শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / অনুমোদনৰ বাবে পৰিপূৰক বিধেয়ক হিচাপে ৰাজ্যসভাত দাখিল কৰা হ’ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ ৰাম মাধৱ

অনুমোদনৰ বাবে পৰিপূৰক বিধেয়ক হিচাপে ৰাজ্যসভাত দাখিল কৰা হ’ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ ৰাম মাধৱ

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিজেপিৰ উত্তৰ-পূৱৰ দায়িত্বত থকা সাধাৰণ সম্পাদক ৰাম মাধৱে কয় যে চলিত ৰাজ্যসভাতে গৃহীত কৰাৰ বাবে উত্থাপন কৰা হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক। অৱশ্যে পৰিপূৰক বিধেয়ক হিচাপেহে উত্থাপিত হ’ব এই বিধেয়ক। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইউ এন আইক দিয়া এক সাক্ষাৎকাৰক ৰাম মাধৱে কয় যে গৃহ মন্ত্ৰালয়ে সকলো পক্ষৰে অহৰহ বাৰ্তালাপ কৰি আছে আৰু আশা কৰো শীঘ্ৰেই এই বিধেয়কখন উচ্চ সদনত দাখিল কৰিব পৰা যাব।

তেওঁ লগতে কয় যে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাত এই বিধেয়ক উত্থাপনৰ দিশটো উল্লেখ নাছিল, আৰু সেয়েহে ৰাজ্যসভা চলি থকা কালতে যিকোনো সময়তেই এই বিধেয়কখন পৰিপূৰক বিধেয়ক হিচাপে উচ্চ সদনত উত্থাপন কৰিব পৰা যাব। উল্লেখ্য যে নেছ’, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০ টা সংগঠনৰ উপৰি ড. হীৰেণ গোঁহাই, মনজিৎ মহন্তৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকেও এই সংক্ৰান্তত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক কালি নতুন দিল্লীত সাক্ষাৎ কৰে। ৰাজ্যসভাত উত্থাপিত হ’ব পৰা এই বিধেয়কৰ বিৰুদ্ধে তীব্ৰ জনমত গঢ়াৰ বাবেই এই সাক্ষাৎ বুলিও জানিব পৰা গৈছে।