচবুক ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থকা আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ ফেচবুক ব্যৱহাৰকাৰী হল ২৪০ মিলিয়ন।