শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / চেন্নাইৰ ৰেষ্টুৰেন্টত ৰবটে গ্ৰাহকক পৰিৱেশন কৰিছে খাদ্য

চেন্নাইৰ ৰেষ্টুৰেন্টত ৰবটে গ্ৰাহকক পৰিৱেশন কৰিছে খাদ্য

ডিজিটেল সংবাদ, গুৱাহাটীঃ এক অদ্ভুত পৰিবেশ বিৰাজ কৰি আছে চেন্নাইৰ এখন ৰেষ্টুৰেন্টত৷ উল্লেখ্য যে ৰবটে বিভিন্ন ধৰণৰ কামকাজ কৰাৰ কথা প্ৰায়ে শুনিবলৈ পোৱা যায়৷ বিশেষকৈ বিদেশৰ বিভিন্ন চহৰত ৰবটে মানুহে কৰা ধৰণেই বহুত কাম কৰি আহিছে৷ আমাৰ দেশতো শেহতীয়াকৈ ৰবটে মানুহৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিছে৷ চেন্নাইৰ পৰুৰ অঞ্চলৰ এখন ৰেষ্টুৰেন্টত গ্ৰাহকসকলক খাদ্য সামগ্ৰী যোগান ধৰাৰ কথাই সকলোকে আচৰিত কৰি তুলিছে৷ সেই বিশেষ ৰেষ্টুৰেন্টত থকা ৰবটে গ্ৰাহক অহাৰ লগে লগে ইংৰাজী আৰু তামিল ভাষত অভিবাদন জনোৱা লগতে বহিবলৈ কয় আৰু গ্ৰহকে নিজৰ পছন্দ অনুযায়ী দিয়া অৰ্ডাৰ অনুযায়ী ৰবটে গ্ৰাহকক খাদ্যৰ লগতে পানীয় সামগ্ৰী যোগান ধৰে৷ ৰেষ্টুৰেন্টখনত বহুকেইটা পুৰুষৰ দৰে সাজি উলিওৱা ৰবট থকাৰ লগতে অভ্যৰ্থনা কাউন্টাৰত ৰখা হৈছে মহিলা আকৃতিত সাজি উলিওৱা এটি বিশেষ ৰবট৷
এই মহিলা ৰবটে ৰেষ্টুৰেন্টখনত প্ৰৱেশ কৰা গ্ৰাহক সকলক অভিবাদন জনোৱাৰ লগতে গ্ৰাহকসকলে আহাৰ গ্ৰহণ কৰি ওলাই যোৱাৰ সময়ত বিদায় সম্ভাষণো জনায়৷ ৰেষ্টুৰেন্টখনৰ  কৰ্মকৰ্তাই প্ৰকাশ কৰা তথ্য অনুসৰি গ্ৰাহকক খাদ্য সামগ্ৰী যোগান ধৰা প্ৰতিটো ৰবট ক্ৰয়ৰ বাবদ ৰেষ্টুৰেন্টখনৰ কৰ্তৃপক্ষই পাঁচ লাখকৈ টকা খৰচ কৰিবলগীয়া হৈছে৷ বিদেশৰ বহু ৰেষ্টুৰেন্টত ৰবটে খাদ্য সামগ্ৰী পৰিৱেশন কৰাৰ কথা নতুন হৈ থকা নাই যদিও ভাৰতত পিছে এনে ঘটনা এয়াই প্ৰথম বুলি ক’ব পাৰি৷ ৰেষ্টুৰেন্টখনলৈ এতিয়া মানুহৰ লানি লগা পৰিলক্ষিত হৈছে৷