শেহতীয়া খবৰ
Home / আঞ্চলিক / আন্তঃমহাবিদ্যালয় টাইকোৱনডোত নলবাৰীলৈ তিনিটা পদক

আন্তঃমহাবিদ্যালয় টাইকোৱনডোত নলবাৰীলৈ তিনিটা পদক

ডিজিটেল সংবাদ, নলবাৰীঃ যোৱা ৬ আৰু ৭ ফেব্ৰুৱাৰীত গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা সদৌ অসম আন্তঃ মহাবিদ্যালয় টাইকোৱানডো প্ৰতিযোগিতাত নলবাৰী জিলালৈ সুনাম কঢ়িয়াই আনিছে নলবাৰীৰ তিনি খেলুৱৈয়ে। নলবাৰী বৰমা ৰোডস্থিত ‘এক্সিলেঞ্চ টাইকোৱানডো ট্ৰেইনিং চেন্টাৰ’ৰ প্ৰশিক্ষণৰত তিনিজন খেলুৱৈ যথাক্ৰমে আফতাব ৰহমান (৫৪ কেজি অনুৰ্ধ চিনিয়ৰ) ল’ৰা শাখাত সোণৰ পদক, দিগন্ত ৰয় (৮৭ কেজি উৰ্দ্ধৰ  চিনিয়ৰ) ল’ৰা শাখাত সোণৰ পদক আৰু জ্যোতিষ্মান দত্তই (৫৮ কেজি অনুৰ্ধ চিনিয়ৰ) ল’ৰা শাখাত ৰূপৰ পদক দখল কৰি সমগ্ৰ নলবাৰী জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে। ইফালে তেওঁলোকৰ এই সাফল্যত তেওঁলোকে প্ৰতিনিধিত্ব কৰা যথাক্ৰমে বজালী মহাবিদ্যালয়, নলবাৰী বানিজ্য মহাবিদ্যালয় আৰু নলবাৰী মহাবিদ্যালয়তো আনন্দৰ ঢৌৰ সৃষ্টি হৈছে। খেলুৱৈ তিনিজনৰ এই সাফল্যত নলবাৰী জিলা টাইকোৱানডো সন্থাৰ সভাপতি দেৱাশীষ পাঠক আৰু সাধাৰণ সম্পাদক দিগন্ত বৰ্মনে খেলুৱৈসকলক শুভেচ্ছা আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।