শেহতীয়া খবৰ
Home / Uncategorized / মাজুলী জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

মাজুলী জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলী জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত পৰিতোষিক বৃদ্ধি আৰু ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ বিৰুদ্ধে মাজুলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিবৰ শেহতীয়া জাননী যোগেদি ৰাজ্যখনৰ ২৮ খন জিলাৰ প্ৰাথমিক বিদ্যালয়বোৰত কেন্দ্ৰীয় ৰন্ধন শালাৰ জৰিয়তে ১৫ টাকৈ স্বেচ্ছাসেৱী সংস্থাক মধ্যাহ্ন ভোজনাৰ খাদ্য বিতৰণৰ দায়িত্ব দিয়া হৈছে। এই বেচৰকাৰী সংস্থাৰ হাতলৈ নিয়াৰ বিৰুদ্ধে আজি পুৱা ১১-০০ বজাৰৰ পৰা মাজুলীৰ সদৰ গড়মূৰত সহস্ৰাধিক প্ৰতিবাদ কৰিয়ে হাতে, হাতে বিভিন্ন প্লে’ কাৰ্ড লৈ আমাৰ চাকৰি নিয়মীয়া কৰক, আমাৰ দৰমহা বৃদ্ধি কৰক,  বেচৰকাৰী খণ্ডলৈ  হস্তান্তৰ নকৰিব, আমাৰ দাবী মানিবই লাগিব আদি শ্ল’গান দি প্ৰতিবাদ কাৰি সকলে গড়মূৰ তিনিআলিত ৰেলি কৰি মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। মাজুলী জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ হৈ সভানেত্ৰী সাবিত্ৰী দলে পতিৰ আৰু সম্পাদক ফণিধৰ শইকীয়াৰ স্বাক্ষৰিত স্মাৰক পত্ৰৰ দাবী সমুহ এনে হঠকাৰী সিদ্ধান্তৰ বাতিলৰ জনোৱাৰ লগতে মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী সংস্থাক গতোৱাৰ সিদ্ধান্ত তৎক্ষণাৎ পত্যাহাৰ  কৰা, অসম চৰকাৰে ৰন্ধন কৰ্মীক অতিৰিক্ত মাননি দিয়া, ৰন্ধন কৰ্মী সকলৰ বাবে চিকিৎসা, পেঞ্চন আৰু সামাজিক সুৰক্ষা প্ৰদানৰ কৰাৰ দাবী সম্বলিত স্মাৰক পত্ৰ মাজুলীৰ উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰে। এই দাবী সমুহ সমাধান নহলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ কথা সম্পাদকে জানিবলৈ দিয়ে।