শেহতীয়া খবৰ
Home / আঞ্চলিক / পাচলিৰ পৰা চাউল-ডালি সকলো পাওঁক এতিয়া হোম ডেলিভাৰী আপোনাৰ চহৰ গুৱাহাটীত

পাচলিৰ পৰা চাউল-ডালি সকলো পাওঁক এতিয়া হোম ডেলিভাৰী আপোনাৰ চহৰ গুৱাহাটীত

ঘৰৰ বজাৰ কৰিবলৈ আপোনাৰ হাতত সময় নাই নেকি ?

দিনটো কাৰ্য্যালয়ত কাম কৰাৰ পিছত আবেলি বজাৰত সোমাই দামদৰ কৰি নিত্য প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী কিনিবলৈ আপোনাৰ ধৈৰ্য্য নহয় নেকি ?

ডিজিটেল সংবাদ, গুৱাহাটীঃ এতিয়া আৰু এইবোৰ চিন্তা কৰিব নালাগে৷ এতিয়া আপোনাৰ পাকঘৰৰ ব্যৱহাৰ্য্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঘৰুৱা ব্যৱহাৰ্য্য প্ৰতিটো নিত্য প্ৰয়োজনীয় সামগ্ৰী আপোনাৰ এটি ফোন কলতে আপোনাৰ দুৱাৰ মুখত বিনামূলীয়াকৈ দি যোৱাৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটীত আৰম্ভ হ’বলৈ লৈছে এটি বিশেষ সেৱা৷

‘টুকুৰী’

১ মাৰ্চ ২০১৯ তাৰিখৰ পৰা গুৱাহাটী মহানগৰৰ গণেশগুৰি, ৰাজধানী মছজিদ, হাতীগাঁও, বেলতলা আৰু লালমাটি অঞ্চলত উপলব্ধ এই সেৱা আৰু অতি কম সময়ৰ ভিতৰতে মহানগৰীৰ আন আন স্থান সমূহতো লাহে লাহে উপলব্ধ হ’ব এই সেৱা৷ সতেজ শাক-পাচলিৰ পৰা আৰম্ভ চাউল-ডালিৰ লগতে ঘৰুৱা ব্যৱহাৰ্য্য প্ৰতিটো সামগ্ৰী ফোন কৰি অৰ্ডাৰ দিয়াৰ লগে লগে এটি নূন্যতম সময়ৰ ভিতৰত ডেলিভাৰী দিয়া হ’ব বুলি কয় ‘টুকুৰী’ কৰ্তৃপক্ষই জনায়৷ গুগল প্লে’ ষ্ট্ৰ’ৰত ‘Tukuri’ নামেৰে অতিশীঘ্ৰে এই সেৱাৰ এনড্ৰয়েড এপলিকেচন উপলব্ধ হ’ব আৰু আপুনি যিকোনো স্থানৰ পৰা আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী ঘৰত পোৱাকৈ অৰ্ডাৰ কৰিব পাৰিব৷