শেহতীয়া খবৰ
Home / আঞ্চলিক / নাহৰকটীয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিকৃতি দাহ

নাহৰকটীয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিকৃতি দাহ

বিদ্যুৎ মহন্ত, নাহৰকটীয়াঃ সদৌ অসম ছাত্ৰসন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে নাহৰকটীয়াতো নাহৰকটীয়া আঞ্চলিক ছাত্ৰসন্থাই ৰেলগেটৰ সন্মুখৰ ৰাজপথত জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ৰ প্ৰতিকৃতি দাহ কৰে৷ এই প্ৰতিবাদী কাৰ্য্যসূচীত আছুৰ কৰ্মকতাৰ লগতে অঞ্চলটোৰ যথেষ্ট সংখ্যক ৰাইজে অংশগ্ৰহণ কৰে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি-আৰ এচ এচ গ’ বেক, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি বিভিন্ন শ্ল’গান দি নাহৰকটীয়াৰ আকাশ বতাহ কপাই তোলে৷ উল্লেখযোগ্য যে, নাহৰকটীয়া আঞ্চলিক ছাত্ৰসন্থাৰ উপদেষ্টা বিতুপণ গগৈ, সভাপতি ঋতুপৰ্ণ গগৈ অৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতিম গগৈয়ে জানিবলৈ দিয়ে যে এই জাতিধ্বংসী বিলখন কোনো কাৰণতে আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে তথা অসমৰ খিলঞ্জীয়া ৰাইজে মানি নলয় আৰু এই বিল বাতিল নোহোৱা পয্যন্ত আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তুলিব৷ নাহৰকটীয়া আঞ্চলিক ছাত্ৰসন্থাৰ অন্তৰ্গত জয়পুৰ শাখা ছাত্ৰসন্থা, নাহৰকটীয়া মহাবিদ্যালয়ৰ আছু গোট, নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভায়েও নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ খন দাহ কৰে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক খন বাতিলৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰণিধানযোগ্য যে আছু তথা খিলঞ্জীয়া ৰাইজৰ এই প্ৰতিবাদে সৰ্বানন্দ সোণোৱালৰ চকু মেল খুৱাব নে নোখোৱাই সেয়াহে লক্ষণীয় বিষয় হৈ পৰিছে৷