শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / অৰুণাচলত দূৰদৰ্শন কেন্দ্ৰ অৰুণ প্ৰভা মুকলিৰ লগতে প্ৰধান মন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিলে কেইবাটাও প্ৰকল্পৰ

অৰুণাচলত দূৰদৰ্শন কেন্দ্ৰ অৰুণ প্ৰভা মুকলিৰ লগতে প্ৰধান মন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিলে কেইবাটাও প্ৰকল্পৰ

ডিজিটেল সংবাদঃ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আজি পুৱা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত উপস্থিত হয়৷ ইটানগৰত তেওঁ দূৰদৰ্শন কেন্দ্ৰ অৰুণ প্ৰভা মুকলি কৰে৷ লগতে চেলা সুৰংগ, হোলেঙি গ্ৰীণ ফিল্ড বিমনাবন্দৰ, এফ টি টি আইৰ স্থায়ী ভৱনকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ইটানগৰত জনসভাক সম্বোধন কৰি প্ৰধান মন্ত্ৰী মোডীয়ে উল্লেখ কৰে যে বৰ্তমান এন ডি এ চৰকাৰৰ কাৰ্যকালত অৰুণাচল প্ৰদেশৰ উন্নয়ন ত্বৰান্বিত হৈছে৷ বৰ্তমান অৰুণাচল প্ৰদেশৰে দেশৰ অন্যান্য অঞ্চলৰ ৰে’ল আৰু বিমান যোগাযোগৰ উন্নতি ঘটিছে৷

ভাষণ প্ৰসংগত তেওঁ সম্পূৰ্ণ অৰুণাচল ৰে’ল পথেৰে সংযুক্ত হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ পূৰ্বৰ চৰকাৰৰ ৫৫ বছৰীয়া শাসনকালত অৰুণাচলৰ যিমান উন্নতি হৈছিল এন ডি এ চৰকাৰৰ ৫৫ মাহত তাৰ দুগুণ উন্নয়ন হৈছে বুলিও প্ৰধান মন্ত্ৰীয়ে উল্লেখ কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন হ’লেহে নতুন ভাৰতৰ ধাৰণা সুদৃঢ় হ’ব বুলি তেওঁ মন্তব্য কৰে৷ ভাষণ প্ৰসংগত প্ৰধান মন্ত্ৰীয়ে চলিত বৰ্ষৰ বাজেটত দেশৰ কৃষকৰ উন্নয়নৰ বাবে থকা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ জৰিয়তে অৰুণাচলৰ কৃষকসকলো লাভান্বিত হ’ব বুলি কয়৷ উল্লেখ্য যে আজি প্ৰধান মন্ত্ৰীয়ে অৰুণাচলত মুঠ ৪ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷