শেহতীয়া খবৰ
Home / ৰাজনীতি / বিজেপিৰ হৈ ২০১৯ত নিৰ্বাচন খেলিব ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে

বিজেপিৰ হৈ ২০১৯ত নিৰ্বাচন খেলিব ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে

ডিজিটেল সংবাদঃ দীৰ্ঘদিন ধৰি খেলপথাৰত বেট-বলৰ সৈতে যুঁজ দি থকাৰ পাছতে সক্ৰিয় ক্ৰিকেট জগতৰ পৰা বিদায় লোৱা বীৰেন্দ্ৰ ছেহৱাগ এইবাৰ নামিব ৰাজনীতিৰ পথাৰত। ২০১৯ৰ লোকসভা নিৰ্বাচনত ৰোহটক সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগক প্ৰাৰ্থিত্ব দিয়াৰ চিন্তা-চৰ্চা চলিছে।

দেওবাৰে হাৰিয়ানাৰ নিৰ্বাচন সন্দৰ্ভত দলৰ উচ্চ নেতৃত্বৰ এক বৈঠকত কংগ্ৰেছৰ দিপেন্দৰ সিং হুডাক পৰাস্ত কৰাৰ লক্ষ্যৰে ছেহৱাগক প্ৰাৰ্থিত্ব দিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয়। হুডা এই সমষ্টিত একেৰাহে তিনিবাৰৰ বিজয়ী। অৱশ্যে হাৰিয়ানাৰ বিজেপি সভাপতি সুভাষ বাৰালাই প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক প্ৰাৰ্থিত্ব দিয়াৰ সন্দৰ্ভত কোনো আলোচনা হোৱা নাই বুলি মন্তব্য কৰিছে।  তেওঁৰ মতে- দলে চিৰছা সমষ্টিত কংগ্ৰেছ ত্যাগ কৰি অলপতে বিজেপিত যোগদান কৰা চুফী গায়ক হংসৰাজ কংসক প্ৰাৰ্থিত্ব দিয়াৰো ইংগিত প্ৰদান কৰে।